ইতিবাচক জীৱন-যাপনে আমাক কৰি তুলিব পাৰে ক্ষমতাশালী
উদাহৰণস্বৰূপে কেইবছৰমান আগৰ মোধ চিনাকি মানুহ এজনৰ কথা কওঁ। অলপতে অস্থায়’র কলম্বাছত এটা বক্তৃতা প্রদান কৰিবলৈ যাওঁতে এনিশা হঠাৎ মোব তেওঁৰ কথা মনত পৰিল। মই এখন হোটেলৰ ২৮৮ মহলাৰ কোঠা এটাত আছিলো-য’ৰ পৰা সমগ্র চহৰখনৰ এটা সুন্দৰ বিহংগম দৃশ্য চকুত পবে। তাব পৰা মই দেখা পালোঁ কেইটামান প্রাচীন শিলব অট্টালিকা। কলম্বাছৰ প্রাক্তন বাসিন্দা হোৱা বাবে মই এই অট্টালিকাকেইটা চিনি পালোঁ। সেইকেইটা হ’ল অ’হায়’ বাজাব। পুৰণি কাৰাগাব।
অ’হায়’ৰ বিভিন্ন চহৰত যেতিয়া মই যৌবন পাৰ কৰিছিলোঁ, তেতিয়া লগ পোৱা সমনীয়াসকলৰ কথা মই প্রায়ে ভাবো। চিনচিনাটি, কলম্বাছ, বেলেফ টে’ন, ডেলারেৰ আদি চহৰৰ সেই যুবক-যুবতীসকলৰ কথা ক’বলৈ পাই সুখী যে তেওঁলোকৰ প্রায় প্রত্যেকেই জীবনত ভালদৰে প্রতিষ্ঠিত হ’ল, এচামৰতো খুবেই ভাল হ’ল। কিন্তু অ’হায়’ৰ সেই পুৰণি কাৰাগাৰলৈ চাওঁতে মনত পৰিল আমাৰ মাজৰে এজনে জীবনত প্রতিষ্ঠিত হ’ব নোৱাৰিলে। কলেজৰ পৰা সুখ্যাতিৰে গ্রেজুয়েট হোরা আকর্ষণীয় ব্যক্তিত্বৰ সেই যুৱকজন যে এদিন কাৰাগাৰ আৱাসী হ’বগৈ আমি কোনেও আশা কৰা নাছিলো। ধুনীয়া সৰু গাঁও এখনত ডাঙৰ-দীঘল হোৱা ল’বাজন স্থানীয় বেংকৰ শীর্ষ বিষয়ান পদত অধিষ্ঠিত হোৱাৰ লগতে সমাজৰ শ্রদ্ধাভাজন নাগৰিকো হৈছিলগৈ। তাৰ আকর্ষণীয় ব্যক্তিত্বই বাইজক ভাবিবলৈ বাধ্য কৰিছিল যে সিয়েই হ’ব কংগ্ৰেছৰ বাবে উপযুক্ত প্রার্থী।

পাছত সি চিকাগোৰ এজনী ধুনীয়া আৰু ধনী গাভৰুক বিয়া কৰালে। এই দেখনিয়াৰ দম্পতীহাল হৈ পৰিল স্থানীয় সমাজ জীবনব নেতাস্বরূপ। পত্নীক সি পূজা কৰিছিল, তাই বিচৰা সকলোখিনি দিছিল। আপাত দৃষ্টিত তাই ভাবিছিল যে গিৰিয়েকৰ যিমান সম্পদ তাই দেখা পাইছে, তাতকৈ তেওঁৰ উপাৰ্জন বহু বেছি। ব্যয়বহুল ভ্রমণ আৰু সমুদ্রযাত্রাত দুয়ো অত্যধিক ব্যস্ত হোৱাৰ ফলত মানুহজনৰ আয়ৰ বিপৰীতে ব্যয়ৰ পৰিমাণ বৃদ্ধি হ’বলৈ ধৰিলে। এনিশা বেংকত অকলে কাম কৰি থাকোঁতে তেওঁৰ মনত এটা চিন্তা খেলালে তেওঁ দেখোন অলপ নগদ ধন ‘ধাব’ হিচাপেই ল’ব পাবে। কারণ পববর্তী এমাহলৈ বেংক পরীক্ষক অহাৰ সন্তাজনা নাই। সেই সময়ত স্টক মার্কেটত বিনিয়োগ কৰাটো হৈ পৰিছিল যথেষ্ট লাভদায়ক, সেয়ে শ্বেয়াৰ কিনিলে ইয়াৰ মূল্য বৃদ্ধি হোয়াবে সম্ভাবনা অধিক আছিল। ভাল লাভ হ’ব, তাব চিন্ত্য প্রগাঢ় হ’ল। ‘ধাব’ কৰা ধনখিনি পুনৰ বেংকৃত জমা ঘোরাই নহয়, তাতকৈ বহু বেছি উপার্জন কৰাৰো গল আছিল তেওঁৰ বাবে। পিছে এজন সম্মানজনক ব্যক্তি হিচাপে তেওঁ সেই চিন্তা ত্যাগ কৰিলে।
কিন্তু বিখ্যাত ইংৰাজ লেখক থমাছ কালহিলৰ ভাষাত, ‘চিন্তাই হৈছে যিকোনো কার্যব জন্মদাতা’। কি শক্তিশালী এই সত্য। আন এনিশা পুনৰ অকলে বেংকত কাম কবি থাকোঁতে তেওঁৰ মনলৈ একে চিন্তাই আহিল। এইবাৰ মানসিক প্রতিবোধ দুর্বল আছিল, ফলত সহজতে হাত আগবাঢ়ি গ’ল। তেওঁ সেই কামেই কৰিলে যি কাম কৰিবলৈ চিন্তাই নির্দেশ দিছিল। পিছে তেওঁৰ কপাল বেয়া আছিল। স্টক মার্কেট মন্দাতো হ’লেই, বেংক পৰীক্ষকো পৰীক্ষাৰ বাবে সোনকালে আহিল। সেই ‘ধাব’ ধৰা পৰিল আৰু অ’হায়’ বাজ্যিক কাৰাগাৰৰ বৃহৎ লোব গেটখন ভুল চিন্তা কৰা এজন ভাল মানুহৰ বাবে মুকলি হৈ পৰিল।
বহু বছৰ পাছত সেই বেংক বিষয়াজনৰ কন্যাই মোক মোব নিউয়র্কৰ অফিচত দেখা কৰিবলৈ আহিল।
‘মই সদায়ে দেউতাৰ বাবে কষ্ট পাই আহিছোঁ।’ তাই কৈ গ’ল, ‘কিন্তু মই তেওঁক সম্মান কৰোঁ আৰু ভাল পাওঁ। সেয়ে মই জানিব বিচাৰিছোঁ, মোৰ দেউতা দুর্বল আছিল নেকি। বেয়া আছিল নেকি? আপুনি তেওঁক জানিছিল। মোক কওক, প্লীজ।’
‘ওহো। তেওঁ বেয়া মানুহ নাছিল।’ মই উত্তৰ দিলোঁ, ‘দুর্বলতাই তেওঁৰ দোষ আছিল বুলিও মই ভাবো। তেওঁ জ্ঞানী লোক আছিল। কিন্তু সমস্যা আছিল তেওঁৰ চিন্তাত।’
মই যুৱতীগৰাকীক সান্ত্বনা দিবলৈ সক্ষম হৈছিলোঁ আৰু কথলৈ পাই সুখী যে সমাজৰ ধাৰ পৰিশোধ কৰাৰ পাছত মানুহজনৰ পৰিয়াল পুনৰ একত্ৰিত হৈছিল। সমস্যা আছিল তেওঁৰ চিন্তাত’ মানে মই বুজাব খুজিছোঁ যে তেওঁ নেতিবাচক চিন্তা কৰিছিল। তেওঁ নিজে নিজে ভাবি লৈছিল তেওঁৰ পত্নী ধুনীয়া, আলফুল, আঁকৰী। যদি তেওঁ পত্নীক বিষয়ে বিমা ইতিবাচক চিন্তা কৰিলেহেঁতেন, তেখে তাইৰ অইন এটা ৰূপ তেওঁৰ দৃষ্টিত ধৰা পৰিলেহেঁতেন- প্রকৃততে তাই আছিল এজনী বুদ্ধিমতী আৰু শক্তিশালী তিৰোতা। কাৰাবাসৰ পাছত তেওঁৰ পত্নীৰ ভূমিকাই এই কথা প্রমাণে কৰিছিল। তেনেকৈ ভবাহেঁতেন পত্নীক নিজৰ আর্থিক অৱস্থাৰ সঁচা ছবিখন তেও দেখুৱালেহেঁতেন। মই নিশ্চিত যে তেওঁলোক দুয়োয়ে পৰস্পৰক বুজি পালেহেঁতেন, যিহেতু দুয়ো দুয়োকে অন্তৰেৰে ভাল পাইছিল। কিয়নো দুজন মানুহৰ মাজত যেতিয়া ভালপোৱা থাকে তেতিয়া একোৱেই অসম্ভৱ নহয়।
কিন্তু ভুল পথে যোৱাসকলৰ সৈতে সমস্যা এই টোরেই। তেওঁলোকে এই পথটোকে সবাতোকৈ সহজ আৰু খৰতকীয়া বুলি ভাবে যীশু খ্রীষ্টই কৈছিল… দুৱাৰখন বহল আৰ পথটো সহজ- এই বাটেদি যাব পাৰি ধ্বংসমুখলৈ…।’ ভুল কাম কৰোঁতাসকল প্রায়ে চতুৰ হয় আৰু এই দুষ্টামিৰ বাবেই কিছু সময়ৰ বাবে তেওঁলোক সাৰি যায়। কিন্তু মূলতঃ তেওঁলোক মূর্খ, কাৰণ শেষত তেওঁলোক ধৰা পৰে। কথাষাৰৰ সাক্ষী হ’ল ‘উৱাল স্ট্রীট’ৰ সেই বিখ্যাত ব্যক্তিসকল, যিসকলক এসময়ত পৃথিৱীৰ আটাইতকৈ চতুৰ মানুহ বুলি ভবা হৈছিল।
কার্লাইল সঁচা আছিল: ‘চিন্তাই হৈছে যিকোনো কাৰ্যৰ জন্মদাতা’। সেই প্রাথমিক চিন্তাটোক মনত বাস কৰিবলৈ দিলে ই হৈ পৰে এটা ফিৰিঙতি যি আমাক প্রজ্বলিত কৰে কাৰ্য সাধনৰ বাবে। সেই চিন্তাটো ইতিবাচক নে নেতিবাচক, তাব ওপৰত নিৰ্ভৰ কৰে কাৰ্যৰ সফলতা বা বিফলতা।
অনুঃ সিদ্ধার্থ শংকৰ ডেকা
- বুদ্ধ-প্রবুদ্ধ-বৌদ্ধ
সঞ্জীব সভাপণ্ডিত
ডেকাজন গাড়ীখন ৰখাই সোমাই আহিল। গেটখন পাৰ হওঁতেই তেওঁ ম’বাইল ফোনটো টিপিবলৈ আৰম্ভ কৰিলে। খোলা গেটখন বন্ধ কৰাৰ কথাটো বোধ কৰোঁ তেওঁৰ মনলৈ নাহিল। গেটখন দাঙি তেওঁ ফোনটো কাণৰ ওচৰলৈ নিলে আৰু কথা পতাত লাগিল। গেটৰ পৰা চিৰি পাওঁতে তেওঁৰ এযুগ লাগিল। কথাৰ মাজত তেওঁ খোজ দিবলৈ পাহৰি পাহৰি যায়। অন্য কেবাজনো মানুহ তেওঁৰ কাষেদি পাৰ হৈ আহিল আৰু পাৰ হৈ গ’ল। সৰু ল’ৰা-ছোৱালী কিছুমানেও অগা-ডেৱা কৰি আছে। ডেকাৰ কিন্তু একোলৈ ভ্রূক্ষেপ নাই। তেওঁৰ চকু ঘৰটোৰ টিঙত বা আকাশত বা এনেয়ে য’ত ত’ত। ডিভিটো বেঁকা হৈ গৈছে কথা পাতোঁতে পাতোঁতে। মাজে মাজে মাতটো ডাঙৰ, মাজে মাজে সৰু, মাজে মাজে হাঁহে। … তেওঁ আগদিনাখন ঢুকোৱা বৰদেউতাকৰ ঘৰলৈ খবৰ কৰিবলৈ আহিছে।
ভিতৰলৈ যাওঁতেও তেওঁৰ ফোনটো মাজে মাজে বাজি থাকিল। তেওঁ পূৱা শুই উঠাৰ পৰা আৰম্ভ কৰি গধূলি ৰকিব ঘৰৰ পাৰ্টীলৈ যোৱাৰ প্রগ্ৰামলৈকে যিমান পাৰি বিস্তৃতভাবে কথা পাতিলে। টেলিফোনত কথা পতা মূল। কামটোৰ মাজে মাজে তেওঁ ঘৰৰ দুই-এজনৰ লগতো কথা পাতিলে। চকু-কাণ-নাক-জিভা-ছাল-চুলিৰ নিচিনাকৈ ম’বাইল ফোনটো তেওঁৰ হাতৰ তলুৱাৰ এটা অংগ যেন লাগিল। ভগৱানে যেন যোৱা হাজাৰ হাজাৰ বছৰ ধৰি মানুহৰ গাত এই অংগটো সংযাজনৰ কথাটো পাহৰি আছিল। একবিংশ শতিকাৰ প্ৰথম দুই-চাৰি বছৰৰ ভিতৰতে যেন তেওঁ এতিয়া খৰধৰকৈ এই অংগটো লগাই দিবলৈ বিচাৰিছে।
ডেকাজন বৰমাকক লগ পাবলৈ বা মাত দিবলৈ ভিতৰলৈ গ’ল। বৰমাক বিছনা এখনত শুই আছে। ওচৰত দুই-চাৰিগৰাকী মানুহ। বৰমাকে মাত মতা নাই। বহি থকা এগৰাকী-দুগৰাকীয়ে নিজৰ ভিতৰত দুটা-এটা কথা পাতিছে। পৰিৱেশটো গধূৰ। মজিয়াত পাৰি থোৱা তুলিখনতে পেন্টটো কোঁচাই ডেকা বহিল। বৰমাকৰ মুখলৈ চালে, ওচৰলৈ নগ’ল। বাকীসকলক তেওঁ চিনি নাপায়।
হাতৰ ম’বাইলটো লৈ ডেকাই আকৌ টিপা-টিপি কৰিবলৈ ধৰিলে। দহ মিনিটমান সময় ডেকা তেনেকৈয়ে থাকিল- একান্তমনে কেবল ম’বাইল ফোনটোলৈকে চাই চাই। দেখি ভালো লাগিল- ইমান নিবিষ্টমনে, ইমান একাগ্রচিত্তে কাম কৰা মানুহো যে আজি আছে। বাহিৰত পুৰোহিত আনিবলৈ যাবলৈ কাৰ গাড়ী আছে বুলি কোনোবাই চিঞৰি চিঞৰি সুধি থকা কথাও তেওঁৰ কাণত নোসোমাল। বেৰত জেঠীৰ টিক্ টিক্ শব্দকেইটা শুনাৰ কোনো কথাই নাই।
ছোৱালী এজনী আহি ডেকাক প্লেট এখনত ফলমূল দি গ’লহি। ‘থেংক’ বুলি কৈ ডেকাই ম’বাইলটো তুলিখনত থৈ খোৱা আৰম্ভ কৰি দিলে। কিন্তু বাঁওহাতেৰে ফোনটো লিৰিকি-বিদাৰি থাকিল।
খোৱা হ’লত ডেকা উঠিল আৰু ড্রয়িং কমত বহিলহি আৰু তাত বহি থকাকেইজনৰ কাকো চিনি নোপোৱাৰ কাৰণেই হ’বলা আকৌ ফোনটো টিপা-টিপি কৰি থাকিল- হয় এছ এম এছ পঠালে, নহয় গেছ খেলিলে। মুঠতে বহির্জগতৰ পৰা বিচ্ছিন্ন।
মই দেখি অভিভূত হৈ পৰিলোঁ- মহা মহা যোগী-তপস্বীসকলে বছৰৰ পাছত বছৰ ধৰি তপস্যা সাধনা কৰি সংসাৰৰ পৰা নিজকে বিচ্ছিন্ন কৰিব নোৱাৰে, অথচ অৱলীলাক্রমে ডেকাই এই পর্যায় পাব পাৰিছে।
মই মনেৰে ম’বাইলটো ডেকাৰ হাতৰ পৰা আঁতৰাই আনিলোঁ। দেখিলোঁ তেওঁ পানীৰ পৰা উঠাই অনা মাছৰ নিচিনা হৈছে বা নিচাসক্ত
যুৱতীয়ে দৈনিক ‘কোটা’ নাপালে হোৱাৰ নিচিনা অৱস্থা এটা হৈছে। মই দেখিলোঁ তেওঁ কাফ্ফ্ফাৰ সেই পোকটোলৈ ৰূপান্তৰিত হৈছে বা মহিম বৰাৰ পইতাচোৰাটো হৈ পৰিছে। কাৰো লগত তেওঁ কথা পাতিব পৰা নাই। ওচৰত বহি থকা কেনো এজনৰ লগত তেওঁ উপযাচি চিনাকি হ’ব পৰা নাই। তেওঁৰ মুখৰ ভাষা হেৰাই গৈছে। তেওঁ যেন যন্ত্ৰটোৰ দাস হৈ পৰিছে। যন্ত্রটোৱেহে যেন তেওঁক জীয়াই ৰাখিছে। যন্ত্ৰটো লিৰিকি-বিদাৰি থাকিবলৈ নাপালে তেওঁ যেন অপূর্ণ। যন্ত্ৰটোৰ অবিহনে যেন তেওঁ অস্তিত্বহীন।
ঠিক… ঠিক যেন হাতত পিষ্টল থকা ডেকা এজনৰ অৱস্থা তেওঁৰ। জেপত বা কঁকালত বা বেগত গুলীভর্তি পিষ্টল এটা থাকিলে মনটো বাৰু কেনেকুৱা লাগে। শীতল ধাতর স্পর্শটোরে কি যে প্রচণ্ড শক্তি দিয়ে। চুটকেচৰ পৰা আনি জেপত ভৰাই ল’বৰ মন যায়। অনবৰতে চুই থাকিবৰ মন যায়। বাঃ কি সাহ এইটো লগত থাকিলে। নিজকে ৰজা বা ছুপ্রীম কোর্টৰ মুখ্য ন্যায়াধীশ যেন লাগে। সকলো অপৰাধ মৃত্যুদণ্ডযোগ্য যেন লাগে। ৰাস্তাত আগৰ গাড়ীখনে ছাইড নিদিলে ড্রাইভাৰজনৰ খোলাটো উৰুৱাই দিওঁ যেন লাগে। সি চালা ঘৰ সাজিছে, মোৰ কি নাই! এইপাত দেখিছ, দে। মাল উলিয়া। নিজে পাঁচ সোতৰ গুণ পইষষ্ঠি লিখা বা ষষ্ঠ শ্রেণীতে স্কুলীয়া শিক্ষা সমাপ্ত কৰা কথাটো পাহৰি যাবৰ মন যায়। নাইন এম এম আমেৰিকান নিষ্টল। বাঃ, ধেমালি নেকি। পগাছ হাজাৰ টকা দাম। কেনেকৈ জেপলৈ আহিল কি দৰকাৰ। দুই থকাতেই আমেজ। দেখুৱালেই দুই-তিনিগুণ টকা আহি যায়। ভাল খনিত হাত দিব পাৰিলে ভবিষ্যতলৈও বাট মুকলি থাকি যায়। আনক ধাৰে দিও টকা ঘটিব পাৰি। বস্তুটো জেপত থাকিলে নিজতকৈ শক্তিশালী দহটা ডেকাও সেও হৈ থাকে। উপাৰ্জনৰ পৰা অলপ অলপ দি থাকিলে দহটা নেগুৰ পেলাই গেবাৰি খটা চাকৰ পোৱা যায়। অহা-যোৱা কৰা ঠাই, লগ ধৰা মানুহ সকলোৱেই বেলেগ হৈ পৰে। জেপত থকা বস্তুটোৰ ভাষা নিতান্তই সুকীয়া। সেই ভাষা বুজা মানুহো বেলেগ- তৰংগ দৈর্ঘ্যও বেলেগ। জেপত সেইটো থাকিলে হাবাই চেণ্ডেল পিন্ধিবব মন নাযায়, চাইকেল চলাবৰ মন নাযায়, কলা বীথিকালৈ যাবৰ মন নাযায়, কিতাপৰ দোকানলৈ যাবৰ মন নাযায়। কেবল সেই বস্তুটোৰ ভাষাটো বুজা মানুহৰ লগতে সম্পর্ক তালৈকেহে অহা-যোরা। পুরা শুই উঠাৰ পৰা ‘মোৰ কমিছন ক’ত, চালা ধৰি লৈ আহ- খুপৰী উৰাই দিম, চিনি পোৱা নাই।’ এইটো ট’ন। মনে মনে জেপত সোমাই থকা ঠাণ্ডা বস্তুটোরে ইমান কথা কয় যে পুৱাৰ চৰাইৰ মাতটো নুশুনিয়েই।
মই মনে মনে জেপৰ পৰা পিষ্টলটো চুৰ কৰি আনিলোঁ। ডেকাৰ খোজৰ দৃঢ়তা নাইকিয়া হৈ গ’ল। দহটা ভূতাৰ মাত ডাঙৰ হৈ আহিল। তেওঁৰ ঘৰত হোৱা ভিৰটো কমি গ’ল। তেওঁ ঘৰৰ পৰা নোলোৱা হ’ল, বেডকমত দুৱাৰ বন্ধ কৰি সোমাই থাকিল, কাৰো লগত কথা পাতিব নজনা হ’ল। ইমান দিনৰ তেওঁৰ ভাষাটো অনাই নুবুজে। তেৱোঁ আনৰ ভাষা নুবুজা হৈ গৈছে ইমান দিনে।
ঠিক… ঠিক ম’বাইল হাতত লৈ থকা সেই ডেকাৰ নিচিনাকৈ জেপত পিষ্টল থকা ডেকাজনো এটা দ্বীপ- নির্জন, মানুহৰ বসবাস নোপোৱা দ্বীপ।
কি কৰিব? হাতত বস্তুটো থাকিলে মনটো লক্লকাই থাকে কিবা কৰিবলৈ, ব্যৱহাৰ কৰিবলৈ। কোনোবা এটা পর্যায়ত ঠিক মদে ক’ব নোৱাৰাকৈয়ে গ্রাস কৰি পেলোৱাৰ নিচিনাকৈ, জেপত পিষ্টল লৈ ফুৰা মানুহজন অমানুহ হৈ পৰাৰ নিচিনাকৈ, হাতত ম’বাইল ফোন লৈ ফুৰাজনো ৰূপান্তৰিত হৈ যাবগৈ নেকি বাৰু? ম’বাইল ফোনটো হকে-বিহকে, স্থানে-অস্থানে, পৰিৱেশ-পৰিস্থিতিৰ বিচাৰ নকৰাকৈ ব্যৱহাৰ কৰাৰ দৰেই হাতত থকা পিষ্টলটোও হকে-বিহকে, স্থানে-অস্থানে, পৰিবেশ-পৰিস্থিতিৰ বিচাৰ নকৰাকৈ ব্যৱহাৰ নহয়নে বা নহ’ব নে বাঝ?
(গৌতম বুদ্ধই অস্ত্র হাতত নাৰাখিবলৈ কিয় কৈছিল, সেই কথাৰ অৱলোকন)
- জীবন আজীবন
অতানু ভট্টাচাৰ্য
সময় কমি আহিছে।
সময় কমি আহিছে আমাৰ দিনবোৰৰ পৰা। সময় কমি আহিছে আমাৰ জীৱনৰ পৰা। আমি কেনেকৈ সময় বাহি কৰিম সেই চিন্তাই আমাৰ আলোচনাৰ এটা গুৰুত্বপূর্ণ অংশ অধিকাৰ কৰা উচিত। অথচ আমি বাস কৰা বিশাল দেশখনব সংস্কৃতিয়ে আমাক সেই ভাবনাৰে সমৃদ্ধ কৰা নাই। আমিও আমাৰ সময়-জ্ঞানেৰে দেশখনক সমৃদ্ধ কৰিব পৰা নাই। বোধ কৰোঁ আমাৰ ৰাজ্যখন পৃথিৱীৰ সেই কমসংখ্যক দুর্ভগীয়া দেশ আৰু ৰাজ্যবোৰৰ অন্যতম য’ত সময়-সচেতন নোহোৱা এটা আচহুৱা ছিষ্টেমৰ মাজেৰে জীৱনটো যাপন কৰিবলগীয়া হয়।
আপোনাৰ নগৰলৈ যোৱা বাক্তাটো কেতিয়ালৈ পকী হৈ উঠিব, দলংখনৰ মেৰামতি কেতিয়ালৈ হ’ব সেই কথা সেই কামবোৰৰ দায়িত্বত থকা মানুহকেইজনে নাজানে। পৰীক্ষাৰ ফলাফল কোন দিনা ঘোষণা কৰা হ’ব সেই কথা নির্দিষ্টকো এপয়েক, আগলৈকে সংশ্লিষ্ট লোকসকলে জোৰ দি ক’ব নোৱাবো খুব শক্তিশালী অফিচৰ চাকৰিয়াল নহ’লে আপুনি ক’ব নোৱাৰে মাহটোৰ কিমান তাৰিখ আপোনাৰ দৰমহা পোৱাৰ দিন!
আপুনি যে চোফা এখন বনাবলৈ ফার্নিচাৰ হাউছত অৰ্ডাৰ দি থৈছিল, আপোনাক দিয়া। সময় অনুসৰি এবাৰ খবৰ কৰি আহকগৈ-কামটো হৈছেনে? আপোনাৰ চোলাটো দর্জীয়ে সঠিক সময়ত সী দিব পাৰিলেনে?
ঘৰৰ পাৰ্ট-টাইম বন কৰা মানুহজনী পুৱা ঠিক সময়ত আপোনাৰ চোতাল পায়হিনে? খবৰ পোৱাৰ লগে লগে পুলিচ অথবা অগ্নিনির্বাপক বাহিনী সক্রিয় হৈ উঠেনে? ওচৰৰ ট্রেন্সফৰ্মাৰটো বিকল হৈ পৰিলে যথাসময়ত বিদ্যুৎ বিভাগৰ মনোযোগ আকর্ষণ কৰিব পৰা যায়নে?
আবেলি তিনি বজাৰ মিটিংখন কেই বজাত আৰম্ভ হ’ব? সেউজ-সংকেত নাপাই মাজবাটত ৰৈ থকা ৰে’লগাড়ীখনে কিমান সময়লৈ ৰ’ব?
আমাৰ দৈনন্দিন জীৱনৰ এই বিৰক্তিকৰ অনিশ্চয়তাক আমি প্রতিৰোধ কৰিব নোৱাৰোঁ নেকি? মই ভাবোঁ আৰু বিশ্বাস কৰোঁ যে আনক সলনি কৰিব নোৱাৰিলেও নিজৰ সময়-সচেতনতাৰে এটা বিৰাট আন্দোলনৰ এটি ক্ষুদ্ৰ আৰম্ভণি ঘটাৰ পৰা যায়।
এটা নির্দিষ্ট সময়ত ক’ৰবাত মোক বৈ থাকিবলৈ কৈ যথোচিত কাৰণ নোহোৱাকৈ পলম কৰা মানুহবোৰক মই মোৰ জীৱনৰ পৰা গুৰুত্বহীন কৰি পেলাইছোঁ। যথাসময়ত আৰম্ভ নোহোৱা সভা-সমিতি আৰু সাংস্কৃতিক সন্ধিয়াবোৰ বৰ্জন কৰিবলৈ আৰম্ভ কৰিছোঁ। সভাত কোনো বক্তাই অনাৱশ্যকভাবে দীঘলীয়া বক্তৃতাৰে বিৰক্ত কৰিবলৈ আৰম্ভ কৰিলে তেওঁ বুজাকৈ সভাস্থান ত্যাগ কৰিছোঁ। নির্ধাৰিত সময়ৰ ভিতৰত কাম একোটা কৰি দিয়া মিস্ত্রীজনক তেওঁ বিচৰাতকৈ কেইটামান টকা বেছিকৈ দিয়া আৰু আনহাতে, অযথা পলম কৰাৰ বাবদ প্ৰতিটো ওপৰঞ্চি দিনৰ বাবে পইচা কাটি বখাৰ আগতীয়া বন্দৱস্ত কৰাৰ সিদ্ধান্ত লৈছোঁ।
কথাবোৰ এনেকুৱা নহয় যে মই মোৰ সময় কেতিয়াও অপচয় কৰা নাই। কথাবোৰ এনেকুৱা নহয় যে মই কেতিয়াও টেলিভিছনৰ সন্মুখত বহি ক্রিকেট চোরা নাই। নিজৰ বিবেচনাবে মই আড্ডা মাৰিম।
নিজৰ হিচাপেৰে মই কোনো এখন বাছত উঠি এদিন এটা উদ্দেশ্যহীন যাত্রা কৰিম। কোনো এটা নিৰিবিলি গধূলি মই মোৰ সপোনৰ পৃথিৱী এখনত কিছু সময়ৰ বাবে হেৰাই যাম। কিন্তু মোৰ সময় মোৰ ইচ্ছাৰ বিৰুদ্ধে বাৰে বাৰে আনক কাঢ়ি ল’বলৈ নিদিওঁ।
মই জানো যে এটা উদ্ভট জীবন-প্রণালীৰ মাজত বাস কৰি এনে এক সংকল্পত সদায় দৃঢ় হৈ থাকিব পৰা নাযায়। এই কথাও মই বুজোঁ যে এনে এক সংকল্পৰে ভুল ছিষ্টেম এটাক সতকাই শুধৰাব পৰা নাযায়। তথাপি মই বিশ্বাস কৰোঁ যে এই নৈৰাজ্যৰ মাজতো সময়-সচেতন লোকে মানুহৰ এক বিশেষ সম্ভ্রম আদায় কৰিব পাৰে। এটা গুৰুত্বপূৰ্ণ কামৰ বাবে নিজকে এজন প্রয়োজনীয় ব্যক্তি হিচাপে প্রতিষ্ঠা কৰিব পাৰে।
- ভালপোৱা এটা খেল নহয়
আমি যিকোনো কাৰণতে যিকোনো মানুহৰ প্রতি আকৃষ্ট হ’ব পাৰোঁ।
নিজৰ সম্ভাব্য সংগীক আপুনি এজন বন্ধু হিচাপে মূল্যায়ন কৰক, তেওঁৰ চৰিত্ৰ, ব্যক্তিত্ব, মূল্য, উদাৰতা, কথা আৰু কামৰ মাজত সম্বন্ধ, আনৰ স’তে সম্বন্ধ আদি লক্ষ্য কৰক।
সম্বন্ধৰ বিষয়েনো তেওঁনো কি ভাবে জানিবলৈ চেষ্টা কৰক। সম্বন্ধ সম্পর্কে বেলেগ বেলেগ মানুহৰ বেলেগ আৰু পৰস্পৰবিৰোধী ধাৰণা থাকে। আপুনি নিশ্চয় সম্বন্ধত ভণ্ডামিৰ আশ্রয় ল’ব খোজা এজন ব্যক্তিৰ প্ৰেমত পৰিব নিবিচাৰে।
প্ৰেমৰ স’তে যৌনতাক খেলিমেলি নকৰিব। বিশেষকৈ এটা সম্বন্ধৰ পাতনিতে যৌনতাৰে আকৰ্ষণ কৰাটোকে প্রেম বুলি প্রায়ে ভুল কৰা হয়।
নিজৰ প্ৰয়োজনবোৰৰ বিষয়ে জানক আৰু সেইবোৰৰ বিষয়ে স্পষ্টভাৱে কথা পাতক। সম্বন্ধ অনুমানৰ খেল নহয়। বহু লোকে, পুৰুষেই হওক বা মহিলাই হওক, নিজৰ প্ৰয়োজনৰ
বিষয়ে ক’বলৈ টান পায় আৰু সেইবোৰ লুকুৱাই ঘয়। ফলত বিচৰাবোৰ নাপাই তেওঁলোক অসন্তুষ্ট হয় আৰু তেওঁলোকৰ প্ৰয়োজনসমূহ পূৰণ নকৰাৰ বাবে অযুক্তিকৰভাৱে নিজৰ সংগীৰ ওপৰত ক্ষুব্ধ হয়। সততা অবিহনে অন্তৰংগতা গঢ়ি নুঠে। মনত ৰাখিব, আপোনাৰ সংগী আপোনাৰ ‘মনৰ পাঠক’ নহয়।
নিজক এটা সুকীয়া গোট হিচাপে চাওক, ইয়াৰ অৰ্থ হ’ল পৃথক দৃষ্টিভংগী আৰু শক্তিৰে পৰিপূর্ণ আপোনালোক দুগৰাকী পৃথক ব্যক্তি। ভিন্নতাক সম্মান জনাবলৈ আৰু মেনেজ কৰিবলৈ শিকক, এয়াই এটা সম্বন্ধৰ সফলতাৰ চাবিকাঠী। মতৰ অমিল হ’লেই সম্বন্ধ শেষ নহয়, তর্ক-বিতর্কই কিন্তু সম্পর্ক শেষ কৰে। দুজন ব্যক্তিৰ মাজত থকা পার্থক্যসমূহে জন্ম দিয়া নেতিবাচক অনুভবসমূহ নিয়ন্ত্রণ কৰিবলৈ শিকক। বিতৰ্কৰ পৰা আঁতৰি থকাটোবে নিয়ন্ত্রণ নুবুজায়।
যদি আপুনি আপোনাৰ সংগীয়ে কৰা কিবা কাম বুজি নাপায় বা ভাল নাপায়, তেন্তে এই বিষয়ে তেওঁক জনাওক আৰু তেওঁনো কিয় এনে কাম কৰিছে তেওঁক পোনপটীয়াকৈ সোধক। সমস্যাৰ সৃষ্টি হ’লে সমাধান কৰক। আক্ষেপ বা খং নকৰিব। আঘাত পোৱা, ইজনৰ বিৰুদ্ধে সিজনে যুক্তি দিয়া আৰু অচিনাকি বা শত্রুব ৰূপ লোৱা আদি সম্বন্ধ বেয়ালৈ ঢাল খোৱাৰ মূল কাৰণ।
আলোচনা কৰিবলৈ শিকক। আপোনাৰ সংগীৰ গুৰুত্ব আৰু অভিযোগসমূহ কোনো পূর্বাগ্রহ নথকাকৈ শুনক। ই বিশ্বাসযোগ্যতা গঢ়ি তোলে। নিজৰ উপৰি তেওঁৰ দৃষ্টিভংগীৰেও কথাবোৰ চালিজাৰি চাওক।
দীর্ঘম্যাদী দৃষ্টিভংগী লওক। নিজৰ সপোনবোৰ নিতৌ পৰীক্ষা কৰক যাতে জানিব পাৰে আপোনালোক একে পথেৰেই গতি কৰিছে নে নাই। সপোনবোৰক নিয়মীয়াকৈ ‘আপ টু ডেট’ কৰক।
যৌনতা ভাল, গাৰুত মূৰ গুজি কৰা অন্তৰংগ আলাপ বেছি ভাল। যৌনতা সহজ, অন্তৰংগতা কঠিন। কিয়নো ইয়াত সততা, মুকলি ভাব, বিশ্বাসযোগ্যতা, ভয়, দুখ, আশা আৰু সপোনৰ প্ৰয়োজন।
সোনকালে খঙাল হৈন শপৰিব। কিছুনৰম হওক। ক্ষমা খোজক। ভুল সকলোবে কৰিব পাৰে। শুধৰণিৰ প্ৰচেষ্টা গুৰুত্বপূর্ণ, বিশেষকৈ বৈবাহিক জীৱনৰ সুখৰ ক্ষেত্রত ই যথেষ্ট প্রয়োজনীয়। বিতৰ্কৰ পাছত সৈমান কৰোৱাৰ সদিচ্ছা থকাটো সুখী বৈবাহিক জীৱনৰ বাবে অপৰিহাৰ্য।
কিছুমান ক্ষেত্ৰত নিৰ্ভৰশীলতা বেয়া নহয়, পিছে সকলো প্ৰয়োজনৰ বাবে সংগীৰ ওপৰতে নিৰ্ভৰ হোৱাটোবে সম্বন্ধত অশান্তি কঢ়িয়াই অনাটো ধুৰুপ।
আত্মসম্মান বজাই ৰাখক। এনে কৰিলে আনেও আপোনাৰ প্ৰতি আকৃষ্ট হ’ব। গৱেষণাই দেখুৱায় যে মানুহে যিমানেই বেছি ভূমিকা পালন কৰে, সিমানেই তেওঁৰ আত্মসম্মানৰ উৎস বৃদ্ধি পায়। অর্থবহ কাম কৰিলে স্বকীয়তা গঢ় দিয়াত সহায়ক হয়, লাগিলেস তেনে কাম বিনামূলীয়াই নহওক কিয়।
সম্বন্ধৰ বাহিৰৰ উপাদানেৰেও সম্বন্ধ সুন্দৰ কৰিব পাৰি। জীৱনত আপোনাৰ যিমান অনুৰাগ আছে আৰু তাৰে যিমান আপুনি সংগীৰ সৈতে বিলাই লয়, সিমানেই সম্বন্ধও সুন্দৰ হয়। স্বতঃস্ফূর্ততাৰ বাবে সাজু থাকক।
মনত ৰাখক যে সকলো সম্বন্ধতে উঠা-নমা থাকে। সকলো সময়তে কোনো সম্বন্ধই ‘পার্ফেক্ট’ নহয়। কঠিন সময়ত পাৰস্পৰিক সহযোগিতাই সম্বন্ধ শক্তিশালী কবে।
এটা বেয়া সম্বন্ধৰ পৰা আঁতৰি নুফুৰিব, কাৰণ পিছৰ সংগীগৰাকীৰ লগতো একে কথাই খাটিব পাৰে।
অন্তৰংগতা বজাই ৰাখিবলৈ পৰিশ্ৰম কৰক। অন্তৰংগতা অবিহনে ব্যক্তি দুজনৰ মাজত বিভেদ বাঢ়ে আৰু সম্বন্ধ শিথিল হয়। সুস্থ সম্বন্ধ এটা লক্ষ্য নহয়; এয়া নিয়মীয়া প্রতিপালনেৰে গঢ় দিয়া এটা জীৱনজোৰা প্ৰক্ৰিয়াহে।
