জীৱন জুলাই(২০০৫)


জীৱন’ৰ ১০ টা প্ৰশ্নৰ উত্তৰত…..
জুবিন গাৰ্গ

১ আপোনাৰ সফলতাৰ মন্ত্র কি?

জুবিন: কোনো মন্ত্র নাই। মোব কষ্ট আৰু অধ্যৱসায়ৰ ফল হৈছে মোৰ সফলতা।

২ অসমৰ ভৱিষ্যত সম্পৰ্কে আপুনি কি ভাবে?

জুবিন: মই আশাবাদী, বিচাৰোঁ শান্তি আহক, দুর্নীতিবোৰ কমি যাওক। দেশখন সুন্দৰ হওক।

৩ অসমৰ এগৰাকী অতি জনপ্রিয় শিল্পী হিচাপে আপোনাৰ যি সামাজিক স্থিতি, সেই স্থিতিত থাকি আপুনি কোনোধৰণৰ সামাজিক দায়বদ্ধতা অনুভৱ কৰে নেকি?

জুবিন: মই সদায় অনুভৱ কৰোঁ অসমৰ নাগৰিক হিচাপে, এজন প্রকৃত অসমীয়া হিচাপে মোৰ বহুত কৰ্তব্য আছে। সেয়ে মই বিভিন্ন সামাজিক কামত আজিকালি আত্মনিয়োগ কৰিছোঁ। ময়ো বিচাৰোঁ-অসমখন সুন্দৰকৈ গঢ়াত মোৰ কিছু অৱদান থকাটো।

৪ বিভিন্ন সময়ত আপুনি কিছুমান বিতর্কত সোমাই পৰে, যেনে- জাতীয় সংগীত, বিশ্ববিদ্যালয়ত জ্যোতি সংগীতৰ প্ৰসংগ, ৰাজহুৱা অনুষ্ঠান পৰিৱেশনৰ সময়ত আপোনাৰ পোছাক-পৰিচ্ছদ আৰু ব্যৱহাৰ আদি। এই বিতৰ্কবোৰৰ বিষয়ে আপুনি কি ক’ব খোজে আৰু এনেধৰণৰ বিতৰ্কই আপোনাৰ সৃষ্টি আৰু জনপ্রিয়তাক প্রভারিত কৰে নেকি?

জুবিন: বিতর্কবিলাক সাময়িক। এইবিলাকে মোৰ সৃষ্টিত একো প্রভার নেপেলায়। মই এটা কথা জানো- ভাল কাম কৰিলে মানুহে কেতিয়াও নাপাহৰে।

৫ আজিৰ পৰা ১০ বছৰৰ পাছত আপোনাৰ গান, সুৰ, জনপ্রিয়তা আৰু স্টেটাছ কি পর্যায়ত থাকিবগৈ বুলি আপোনাৰ আজি ধাৰণা হয়?

জুবিন: জনপ্রিয়তা হয়তো আৰু অলপ বাঢ়িব পাৰে। ষ্টেটাছ নিৰ্ভৰ কৰিব মই নিজক কেনেদৰে মে’নটে’ন কৰিম তাৰ ওপৰত। মোৰ গান আৰু সুৰত বহুতো সলনি হ’ব।

৬ ‘ জীৱন ‘ মানে কি বুলি ভাবে?

জুবিন: মই নিজে কর্মত বিশ্বাসী- গোটেই জীৱনটো সৃষ্টিশীল কাম কৰি যোৱাৰেই ইচ্ছা।

৭ কাৰ গান শুনি ভাল পায়?

জুবিন: ভাল গান হ’লে সকলোৰে শুনো। কিশোৰ কুমাৰ, জয়ন্ত হাজৰিকা, স্ট্রিং-এওঁলোক মোৰ প্রিয়। বিভিন্ন দেশৰ লোকসংগীতো শুনো।

৮ গানৰ বাহিৰে প্রিয় নিচা?

জুজুবিন বশী বাৰ্তা, জুবিন দ্ৰব্য। বেদ

Leave a Reply

Your email address will not be published. Required fields are marked *