জীৱন অক্টোবৰ(২০০৫)

নতুন প্ৰজন্মৰ সাহিত্যিক, সাংবাদিকৰ প্ৰতি মোৰ মনোভাব

নিৰুপমা বৰগোহাঞি

অসমৰ তৰুণ প্রজন্ম সম্পর্কে মোৰ মতামত

দিয়াৰ আৰু তেওঁলোকক উপদেশ দি কিবা অলপ কোৱাৰ আগতে ‘জীৱন’ আলোচনী গোষ্ঠীক, তেওঁলোকে অসমৰ দহগৰাকী বিশিষ্ট তৰুণক বাছনি কৰাৰ অভিনৱ প্ৰচেষ্টাক অভিনন্দন জনাওঁ (‘জীৱন’ আগষ্ট সংস্কৰণ)।

আচলতে যোগ্যজনক স্বীকৃতি দিলে তেওঁলোকে নিজৰ কৰ্তব্য পথত আগবাঢ়ি যাবলৈ আৰু বেছি অনুপ্ৰেৰণা লাভ কৰে।

পিছে অসমত দহজন নহয়, অর্থাৎ দহজনেই শীর্ষ আসনৰ বাছনিত উঠিলে নহ’ব, এশজনমান এনে পর্যৰ্যায়ৰ লোক আহিলেহে দেশৰ সৰ্বাংগীন প্ৰগতিৰ হকে কাম কৰি যাব পাৰিব- তেহে আমি ক’ব পাৰিম- ‘অসম আকৌ উন্নতি পথত, জয় আই অসম বোল’। অৱশ্যে কেৱল সাহিত্য, সাংবাদিকতাৰ ক্ষেত্ৰত মোক এনেকৈ বাছিব দিলে অসুবিধাত পৰিলোহেঁতেন। সি যি কি নহওক, মই ঘাইকৈ এগৰাকী লেখিকা আৰু লগতে অলপ-অচৰপ সাংবাদিকতাৰো অভিজ্ঞতা আছিল বা আছে বাবে এই সম্পর্কেই তৰুণ প্ৰজন্মৰ প্ৰতি মোৰ মনোভাব প্রকাশ কৰিব খোজোঁ। এইক্ষেত্রত মই অপ্রিয় কথা ক’লেও এইসকলে যেন মোক বেয়া নাপায়, কাৰণ মই তেওঁলোকতকৈ বহুত ডাঙৰ, অভিভাৱকৰ দৰে। অভিভাৱকে জানো সন্তানক সুপথে পৰিচালনা কৰিবলৈ দোষ-ত্রুটি উদঙাই নধৰে?

সাহিত্যাভিলাষী আজিৰ নতুন পুৰুষৰ মাজত সাহিত্যিক হোৱাৰ যি বাঞ্ছা প্রকট হৈছে, তাক সাৰ-পানী যোগাৱাৰ আনুপাতিক প্রৱণতা কিন্তু পৰিলক্ষিত হোৱা নাই। অর্থাৎ তেওঁলোকে ভুকুতে কলটো পকাব খোজে, কেইটামান গল্প লিখি বা পদ্য লিখি প্রায় লগে লগেই সেইবোৰ গ্রন্থ আকাৰে প্ৰকাশ কৰিব খোজে বা উলিয়ায়। সেই গল্প-কবিতাৰ উৎকৰ্ষৰ বাবে যি সাধনাৰ প্রয়োজন, সেয়া তেওঁলোকৰ নাই যেন লাগে। তাৰ চিন ওলায় তেওঁলোকৰ অপৰিপক্ক গল্প-কবিতাত- গভীৰতা নাথাকে, ভাষাৰ ভুল থাকে, ব্যাপক অভিজ্ঞতাৰ চিন নাথাকে বা অভিজ্ঞতা নাথাকিলেও যি কল্পনা বা চিন্তাশীলতাৰ দ্বাৰা তাৰ অভাৱ মোচন কৰিব পাৰি, সেয়া তেওঁলোক বহুতৰে ক্ষেত্ৰত অনুপস্থিত যেন লাগে। সাধনাৰ এক নাম হ’ল উচ্চস্তৰৰ কিতাপ-পত্ৰ পঢ়া বা পঢ়িবলৈ চেষ্টা কৰা, বিশ্ব-সাহিত্যৰ (অতীত-বর্তমান) লগত পৰিচিত হৈ তেনে লেখাৰ ওচৰ চপাৰ প্রাণান্তকৰ পৰিশ্ৰম কৰা।

আমাৰ সময়ৰ সাহিত্যিকসকলক দেখিছিলোঁ-তেওঁলোকে অতি কম বয়সৰে পৰা অধ্যয়নত ব্রতী হৈছিল বাবে বিশেষ এক সাহিত্যিক মান ৰক্ষা কৰি চলাৰ চেষ্টা কৰিছিল। কিন্তু এতিয়াৰ নবীন সাহিত্যিকসকলে ইণ্টাৰনেটৰ জৰিয়তে নানা সাহিত্যিক তথ্য সংগ্ৰহ কৰি সাহিত্য ৰচনা কৰে। অর্থাৎ তেওঁলোকে জ্ঞান লাভ কৰাতকৈ ‘খবৰ’ ৰখাটোতে বেছি গুৰুত্ব দিয়ে- সহজে পোৱা গ’লে কষ্টনো কিয় কৰিব লাগে? এনেধৰণৰ উপৰুৱা জ্ঞানৰ ক্ষেত্ৰত সেই তাহানিতে কোৱা টি এছ এলিয়টৰ কথাকে দোহাৰোঁ-

Where is the knowledge we have lost in information?/ Where is the wisdom we have lost in knowledge?

আজিৰ তৰুণ প্ৰজন্মই উৎসাহেৰে সাহিত্য সাধনাত ব্রতী হ’লেও মই এই কথা ক’মেই যে তেওঁলোকৰ বেছিভাগৰে বিশ্ব-সাহিত্য বাদেই নিজ ৰাজ্যৰ বিখ্যাত সাহিত্যিকসকলৰ সাহিত্য-কৰ্মৰ লগতে বেছি পৰিচিতি নাই। এনে উপৰুৱা সাহিত্য সাধনাৰে মহৎ সাহিত্য সৃষ্টি কৰিব নোৱাৰি, পৰিপক্কতা লাভ কৰিব নোৱাৰি। শ্বেক্‌পীয়েৰৰ এইষাৰ কথা প্রণিধানযোগ্য- Ripeness is all.

নতুনকৈ হোৱা তৰুণ প্রজন্মৰ সাংবাদিকসকলৰ প্রতিও মোৰ মন্তব্য প্রায় একে- তেওঁলোকৰ বহুতৰ লগত কথা পাতি গম পাওঁ, নিজৰ বাতৰি কাকতখনৰ খবৰবোৰ উপৰুৱাভাৱে পঢ়িলেও বিভিন্ন লেখকৰ যিবোৰ ৰচনা প্রকাশ হয় সেইবোৰ খুব কমেই পড়ে। তেওঁলোকৰ বহুতৰেই শুদ্ধ ভাষা জ্ঞান নাই, সেয়ে আজি আমাৰ বাতৰি কাকতবোৰৰ বিৰুদ্ধে নানা অভিযোগৰ লগতে ভুল ভাষা, ভুল বানানৰ আধিক্যৰ বিৰুদ্ধেও অভিযোগ। মই আজিৰ প্ৰজন্মৰ সাংবাদিক-সাহিত্যিক সকলোৰে মাজত এই অল্প আয়াসতে সিদ্ধি লাভ কৰাৰ প্ৰৱণতা দেখি দুখিত হওঁ।

শেষত মোৰ উপদেশ? মই উপদেশ দিবলৈ ভাল নাপাওঁ, কিন্তু যি এফাঁকি ইংৰাজী কবিতা মোৰ স্কুলৰ পাঠ্যপুথিত পঢ়া দিনৰেপৰা আজিও এক প্ৰকাৰ চালিকা শক্তি হৈ আহিছে, তাবেই এই লেখাৰ মোখনি মাৰোঁ-

       Nothing great is lightly won, 

               Nothing won is lost

       Every good deed nobly done

                Will repay the cost

পুনচ্ছ:

 অলপতে এটা মজাৰ অভিজ্ঞতা হ’ল। এখন আলোচনীলৈ লেখা বিচাৰি মোৰ ওচৰলৈ কেইজনমান তৰণ ‘সাংবাদিক’ আহিছিল। তাৰে এজনে তিনিগৰাকী বিখ্যাত মহিলা তথা সাহিত্যিকাৰ সাক্ষাৎকাৰ ল’ব বিচাৰি প্রশ্ন কৰিলে- প্রীতি বৰুৱা ভবেন শইকীয়াৰ পত্নী নেকি, স্নেহ দেৱী ক’ত থাকে, চন্দ্রপ্রভা শইকীয়ানী জীয়াই আছেনে (এই প্রশ্নকর্তাই আকৌ বৰ উচ্ছ্বাসেৰে চন্দ্ৰপ্ৰভাৰ জীৱনৰ আধাৰত লেখা মোৰ ‘অভিযাত্রী’ নামৰ উপন্যাসখন খুব ভাল পাই বাৰে বাৰে পঢ়া বুলি ক’লে!)।

অৱশ্যে স্নেহ দেৱী ক’ত থাকে বুলি সোধা প্রশ্নটোত মই সিমান বিৰক্ত হোৱা নাই, কাৰণ অসমৰ এক স্বনামধন্য কবিয়েও মোক এবাৰ সুধিছিল- এই গৰাকী কোন স্নেহ দেৱী, পুৰুষ নে মহিলা! মই তেতিয়া তেওঁক জনালোঁ যে স্নেহ দেৱী মোৰ বিচাৰত অসমৰ সৰ্বশ্রেষ্ঠ মহিলা গল্পকাৰ, অসমত আজিলৈ নলিনীবালা দেৱীৰ পৰা আৰম্ভ কৰি মোলৈকে মুঠ যি কেইগৰাকীয়ে সাহিত্য একাডেমী বঁটা পাইছে, স্নেহ দেৱীও তাৰে ভিতৰত এগৰাকী (সাহিত্য একাডেমী বঁটা পাওঁতা অসমৰ লেখিকাসকল হ’ল- নলিনীবালা দেৱী, মামণি ৰয়ছম গোস্বামী, নিৰ্মলপ্ৰভা বৰদলৈ, স্নেহ দেৱী আৰু মই)। কেইবছৰমান আগতে প্রয়াত হোৱা স্নেহ দেৱী মাত্র স্কুললৈ পঢ়িছিল, তেওঁৰ অপূর্ব সুন্দৰ গল্পবোৰ ‘ৰামধেনু’ৰ পাতত জিলিকি আছে, তিনিখনমান গল্প-সংকলনো প্রকাশ পাইছে।

  • তৰুণ-তৰুণীলৈ এটা প্রশ্ন

     ‍ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী

      এক

মাদাৰ টেৰেছাক এজন সাংবাদিকে এবাৰ প্ৰশ্ন কৰিছিল- যুদ্ধৰ বিষয়ে চাৰিওফালে কত প্রতিবাদৰ আয়োজন কৰা হয়, আপুনি কিয় সেই প্রতিবাদত যোগদান নকৰে?

উত্তৰত তেখেতে কৈছিল- মোক শান্তিৰ হকে কাম কৰিব দিয়া, শান্তিৰ সপক্ষে কিবা আয়োজন কৰা, মই তাত আছোঁ।

কথাষাৰ সাধাৰণ আৰু গতানুগতিক যেন লাগিলেও ইয়াৰ মাজতেই লুকাই আছে মানুহৰ ভৱিষ্যৎ নিৰ্মাণৰ মন্ত্ৰ। এই পৃথিৱীখন যিসকলে অলপ হ’লেও সুন্দৰ কৰিছে, আগতকৈ যদি অলপ হ’লেও কিবা ভাল কৰিছে, তেনেহ’লে সেই সকলো কৰিছে এনে কিছুমান ব্যক্তিয়ে যিয়ে কিবা এটা নোহোৱাৰ বাবে অইনক সমালোচনাৰে থকা-সৰকা কৰাতকৈ, তাৰ প্ৰতি প্রতিক্রিয়া প্রকাশত নিজকে ব্যস্ত ৰখাতকৈ কিবা এটা সৃষ্টিৰ বাবে, দেশ, মানুহ আৰু পৃথিৱীৰ মংগলৰ বাবে অধিক সময় নিজকে ব্যক্ত ৰাখিছে। এই সত্যই প্রতিবাদৰ প্ৰয়োজনীয়তা নাই বুলি ঘোষণা নকৰে: প্রতিবাদতকৈও যে নিৰৱচ্ছিন্ন সৃষ্টিৰ প্ৰয়াসক অগ্রাধিকাৰ দিয়া উচিত, সেই চিৰন্তন সত্যকহে প্রকাশ কৰে।

এই কথাষাৰ অসমৰ তৰুণচামে যিমান সোনকালে হৃদয়ংগম কৰিব পাৰিব, সিমানেই অসমৰ ভবিষ্যৎ উজ্জ্বল হোৱাৰ সম্ভাৱনা অধিক হ’ব।

     দুই

নির্মোহ দৃষ্টিভংগীৰে ইতিহাসৰ পাত লুটিয়াই চালে দেখা যাব যে এই কথাষাৰ অকল সমগ্র পৃথিবীৰ ক্ষেত্ৰতে সঁচা নহয়, এখন দেশৰ ক্ষেত্ৰত, এখন ঠাইৰ ক্ষেত্ৰত, এখন সমাজৰ ক্ষেত্ৰত, আনকি এজন ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰতো সত্য। যিসকলে পৃথিৱী সলনি কৰিছে, যিসকলে এখন দেশৰ বাবে কিবা ভাল কাম কৰিছে, সেইসকলৰ জীৱন বিশ্লেষণ কৰিলে এটা কথা দেখা যাব যে তেওঁলোকে কোনো সমস্যাৰ প্ৰতি প্রতিক্রিয়া প্রকাশত যিমান সময় ব্যয় কৰিছে, তাতকৈ বহু বেছি সময় ব্যয় কৰিছে কিবা এটা সৃষ্টিৰ কামত। তেনে ব্যক্তিৰ জীৱনত একোটা সপোন থাকে আৰু সেই সপোন বাস্তৱত ৰূপান্তৰিত কৰিবৰ বাবে তেওঁলোকে অধিক সময় ব্যয় কৰে। কিন্তু অধিকাংশ মানুহে তাৰ বিপৰীতে যিকোনো ঘটনা-দুর্ঘটনাৰ বাবেই নিজত বাহিৰে সমগ্ৰ পৃথিৱীৰ প্রতি প্রতিক্রিয়া প্রকাশ কৰি আনন্দিত হৈ থাকে, কাৰণ তাৰ মাজত এক মাদকতা আছে, সহজ স্বীকৃতি আছে, আৰু কেতিয়াবা ই কিছু দ্রুত সফলতাও আনি দিয়ে।

      তিনি

দুর্নীতিৰ বাবে আমি সহজে প্রতিবাদ কৰিব পাৰোঁ, কিন্তু সৎ মানুহ সৃষ্টি কৰিবৰ বাবে আমি যি দীর্ঘম্যাদী প্রচেষ্টা হাতত লোৱা উচিত, তাৰপৰা আমি আঁতৰি থাকোঁ, মূল্যবোধৰ স্খলনৰ বিৰুদ্ধে আমি প্রতিবাদ কৰোঁ, কিন্তু সুস্থ মূল্যবোধ সৃষ্টিৰ বাবে যি কাম ধৈর্যসহকাৰে আমি কৰা উচিত, তাৰপৰা আমি আঁতৰি থাকোঁ অথবা ঘোষণা কৰোঁ সেই কাম আমাৰ নহয়, অইন কাৰোবাৰ বুলি। সুস্থ মূল্যবোধৰ সৃষ্টি কৰিব পাৰিলে মূল্যবোধৰ স্খলনৰ বাবে প্ৰতিবাদ কৰাৰ প্ৰয়োজন নহয়। সৎ মানুহৰ সৃষ্টি কৰিব পাৰিলে দুর্নীতিৰ বাবে আন্দোলন কৰাৰ প্ৰয়োজন নহয়। কিছুমান ব্যক্তিক সমস্যাই খেদি লৈ ফুৰে, কিছুমান মানুহক সপোনে টানি থাকে। অইন দেশৰ কথা ক’বই নালাগে, সপোনে টানি লৈ ফুৰা এজন মানুহ আছিল ভবেন্দ্র নাথ শইকীয়া। ডাঙৰ সপোন সদ্যহতে আমাৰ নহ’লেও হ’ব। সৰু সৰু সপোন নির্মাণতো যদি আমি আমাৰ কিছু সময় আন্তৰিকতাৰে ব্যয় কৰোঁ, তেনেহ’লে আমাৰ দুচকুৰ সন্মুখতে পৃথিৱীৰ ৰং ধীৰে ধীৰে চকুত লগাকৈ সলনি হ’ব।

    চাৰি

মোৰ ভাব হয়, অসমত আমি সমাধানৰ ক্ষেত্ৰত সামান্যতম দায়িত্বও নোলোৱাকৈ একো-একোটা সমস্যাৰ প্রতি প্রতিক্রিয়া প্রকাশৰ বাবে যিমান শক্তি আৰু সময় খৰচ কৰিছোঁ, তাৰ তুলনাত দেশখন গঢ়িবৰ বাবে একোৱেই কৰা নাই। গঢ়াৰ কথা বাদেই দিছোঁ,

অসমৰ ভৱিষ্যতক লৈ আমাৰ ব্যক্তিগতভাবেই হওক বা সামূহিকভাৱেই আমাৰ কিবা সপোন আছে নে নাই, আছে যদি সেই সপোনৰ প্ৰকৃত ৰূপ কেনেকুৱা, সেই সম্পর্কে আমাৰ কোনো স্পষ্ট ধাৰণা নাই।

       পাঁচ

এই অৱস্থাৰপৰা পৰিত্ৰাণ পোৱাৰ প্ৰথম পদক্ষেপ হিচাপে পৃথিৱীৰ ভৱিষ্যৎ নিৰ্মাণৰ বাবে আগবাঢ়ি অহা ‘জীবন’ৰ তরুণ-তরুণীসকলৰ ওচৰত এটা প্রশ্ন উত্থাপন কৰিব বিচাৰিছোঁ।

প্রশ্নটো হ’ল– ২০৫০-ত তুমি কেনেকুৱা এখন অসম দেখিলে আনন্দত উৎফুল্লিত হৈ উঠিবা, যিখন দেখিলে উলাহতে তোমাৰ কঁকাল ঘূৰাই নাচিবলৈ মন যাব, চিঞৰি চিঞৰি গান এটা গাই ৰাস্তা-পদূলি তাল-ফাল লগোৱাৰ বাসনা জাগিব, বুকু ফুলাই ‘মই অসমৰ’ বুলি ক’বলৈ মন যাব? ছবিৰ ৰূপত সেই পৰম আকাংক্ষিত অসমখন চাবলৈ চেষ্টা কৰা।

মই তোমালোকৰ সঁহাৰিৰ বাবে বাট চাই ৰ’লোঁ।

  • তৰুণ কবিৰ কবিতা

মনোজ শৰ্মা 

তৰুণ কবিৰ কবিতা এতিয়া অসমীয়া সাহিত্যৰ জগতত যথেষ্ট উত্তেজনাপূর্ণ আক বহুচর্চিত বিষয়। মানুহে কয় যে বিষয়টোৰ ওপৰত নতুনকৈ আলোচনা কৰিবলগীয়া নাই। কিন্তু আমাৰ ধাৰণা এনেকুৱা যে বিষয়টো সন্দর্ভত প্রণালীবদ্ধ আলোচনা হোৱা নাই আৰু সেইবাবেই কিছুমান সংগঠিত আলোচনাৰ আমি পোষকতা কৰোঁ। এইখিনিতে এটা জৰুৰী বিষয় উত্থাপন হোৱা উচিত। বেচ কিছুদিন ধৰি এচাম লেখকে প্রচাৰ চলাইছে যে তৰণ কৰিৰ কবিতাৰ যথাযোগ্য আলোচনা অসমত হোৱা নাই আৰু প্রকৃততে অসমত হেনো কোনো সমালোচকেই নাই। এচাম মধ্যবয়সী লেখক, ঔপন্যাসিকে বাৰে বাৰে তৰুণসকলক উচটাই পৰিস্থিতি অধিক জটিল কৰিছে। আমাৰ ধাৰণাত প্রকৃত ছবিখন কিন্তু অন্য। সমালোচনাৰ প্রতি এচাম তৰুণ কবিৰ মনোভংগী ইমান নেতিবাচক যে পূর্বসুৰী এচাম সমালোচকে নিজৰ সন্মান আৰু মর্যাদা ৰক্ষা কৰিবলৈ এক অঘোষিত যুদ্ধত অৱতীৰ্ণ হ’ব লগাত পৰিছে। অলপতে প্রকাশ পোৱা দুটা সাক্ষাৎকাৰত দুগৰাকী প্রসিদ্ধ

সঁচাকৈয়ে এক বেদনাদায়ক ঘোষণা হৈ পৰিছে। সেই দুটা সাক্ষাৎকাৰত কবি সমালোচক হীৰেন্দ্ৰ নাথ দত্ত আৰু হৰেকৃষ্ণ ডেকাই অকপটভাবে ঘোষণা কৰিছে যে তরুণ কবিৰ কবিতাৰ সমালোচনাৰ পৰা সম্প্রতি তেওঁলোক আঁতৰত আছে, কাৰণ সমালোচনাক তরুণ কবিয়ে খুব ‘ভায় ‘লেল্লী’ লয়। অথচ সত্তৰৰ দশকত ছবিখন আছিল সম্পূর্ণ বিপৰীত। বৌদ্ধিক জিজ্ঞাসাৰ প্রতি জ্ঞাপন কৰা সম্মান কেনেধৰণৰ হ’ব পাৰে তাৰ এটা তাৎপর্যপূর্ণ নিদর্শন স্থাপন কৰিছে শ্রদ্ধেয় নৱকান্ত বৰুৱাদেরে। শ্রদ্ধেয় হীবেন গোহাঁইদেৱৰ এটা চোকা সমালোচনাক তেখেতে ‘মোৰ আৰু পৃথিৱীৰ’ সংকলনখনত শ্রদ্ধাসহকাৰে প্ৰকাশ কৰিছে। আনকি ১৯৯৯ চনত সাহিত্য অকাডেমিৰ উদ্যোগত ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত এখন সৰ্বভাৰতীয় পৰ্যায়ৰ আলোচনাচক্রত নৱকান্ত বৰুৱাই কৈছিল, ‘যাঠি আৰু সত্তৰৰ দশকত এই ল’ৰাজনে (ডঃ হীৰেন গোহাঁই) কি লিখে আমি অগ্রজবোৰে উৎকণ্ঠাৰে তাক অপেক্ষা কৰিছিলোঁ।’ নৱকান্ত বৰুৱাই দেখুৱাই যোৱা এই উদাহৰণ প্ৰকৃততে বিদ্যায়তনিক অন্বেষণৰ প্ৰতি যথার্থ সম্মান। এনেদৰেই সৃষ্টি হয় বৌদ্ধিক ঐতিহ্য।

তৰুণ কবিৰ কবিতাৰ যথাসম্ভৱ গুৰুত্বপূৰ্ণ অথচ জটিল প্রশ্ন এইটো যে কবিতাক তেওঁলোকে কি হিচাপে গণ্য কৰে। নিতান্তই আৱেগনিৰ্ভৰ আৰু এৰাব নোৱাৰা এটা পৰিস্থিতি বুলি নে এক উচ্চত্তৰৰ শিল্পরূপৰ ভাবনাত। কবিতাক আবেগগরিত্বল মানসিক অৱস্থাৰ অনিবার্য পরিণামৰূপে গণ্য করা কোনো তৰুণ করিয়ে সহস্র কবিতাৰ কৃষ্ণচূড়াৰ তলত থিয় হৈ ভালপোৱা বয়সৰ কাৰোবাৰ পৰা হয়তো হাজাব হাজার হাততালি গোটাব পাৰে, কিন্তু সেই কবিতাই কবিতাৰ অৱধাৰিত শিল্পরূপ কিদৰে সৃষ্টি কৰিব তাৰ নিশ্চিতিহে পোরা নাযায়। অৱশ্যে এটা কথা নিশ্চয়কৈ কোৱা যায় যে কবিতাৰ শিল্পরূপ অনুধাৱন কৰিবলৈ চেষ্টা নকৰাকৈও সৰহভাগ তৰুণ কবিয়ে কবিতাৰে এচাম উৎসাহী পাঠক সৃষ্টি কৰাত সফল হৈছে আৰু তৰুণ কবিৰ কবিতাক সমকালীন প্রেক্ষাপটত এক উত্তেজনাপূর্ণ বিষয়ৰূপে প্রতিষ্ঠা কৰাত এইচাম পাঠকৰ ভূমিকা প্রশ্নাতীত। কবিতাৰ জগতখনত এনেবোৰ পৰিস্থিতি নতুন নহয়। যোৱা শতিকাৰ চল্লিছ আৰু পঞ্চাছৰ দশকৰ ইংলেণ্ডৰ কলেজ আৰু যুনিভাৰ্চিটীবোৰৰ পৰিবেশৰ সৈতে আজিৰ অসমৰ পৰিস্থিতিৰ এক আমোদজনক সাদৃশ্য আছে। সেইখিনি সময়ত ইংলেণ্ডৰ কলেজ আৰু যুনিভাৰ্চিটীৰ ছাত্ৰৰ মাজত কবিতাৰ এক অদ্ভুত উন্মাদনাৰ সৃষ্টি হৈছিল। অজস্ৰ কবিৰ জন্ম হৈছিল প্রায় প্রতিদিনেই। সেই পৰিস্থিতিটো সঁচাকৈয়ে আছিল উপভোগ্য। এটা সময়ত তেওঁলোকে ঘোষণাই কৰি দিছিল যে এলিয়ট, ফিলিপ লাৰকিন, ডিলানটেমাচৰ দৰে কবিক অবজ্ঞা আৰু স্থানচ্যুত কৰিবলৈ তেওঁলোকে ভাল পাব। কিন্তু ইংলেণ্ডৰ তৰুণ কবিসকলে বিচৰা ধৰণে আচলতে একোৱেই নঘটিল। প্রায় এক দশকৰো অধিক কালজুৰি চলা সেই উন্মাদনা ক্রমশঃ স্তিমিত হৈছিল আৰু কবিতাৰ প্ৰকৃত পাঠক এদিন পুনৰ উভতি আহিছিল কবিতাৰ মাজলৈ। চল্লিছৰ দশকত নিশ্চয় ইংলেগুতো কৃষ্ণচূড়া আছিল আৰু কৃষ্ণচূড়াৰ ছাঁতেই কবিতাৰ সর্বশেষ সিদ্ধি বুলি পতিয়ন যোৱা হাজাৰ হাজাৰ পাঠক আছিল। সংগঠিত আধুনিক রূপ লোৱাৰে পৰা সৃষ্টি আৰু সাধনাই কবি আৰু কবিতাৰ পথ নিৰ্ণয় কৰিছে। তৰুণ তর্কবীৰ কোনোবাই হয়তো ক’ব যে এই হাল্লা, আত্মবিভাজন আৰু মূৰ আচন্দ্ৰাই কৰা ভোগ্য পণ্যৰ যুগত সাধনাৰ সুযোগ ক’ত। উৎসাহী পাঠক আৰু তৰুণ কবিয়ে ভবাৰ দৰে কথাবোৰ ইমান সৰল নহয়। যদিহে সাধনাৰ সুযোগ নাই, তেন্তে সৃষ্টিও সম্ভৱ নহয়, আৰু যদি সৃষ্টি সম্ভৱ নহয়, তেন্তে কবিতাও সম্ভব নহয়। কিন্তু সাম্প্রতিক অসমৰ পৰিৱেশে আমাৰ ঘোষণাক কোনোপধ্যেই সমর্থন নজনায়। এনে লাগে যেন অসমত এতিয়া কেৱল কবিতাৰেই বজাৰ আছে। কিন্তু যেতিয়াই আমি তৰুণ কবিৰ কবিতা পঢ়িবলৈ লওঁ, তেতিয়াই মন-মগজুত কিহবাই ৰোকে। কি যে ভয়াবহভাৱে আমি অসহায়। কেৱল আমি ভাবোঁ, সমস্যাটো ক’ত যাৰ বাবে সৰহভাগ তৰুণৰ কবিতা

আনকি সৃষ্টিৰ দাঁতি-কাষৰীয়াও হ’ব নোৱাৰেগৈ। আটাইতকৈ আচৰিত হওঁ তেতিয়া, যেতিয়া দেখোঁ যে বিপুলভাৱে সমাদৃত, জনপ্রিয় অনেক কবিতাত আনকি কবিতাৰ প্ৰাথমিক লক্ষণবোৰো স্পষ্ট নহয়। আভ্যন্তৰীণ সামঞ্জস্য (Internal Consistency), শব্দব সংহতি আৰু সংগতি, উদ্ভাবনী ক্ষমতা একোৰেই যেন চিন-মোকাম নাই। অথচ এনেবোৰ কবিতাই ইমানকৈ জনপ্রিয়তা আর্জিছে যে সাহিত্যৰ হিচাপ-নিকাচ মুহূর্ততেই যেন সলনি হ’ব। এই পৰিস্থিতিত আমি প্রায় নিশ্চিত হওঁ যে ক’ৰবাত নিশ্চয় কেৰোণ আছে। সৃষ্টিৰ ন্যূনতম দায়বদ্ধতা অনুভর নকৰাকৈ, বহু কবিতাত আনকি প্রাথমিক লক্ষণবোৰকেই কাষৰীয়া কৰাৰ পাছতো তৰুণ কবিৰ এনেবোৰ কবিতাই বিপুল জনপ্রিয়তা অৰ্জাৰ কাৰণ কি? কাৰণ এটা নহয়। বহুতো পৰস্পৰবিৰোধী আৰু চিন্তাজনক কাৰণ একেটা সময়তে নির্মিত হৈছে আৰু সিয়ে তৰুণ কবিৰ কবিতা জনপ্রিয় হোৱাৰ এখন উৰ্বৰ ক্ষেত্ৰ সৃষ্টি কৰিছে। কবিতাক হঠাৎ জনপ্রিয় কৰি তুলিবলৈ কিছুমান কৌশলৰ প্ৰয়োজন। যোৱা এটা দশকৰ আমাৰ কৰুণ অভিজ্ঞতা এই যে এচাম জনপ্রিয় তরুণ কবিয়ে জনপ্রিয় হোৱাৰ কৌশল উদ্ভাৱনতেই নিয়োগ কৰিছে নিজৰ সমস্ত প্রতিভা। তরুণ কবিৰ এই উদ্ভাৱনৰ ভেটিটো সমসাময়িক সামাজিক গতি-প্রকৃতিৰ মাজতেই বিচাৰি পোৱাটো সম্ভব। সমাজ এখনৰ যুৱ সম্প্রদায়টোক কেন্দ্র কৰি সূক্ষ্ম চাতুৰ্যৰে উন্মাদনাময় পৰিস্থিতিৰ সৃষ্টি কৰাটো নতুন কথা নহয়। আমাৰ তৰুণ কবিয়ে উদ্ভাৱন কৰা প্ৰথম আৰু প্রধান কৌশল এইটোৱেই। নিজৰ কবিতাৰ মাজত তেওঁলোকে এনে কিছুমান শব্দসমষ্টি সৃষ্টি কৰিছে, যাৰ শ্ৰৱণ আৰু পঠনে যুৱ সম্প্রদায়ৰ হৃদয়ত প্রচণ্ড উন্মাদনাৰ সৃষ্টি কৰিব পাৰে আৰু এনে উন্মাদনাই অনিবার্যভাবে মুকলি কৰিব পাৰে তৰুণ কবিৰ আকাংক্ষিত জনপ্ৰিয়তাৰ সোণালী দুৱাৰ। কিন্তু সোণালী দুৱাৰৰ চিকিনি দেখি আমি বিচলিত নহওঁ; বৰং আমাৰ উদ্বিগ্নতাৰ কাৰণ এই যে শব্দসমষ্টিকেই কবিতা বুলি স্বীকাৰ কৰি ল’বলৈ তৰুণ কবিয়ে নিঃসংকোচে ৰাজহুৱা দাবী উত্থাপন কৰিছে। এইখিনিতে তৰুণ কবিৰ কবিতাৰ অন্য এটা স্তৰলৈ আমি ভুমুকিয়াব খোজোঁ।

শব্দসমষ্টি সৃষ্টিৰে উন্মাদনাৰ সৃষ্টি কৰি সম্ভাত বাজীমাৎ কৰা তৰুণ কবিয়েই সৰহ যদিও এনে দুর্যোগলগ্নতো এচাম নিষ্ঠাবান তৰুণ উৎসাহেৰে ওলাই আহিছে কবিতাৰ কঠিন জগতখনলৈ। এইচাম কবিৰ মতি-গতি অসমীয়া সাহিত্যৰ বাবে আদৰণীয়, কাৰণ সংখ্যাত তাকৰ হ’লেও এইচাম কবিৰ কবিতাত অনুভূত হয় সৃষ্টিৰ প্রতি সম্মান আৰু নিজক পৰীক্ষণৰ অন্তহীন বাসনা। কিন্তু আমাৰ যন্ত্ৰণাৰ যেন অন্ত নপৰিবই এতিয়া। যিসকল তৰুণ কবি অন্ততঃ সুস্থ সাহিত্য-চিন্তাৰে আগবাঢ়িবলৈ প্রস্তুত, তেওঁলোকেও এনে কোনো পথ নিৰ্ণয় কৰিব পৰা নাই যি পথ কাব্যৰ উৎকৰ্ষৰ, বিদ্ৰোহৰ আৰু সাধনাৰ। 

তৰুণ কবিৰ কবিতাৰ বস্তুনিষ্ঠ অধ্যয়নৰ সময়ত প্রয়োগবাদী চিন্তাৰ প্ৰক্ৰিয়াবোৰো জাৰি-জোকাৰি চাব লাগিব। যোৱা ডেৰ দশকৰ আৰ্থ-সামাজিক গতিবিধি সূক্ষ্মভাবে লক্ষ্য কৰিলে বুজা যায় যে প্রয়োগবাদী দৃষ্টিভংগীৰ প্ৰতি কেৱল বিল গেছ বা চন্দ্ৰবাবু নাইডুৰেই আগ্রহ বঢ়া নাই, আমাৰ অসমীয়া তৰুণ কবিও সমানেই আগৰণুৱা। সত্যৰ খাতিৰতেই এই কথা বুজা প্রয়োজন- প্রয়োগবাদী দৃষ্টিভংগীৰে কাব্যচিন্তাৰ পথ নিৰূপণ কৰাৰ পৰিণামত এতিয়া অসমত স্বৰূপাৰ্থত মুক্ত বজাৰ অৰ্থনীতি আৰু কবিতাৰ গঠন প্ৰকৃতিৰ মাজত পার্থক্যই নোহোৱা হ’ল। ফলত যি বৌদ্ধিক জিজ্ঞাসাই কবিতাৰ গভীৰ অন্বেষণৰ পথ প্রশস্ত কৰে, তেনে বৌদ্ধিক ঐতিহ্যব পৰা তৰুণ কবিকুল হৈ পৰিল সম্পূর্ণ বিচ্ছিন্ন। কিন্তু এই বিচ্ছিন্নতাৰ স্বৰূপ আবিষ্কাৰ কৰাটো তৰুণ কবিৰ বাবে সম্ভৱ নহ’ব। এনে মানসিক বিভ্রমৰ ৰূপটো স্পষ্ট কৰিবলৈ এটা উদাহৰণ প্ৰাসংগিক হ’ব পাৰে। কিছুদিনৰ আগতে এগৰাকী জনপ্রিয় তরুণ কবিয়ে এখন সাপ্তাহিক কাকতত লিখিছিল, ‘সমালোচকৰ সমালোচনাক গুৰুত্ব দিয়াৰ কোনো প্রয়োজন নাই। কবিতাত ভাষাৰ ব্যৱহাৰ উপলব্ধি কৰিবলৈ বেজবৰুৱাৰ ভাষা অধ্যয়ন কৰিলেই তৰণ কবিৰ সকলো সমস্যাৰ সমাধান হ’ব।’ এয়াই বৌদ্ধিক শূন্যতা। বেজবৰুৱাৰ ভাষা হঠাৎ আকাশৰ পৰা সৰি পৰা নাছিল। তৎকালীন অসমৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক পটভূমিৰ বিশ্লেষণতহে বেজবৰুৱাৰ হাতত সেই ভাষাৰ নিৰ্মাণ সম্ভব হৈছিল। আর্থ-সামাজিক পটভূমিত গভীৰ সামন্তীয় প্রভাব আৰু নব্য-পুঁজিবাদৰ পাৰস্পৰিক দ্বন্দ্বৰ মাজত বেজবৰুৱাই সেই স্ফটিকোজ্জ্বল ভাষা নিৰ্মাণৰ ভেটিটো বিচাৰি পাইছিল। কিন্তু তৰুণ কবিৰ মানসিক অৱস্থাটোক বৌদ্ধিক স্ন ‘বাৰি বুলিও ভাবিব নোৱাৰি, আৰু আনপিনে এটা নিষ্ক্রিয় মানসিক ঢাল বুলিও ভাবি ল’ব নোৱাৰি। বৌদ্ধিক শূন্যতাৰ পৰিণামে ব্যক্তিসত্তাৰ মনৰ মাজত কিছুমান ৰোমাণ্টিক, এডবেন্সাৰধৰ্মী মীমাংসাৰ জন্ম দিয়ে আৰু এক বিলাস-ভাবনাত ব্যক্তিসত্তাই নিজেই নিজক এটা গতিশীল ঐতিহ্যৰূপে দাবী কৰিব খোজে। এনে বিড়ম্বনাময় অৱস্থাৰ এক গভীৰ বিশ্লেষণত প্রখ্যাত ফৰাচী দার্শনিক মিশেল ফুকোবে লিখিছে-The claim to escape from the systems of contemporary reality so as to produce the overall programs of another society, of another way of thinking, another culture, another vision of the world, has led only to the return of the most dangerous tradition. অইন এক সম্ভাৱনাৰ কথাও আমি অস্বীকাৰ কৰিব নোৱাৰিম। যোৱা শতিকাৰ নব্বৈৰ দশকত বিপ্লবী ৰোমাণ্টিকতাৰ যি কুচকাৱাজ আমি অসমত দেখিছিলোঁ, সি আন নহ’লেও অন্ততঃ এটা নতুন চিন্তাৰ পথ অসমত মুকলি কৰিছে। সেয়ে আচৰিত যেন লাগিলেও এই কথা আজি সত্য যে তরুণ কবিয়ে অসমীয়া কবিতাৰ বিশাল ঐতিহ্যক মূলসুঁতিৰ দমন বুলি ভাবি ল’ব পাৰে। কিন্তু এইক্ষেত্রতো তেওঁলোকে কিছুমান মাৰাত্মক প্ৰশ্নৰ হাত সাৰিব নোৱাৰিব। ঐতিহ্যক মূলসুঁতিব দমন বুলি ঘোষণা কৰিলেই ঐতিহ্য কাষৰীয়া হৈ নাযায়; বৰং সজীৱ আৰু সক্রিয় বৌদ্ধিক অন্বেষণেৰে প্রতিনিয়ত ঐতিহ্যক প্রত্যাহ্বান জনাব নোৱাৰিলে এই জিজ্ঞাসাৰ পথটো হ’ব ভ্রান্ত আৰু ভ্ৰান্ত পথেৰে নিজক ধ্বংস কৰাৰ সম্ভাৱনাহে অধিক স্পষ্ট। অসমীয়া কবিতাৰ ঐতিহ্যৰ এক গভীৰ মননশীল ভিত্তি আছে, কিছুমান তুলুঙা আৰু তৰাং চিন্তাৰে এই ভেটি গঢ়ি উঠা নাই। সেয়ে যদি কোনোবাই ঐতিহ্যৰ নৱনিৰ্মাণৰ দায়িত্ব ল’ব খোজে, তেন্তে এই কথা নিশ্চিত হ’ব লাগিব যে সাধনা আৰু জিজ্ঞাসাব প্রতি তেওঁৰ অসীম আস্থা আছে, অন্যথাই উন্মাদনাময় পৰিস্থিতি সৃষ্টিৰে অসমীয়া কবিতাৰ জগতখনলৈ তৰণ কবিয়ে যি ভয়াৱহ স্থূলতা আমদানি কৰিছে সেই ক্ষতিৰ সকলো দায়িত্ব মূৰ পাতি ল’বলৈ তেওঁলোক মানসিকভাবে সাজু থাকিব লাগিব।

  • চাহ শ্রমিক সমাজৰ শিল্পকলা-চৰ্চা

কমল কুমাৰ তাঁতী

 অসমৰ চাহ শ্রমিক সমাজ আৰু আদিবাসীসকলৰ এক স্বতন্ত্র সাংস্কৃতিক চেতনা আৰু উচ্চবর্গীয় সংস্কৃতিৰ সৈতে কেতিয়াও বিলীন নোহোৱা সাংস্কৃতিক ঐতিহ্য আছে। তেওঁলোকৰ উপৰিপুৰুষসকল ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰপৰা আহি অসমত সমবেত হৈছিল। ভাৰতৰ বিভিন্ন প্ৰান্তৰপৰা আহোঁতে এই লোকসকলে নিজস্ব কলা-সংস্কৃতি, পূজা-পৰৱ, উৎসৱ-পার্বণ, নৃত্য-গীত, যাত্রা-নাটক, লোককবিতা-লোকগাঁথা আদি লগত লৈ আহিছিল আৰু এইবোৰৰ সুষম সমন্বয় আৰু সমষ্টিয়েই আজিৰ চাহ শ্ৰমিকৰ জনসংস্কৃতি। এনেদৰে এক সুষম সমন্বয় প্ৰক্ৰিয়াৰ মাজেদি গঠন গোৱা চাহ শ্ৰমিকৰ সংস্কৃতি পৰম সম্পদশালী হোৱাটো স্বাভাবিক সামগ্রিকভাৱে অসমৰ চাহ শ্ৰমিকৰ শিল্পকলাৰ ঐতিহ্য সম্পর্কে বিশেষ কোনো আলোচনাই হোৱা নাই। অসমৰ ৰাইজে চাহ শ্রমিকৰ শিল্পচর্চাক বিশেষ গুরুত্ব দিব নুখুজিলেও, তেওঁলোকৰ জ্ঞাতাৰ্থে জনাওঁ যে চাহ শ্রমিকসকলৰ মাজত অনেক পৰম্পৰাগত লোকশিল্পী, চিত্রশিল্পী আৰু ভাস্কর্যশিল্পী আছে আৰু এওঁলোকৰ শিল্পকলাৰ মান অসমৰ বহুতো মূলসুঁতিৰ চহৰীয়া শিল্পীৰ তুলনাত যথেষ্ট পৰিমাণে উন্নত মানৰ।

লোকশিল্পৰ চৰ্চাৰ ক্ষেত্ৰতো চাহ শ্রমিক লোকসকল বৰকৈ আগবঢ়া। তেনে এটা লোকশিল্প হৈছে দেৱাল চিত্র। চাহ শ্রমিক লোকসকলৰ ঘৰৰ বেৰত গুহাচিত্ৰৰ আৰ্হিৰে তৈয়াৰী কিছুমান চিত্র দেখিবলৈ পোৱা যায়। কেৱল ছবিয়েই নহয়, মাটিৰ বেৰত মাটিবেই ওখ-চাপৰ কৰি কিছুমান অৱয়ৱধর্মী ভাস্কর্যও দেখা যায়। দেৱাল চিত্রসমূহৰ বিষয়বস্তু মূলতঃ পদুম ফুল, হাতী, হৰিণ, ঘোঁৰা আদি। এই চিত্ৰসমূহৰ ৰংবোৰ সাধাৰণতে প্রাকৃতিক উপাদানৰ পৰা লোৱা, যেনে- বিভিন্ন প্ৰকাৰৰ মাটি ৰং, এঙাৰৰ ক’লা ৰং, চূণৰ বগা ৰং, হালধিৰ হালধীয়া ৰং, গছৰ পাতৰ সেউজীয়া ৰং। চিত্রসমূহ সাধাৰণতে জ্যামিতিক পদ্ধতিৰে আঁকা।

তদুপৰি চাহ শ্রমিক লোকসকলে ঘৰৰ মজিয়া মচোঁতে সুন্দৰ চিত্ৰ অংকন কৰা দেখা যায়। এই চিত্ৰবোৰ সাধাৰণতে মহিলাসকলে আঁকে। ধান খেৰৰ ছাই কুমাৰৰ মাটিৰে লেপি এই চিত্ৰবোৰ আঁকা হয়। বাঁহৰ খুঁটাবিলাকো মাটিৰে লেপি, তাৰ ওপৰত বং ঘাঁহ চিত্র আঁকা হয়। ঘৰৰ ভিতৰৰ বেৰত বিভিন্ন ৰঙৰ মাটিৰে, জ্যামিতিক আকাৰেৰে ত্রিকোণীয়া, চাৰিকোণীয়া পাৰি (Border) দিয়া হয়। চাহ শ্রমিক লোকসকলৰ মাজত ‘খদনা/খদা’ (Tatoo) লোৱা প্ৰথাৰো প্ৰচলন আছে। বিশেষকৈ চাওতাল, মুণ্ডা, ওৰাং, চাওৰা, বাউৰী, কয়া, ভূমিজ, কুর্মী আদি লোকসকলে খদনা লয়। আন বহুতো লোককলা বা লোকশিল্পৰ প্ৰচলন চাহ শ্রমিক লোকসকলৰ মাজত থাকিলেও সময়ৰ সোঁতত সেইবোৰ হেৰাই যোৱাৰ উপক্ৰম হৈছে। মোৰ বিশ্বাস, চাহ শ্রমিকৰ কলা-সংস্কৃতিৰ ধাৰা আৰু অপৰূপ উপাদানসমূহক পৰিমাৰ্জিত ৰূপত সংৰক্ষণ আৰু বিকাশ ঘটাই অসমৰ সংস্কৃতিৰ ভাণ্ডাৰটো আৰু অধিক চহকী কৰিব পৰা যায়।

  • নীৰৱজনৰ কাৰণে সমাজ

সঞ্জীব সভাপণ্ডিত

ৰাস্তাটোৰ দুয়োফালে বোকা। বাঁবে-সোঁরে, মাজত, সকলোতে গাঁত। ভোঙা ডোঙা পানী। সকলোবে জ্ঞানীসকলে প্রণিধান কৰা মধ্যম পন্থা ল’বলৈ বিচাৰিছে।

আগে আগে বাইচাইকেল চলাই টপামুৰীয়া কিন্তু ডেকা চানেকীয়া: মানুহজনে যিমান পাৰে বেগত পেডল মাৰিছে। পিছে পিছে বুকুত কঁপনি তোলা, কাণ ফাটি যোৱা, চক খুৱাই দিয়াকৈ হর্ন বজাই এখন চিটাবাছ। কলা এসোপা ধোঁৱা অনবৰতে ওলাই আছে। ইঞ্জিনব শব্দ কর্কশ। পাওদানিত ওলমি যোৱা কণ্ডাক্টৰৰ সহযোগীহেন পোৱালি ল’ৰা এটাই বাছখনত ভুকু মাৰি মাৰি চিঞৰি আহিছে- এই-ই-ই ছাইড, ছাইড-এ-ই-ই-ই চাইকেল, টাব্বু…।

চাইকেল চালকজনে কোনোপধ্যে আৰু দাঁতিলৈ যাব পৰা নাই। বোকা, ইটা, পানী, গাঁত, জাবৰ সকলোৱে মিলি তেওঁক অসহায় কৰি পেলাইছে। ইফালে দানৱৰ দৰে চিটীবাছখন ওচৰ চাপি তেওঁক পিছফালৰপৰা খুন্দিয়াও খুন্দিয়াওঁ কৰিছে। হর্নটোতো অনর্গল বাজিয়েই আছে।

অৱশেষত যিটো হ’ব লগা আছিল সেয়াই হ’ল। ৰাস্তাৰ দাঁতিৰপৰা মই চাই থাকিলোঁ।

চাইকেল চলোৱাজনেতো অনর্থক শব্দ সৃষ্টি কৰা নাই। তেওঁতো কোনো ক’লা ধোঁৱা উলিওৱা নাই। তেওঁতো কোনো অবাঞ্ছনীয় পৰিস্থিতিৰ সৃষ্টি কৰা নাই। বিপৰীতে বাছখনে? আতংকময় পৰিৱেশ, শব্দ প্রদূষণ, বায়ু প্রদূষণ।

কিন্তু নিৰীহ-নিমাখিতজনৰ বাবে ৰাস্তাত বাট নাই। তেওঁক যাব নোৱাৰা ঠাইলৈ ঠেলি লৈ যোৱা হৈছে। তেওঁ অসহায় হৈ পৰিছে। প্রাণটাকি চেষ্টা কৰা সত্ত্বেও তেওঁ সঙ্কলন ৰক্ষা কৰিব পৰা নাই। বোকা-পানীত ভূলুণ্ঠিত হোৱাৰ পাছত তেওঁ কেৱল এটা কৰণ চাৱনিৰে চাৰিওফালে চাইছে। তেওঁৰ কাৰণে ৰাজহুৱা স্থানত ঠাই নোহোৱা হৈছে।

যোৱা ৯ ছেপ্টেম্বৰত দিল্লীত কেইজনমান ব্যক্তিৰ সৈতে কিছু কথা পতাৰ অৱকাশ হৈছিল। নিজৰ গুণ-গৰিমা জাহিৰ কৰি কিছুমান মানুহে যে দদপাই থাকি ডকা-হকা দি কাম আদায় কৰে সেইবোৰ কথা ওলাইছিল।: ক্ষমতাশালী ব্যক্তিৰ হতুৱাই কোৱাই, প্রভাবশালী নেতাৰ হতুৱাই কোৱাই: কেৱল পৰিসংখ্যাৰ তথ্যৰে আভুৱা ভাঁৰি কাম লোৱাৰ, টকা ঘটাৰ সৰ্বগ্রাসী মানসতাৰ কবলত পৰি প্ৰায়বোৰ মানুহেই যে অদ্ভুত আচৰণ কৰিবলৈ লৈছে সেইবোৰ কথা ওলাইছিল।

নিজকে বিক্ৰী কৰাৰ কথা এটা উত্থাপিত হয় এই প্রসংগতে। ‘বিক্রী’ মানে ঠিক বিক্রী নহয়। কিছুমানে নিজৰ দেহ বিক্ৰী কৰে, কিছুমানে নিজৰ বুদ্ধি বিক্ৰী কৰে, কিছুমানে নিজৰ জ্ঞান বিক্ৰী কৰে, কিছুমানে নিজৰ সম্পত্তি বিক্ৰী কৰে, কিছুমানে নিজৰ প্ৰতিভা বিক্ৰী কৰে। যুগে যুগে এইবোৰ চলি আহিছে আৰু চলি থাকিব।

আমাৰ মানুহে নিজকে ভালদৰে উপস্থাপন কৰিব নোৱাৰে বুলি এটা কথা প্রায়েই শুনা যায়। একে গুণসম্পন্ন বা অধিক গুণসম্পন্ন এজন অসমীয়া মানুহে নিজকে উপস্থাপন কৰিব নোৱাৰাৰ বাবেই বহু ক্ষেত্রত (প্ৰায়বোৰ ক্ষেত্ৰতে) পাব লগা কামৰপৰা বা সুবিধাৰপৰা বঞ্চিত হয়। বহুতে এইটো কথাক আমাৰ মার্কেটিং কোৱালিটী নাই বুলি কয়। চাকৰি বাকৰিৰ ক্ষেত্ৰত, ইণ্টাৰভিউ আদিৰ ক্ষেত্ৰত এইবোৰ কথা ওলায়।

কথাটো মানি ল’ব পাৰি। নিজকে ভালদৰে পৰিচালনা (conduct) কৰাটো  ব্যক্তিত্বৰে এটা দিশ। এইবোৰৰ কাৰণে চর্চা লাগে। পৰিস্থিতি বিশ্লেষণ কৰি সেইমতে নিজকে সাজু কৰি তোলাটো প্রস্তুতিৰ ভিতৰুৱা কথা।

মই ঠিক এইটো কথা ক’বলৈ যোৱা নাই। নিজকে ‘বিক্রী’ কৰাটো এটা ‘কলা’। দেহ বিক্ৰী কৰাকে আদি কৰি সকলোবোৰ ‘বিক্ৰী’ৰ কথাত এটা উপযুক্ত বিনিময়ৰ কথা থাকে। যেনে- মই এইখিনি কথা জানো, তুমি নাজানা, গতিকে ইমান পৰিশ্রমিকৰ বিনিময়ত মই এইখিনি কাম তোমাক কৰি দিম বা তুমি পাবলৈ বিচৰাখিনি মই দিছোঁ, বিনিময়ত…।

মানুহৰ শিক্ষা আহৰণৰ উদ্দেশ্যই যেন এইটো- কিবা এটা বিষয়ত পাবদর্শী হৈ সেই পাৰদৰ্শিতাৰে সেৱা কৰি বিনিময়ত এটা পাৰিশ্রমিক আহৰণ কৰাটো।

মই ক’বলৈ বিচৰা কথাটো হৈছে সেইসকলৰ বিষয়ে, যিসকল প্রতিভাবান কিন্তু যিসকল জন্মগতভাবে অথবা স্বভাবগতভাবে ‘নীৰৱ’, যি উপযাচি গৈ নিজৰ গুণ জাহিৰ কৰিব নোৱাৰে, লাজ কৰে বা সংকোচ কৰে বা দিগ্দাবি পায়। হয়তো তেওঁলোকে উচ্চস্বৰত কথা ক’ব নোৱাৰে। হয়তো তেওঁলোকে গাৰ জোৰেৰে আন এজনক ঠেলি নিজৰ কামটো আগেয়ে কৰি আনিব নোৱাৰে। সদায় তেওঁলোক পিছত থাকি যাব লগা হয়। সৃষ্টিশীলজন ভাবুক হয়, চিন্তাশীল হয়, সংবেদনশীল হয়। তেওঁলোকে বহির্জগতত বিচৰণ কৰাতকৈ মনৰ জগতত বিচৰণ কৰি ফুৰিবলৈ বেছি ভাল পায়। তেওঁলোকে কাৰো ভাগৰপৰা একো কাঢ়ি আনিব নিবিচাৰে। নিজৰ প্ৰাপ্যখিনি নাপালে তেওঁলোকে দুখ পায়, অভিমান কৰে। মনে মনে কান্দে। কাৰো ওপৰত উষ্মা প্রকাশ কৰিবলৈ তেওঁলোকৰ মনে নকয়। 

মই এইসকলৰ কথা কৈছোঁ।

সেইদিনাৰ আলোচনাত ঠিক এনে এটা কথা ওলাইছিল- ভাল সমাজ এখন কি? মই সংজ্ঞা দিছিলোঁ- যিখন সমাজে এই ‘নীৰৱ’ মানুহকেইজনক চিনি পায় আৰু তেওঁলোকৰ মন ভাগি নোযোৱাকৈ ৰাখিব পাৰে, সেইখনেই ভাল সমাজ (The society that is sensitive to the silent (not dumb) ones, that cares for the quiet ones, is a good society.)। হৈ-হাল্লা কৰি থকাকেইজন বাতৰিৰ শিৰোনামাত থাকিব পাৰে। কিন্তু এই নীৰৱসকলৰ ‘মান’ সুকীয়া। সমাজে তেওঁলোকক চিনি পাব পাৰিব লাগিব।

এটা সাক্ষাৎকাৰতে এজন বিষয়াই এজন প্রার্থীক হয়তো প্রকৃততে চিনাক্ত কৰিব নোৱাৰিব পাৰে। অচিনাকি ল’ৰা-ছোৱালী এগৰাকীক ৫/১০ মিনিটৰ ভিতৰতে বুজি উঠা সম্ভবো নহয়। তেওঁক বুজি পাব তেওঁৰ সতীর্থসকলে, তেওঁৰ পৰিয়ালে, তেওঁৰ সহচৰসকলে।

এটা সৰু ল’ৰাই শিক্ষক দিৱসৰ দিনা এগৰাকী শিক্ষয়িত্ৰীৰ কাৰণে এখন কাগজত এখন ছবি আঁকিলে আৰু বাৰীৰপৰা ছিঙি আনি এপাহ অপৰাজিতা ফুল চেল’টেপ মাৰি লগাই দি দিলেগৈ। শিক্ষয়িত্ৰীগৰাকীৰ নাম : অপৰাজিতা…। শিক্ষয়িত্ৰীগৰাকী অভিভূত হৈ পৰিল। ল’ৰাটোৱে আৰু : একো নক’লে। সি লাজকুৰীয়া।

এই সূক্ষ্ম অনুভূতিকণ কেনেকৈ সমাজলৈ এতিয়া বিয়পি যায়। ইউৰোপৰ : এখন দেশত কেৱল বাইচাইকেলচাৰীৰ কাৰণে সুকীয়া ৰাস্তা আছে। অলপ ঠাইত নহয়, প্রায় এক লাখ কিলোমিটাৰ। তেওঁলোকে সুস্থ-সবল দেহৰক্ষণত আৰু পৰিৱেশ সুন্দৰকৰণত অৰিহণা যোগাইছে। গতিকে : তেওঁলোকৰ কাৰণে সমাজৰ এই চিন্তা।

– মোৰ ভ্রাতৃপ্রতীম এজন শিল্পী আছে। ঘৰুৱা নাম বাবা। পোছাকী নাম অনুপ হাজৰিকা। তেজপুৰৰ প্ৰয়াত শিল্পী লম্বোদৰ হাজৰিকাৰ ল’ৰা। বাবাই তেজপুৰৰ বাণ থিয়েটাৰৰ সম্মুখত মূল প্রবেশদ্বাৰত কিছু ভাস্কর্য প্রতিষ্ঠা কৰিছে। টেৰাক টা আৰ্হিৰ মূর্তিবিলাকৰ মুখাৱয়বত তৃতীয় নয়নৰ বং আৰু মুখ (ওঠ)-ৰ বং একে দিছে। কাৰণটো সুধিলোঁ। ক’লে যে ভাৰতীয় সংস্কৃতিত জ্ঞান অতীজৰেপৰা শ্রুতিৰ মাধ্যমেৰে সঞ্চাৰ হৈছিল। তৃতীয় নয়ন জ্ঞানৰ প্রতীক। মুখেৰে মানুহে কয়। মানুহৰ কথাই মানুহৰ জ্ঞান।

ব্যাখ্যাটোৱে মোৰ মনটো আলোড়িত কৰিলে। আনুষ্ঠানিক শিক্ষাত দুর্বল আৰু দৈহিকভাবে চকুত নপৰা এই যুৱকজনৰ চিন্তাৰ অনন্যতাই মুগ্ধ কৰিলে। বাণ থিয়েটাৰতে তেওঁ শিৱৰ নটা ভাস্কর্য সৃষ্টি কৰিছে। শিৱৰ গাৰ ছালখন তেওঁ চেলাই পেলাইছে। ভিতৰৰ মাংস উলিয়াই আনিছে। তেওঁৰ ধাৰণাৰ মাত্রা (Dimension of Concept) নিঃসন্দেহে আলোচনাযোগ্য। এই প্রচণ্ড প্রতিভাধৰ যুৱকজনৰ বাবে আমাৰ সমাজ কেনেদৰে সচেতন? তেওঁক আমি কি পৰিৱেশ দিব পাৰোঁ?

চাৰিওফালে দেখোঁ, সকলো দেখোন ব্যস্ত। কাৰো দেখোন সময় নাই। এজন লেখকে তেওঁৰ ভাবসাগৰৰ উত্তাল তৰংগৰাজি মন্থন কৰি কৰি মৌন শব্দৰ এক সমদল সৃষ্টি কৰে। লেখকৰ একমাত্র কাম্য হ’ল পাঠকে পঢ়িব। বুজিব। ভাবিব। কথা পাতিব। বিশ্লেষণ কৰিব। সমালোচনা কৰিব। কোনেও যদি সেইবোৰ একো নকৰে, তেনেহ’লে লেখকজন অন্ধকাৰত ধৰ্ফৰাই ফুৰিব কি হ’ল? কি ভুল হ’ল? কাৰো মনত অলপো আঁচোৰ নপৰিলেনে?

একে উশাহতে এটা প্রশ্ন আহে মনলৈ আমি নাচাওঁ কিয়? আমি নেদেখোঁ কিয়? আমিয়েতো সমাজ। হুলস্থূল কবি, দপদপাই ফুৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ চেষ্টা কৰি থকাসকলৰপৰা দৃষ্টি আঁতৰাই ‘নীৰৱ ‘সকলৰ ফালে অলপ চাওঁচোন।

পিছে এইটো কষ্টৰ কাম। গুণীক আদৰ কৰিব নজনাটো আমাৰ সমাজৰ এটা নির্মোঘ সত্য। আমি প্রায়বিলাকে নিজকেই চিনি নাপাওঁ, আনক ক’ত চিনি পাম?

কিন্তু হে পাঠক, এইকণ কষ্ট কৰক। মৌন গুণীজনক ভিৰত, হেঁচা-ঠেলাত উফৰি যাবলৈ নিদিব; কোনোবাই তেনেজনক পেংলাই কৰা দেখিলে অকণমান তেওঁৰ হৈ মাত মাতিব। ‘মোৰ কি দৰকাৰ’ বুলি নাভাবিব। আমাৰ বহুত ভাল গুণী মানুহ নায়েই।

  • জীবন আজীবন ২

অতনু ভট্টাচাৰ্য 

ৰাতিপুৱা খবৰ কাগজখন পঢ়ি আপুনি যিধৰণে প্রতিক্রিয়া প্রকাশ কৰে, মই তেনেধৰণে নকৰিবও পাৰোঁ। আমাৰ নিজা অভিজ্ঞতা, কচি-অভিৰুচি, আমাৰ স্বভাৱ আৰু বাতৰি এটাৰ গুৰুত্ব উপলব্ধিব নিজস্ব ক্ষমতাই আমাৰ এই প্রতিক্রিয়াৰ প্রক্রিয়াটোক নিয়ন্ত্রণ কৰে। সেইকাৰণে ক নামৰ মানুহজনক সামান্যভাবে বিচলিত কৰা বাতৰি এটাই খ নামৰ মানুহ এজনৰ মনত বিপ্লৱৰ বীজ সিঁচি দিয়ে। গৰ বোধশক্তি কম, ঘ হয়তো ছেডিষ্ট।

ঘ-ব ধর্ষকামী মনটোরে কোনো এক হৃদয়বিদাৰক বাতৰিৰ মাজতো আনন্দৰ সন্ধান কৰে।

আমি ক, খ, গ আৰু ঘ-ৰ মাজত বাস কৰোঁ। প্রকৃততে আমাৰ ভিতৰতেই সিহঁতৰ কোনোবা একোটাই বাস কৰি থাকে। আমাৰ মাজত সুযোগসন্ধানী ঙ-ও থাকে।

কিন্তু এই মুহূৰ্তত মোৰ মনলৈ আহিছে চ নামৰ এটা চৰিত্ৰৰ কথা।

ৰাতিপুৱা হাতত খবৰ কাগজখন লৈ তেওঁ চৰকাৰ আৰু কৰ্তৃপক্ষক গালি পাৰিবলৈ আৰম্ভ কবে। নগৰৰ পৌৰসভা, বাজাৰ বিদ্যুৎ ব’ৰ্ড, দেশৰ অর্থমন্ত্রী- চ-ৰ আক্ৰমণৰপৰা কোনো সাৰি যাব নোৱাৰে। দিনটোৰ বিভিন্ন সময়ত তেওঁ তেওঁৰ প্রতিক্রিয়া ব্যক্ত কৰে। তেওঁৰ সৈতে কেইটামান মুহূর্ত কটালে এনেকুৱা লাগে যে অচিৰেই কিবা এটা নকৰিলে দেশখন ধ্বংস হৈ যাব। ঘৰৰ ভিতৰত হাত সাবটি বহি থাকিলে আৰু নহয়, ৰাজপথলৈ ওলাই আহিব লাগিব।

অথচ নগৰৰ পানী যোগান ব্যৱস্থাটো পুনৰ সক্রিয় কৰাৰ উদ্দেশ্যে যিদিনা সচেতন নাগৰিক সমাজৰ সভা এখন আহ্বান কৰা হ’ল, সিদিনা চ-ৰ কোনো সঁহাৰি পোৱা নগ’ল। পৰিৱেশ সচেতনতা সম্পর্কে অলপ কথা পাতিবলৈ যিদিনা কোনো এঠাইত একগোট হোৱাৰ কথা চিন্তা কৰা হ’ল, সিদিনা চ-ৰ আন এফালে এটা এৰাব নোৱাৰা ব্যস্ততা ওলাল। এদিন হয়তো তেওঁ সভা এখনলৈ আহিল, কিন্তু পৰৱৰ্তী কোনোবা এদিনব কাৰ্যসূচীত তেওঁৰ ছাঁটোও দেখা নগ’ল। প্রথম সভাখনত উদাত্ত ভাষণেৰে উপাযুক্ত মহোদয়ক ঘেৰাও কৰাৰ প্ৰস্তাৱ উত্থাপন কৰা মানুহ মানুহজনক ঘেৰাও কাৰ্যসূচীৰ দিনা কোনো বন্ধুৰ ঘৰত হয়তো অলসভাবে দবা খেলি থকা অৱস্থাত পোৱা গ’ল।

মই যি দেখিছোঁ আৰু যেনেকৈ বুজিছোঁ, বৰ বেছি চিঞৰ-বাখৰ কৰা মানুহবোৰে সমাজৰ প্রতি সামান্যতম অৰিহণাও যোগাব নোৱাৰে। সমাজব পৰিবৰ্তন হোৱাটো তেওঁলোকেও বিচাৰে, কিন্তু সেই পৰিৱৰ্তন তেওঁলোকৰ হৈ আন কোনোবাই আনি দিয়াটোহে তেওঁলোকে কামনা কৰি থাকে। দেশব দুর্নীতি আৰু অৰাজকতাৰ বিৰুদ্ধে সৰৱ হৈ অফিচৰ টেবুল, স্কুল-কলেজৰ শিক্ষকৰ জিৰণি কোঠা, বাছ ষ্টেণ্ড, পাণ-তামোলৰ দোকান আদিৰ বাতাবৰণ উত্তপ্ত কৰা এই শ্রেণীটোৱে ঘৰলৈ সোনকালে উভতি দুপৰীয়াৰ ভাতসাঁজ খাই শান্তিৰে অকণমান টোপনি যাবলৈ ভাল পায়। তেওঁলোকৰ দেশপ্রেমবো দিনটোৰ বাবে সিমানতে যবনিকা পৰে।

মই মোৰ দেশ আৰু ৰাজ্যখনক বৰ সাধাৰণভাবে ভালপোৱা এজন সাধাৰণ মানুহ। মোৰ চৌপাশৰ এনে সংখ্যাতীত দেশহিতৈষীৰ জীৱন-প্রণালীয়ে মোক দেশপ্রেমৰ এটা নতুন পাঠ পড়ুৱাইছে।

কথাবোৰ এনেকুৱা নহয় যে মোৰ চৌপাশৰ সৰ্বত্ৰ চলি থকা একোটা ভুল ছীষ্টেমৰ বিৰুদ্ধে মই ক’তো এষাৰো মাত নামাতিম। কথাবোৰ এনেকুৱা নহয় যে মই কেতিয়াও তেনে কোনো আড্ডাৰ অংশীদাৰ নহ’ম। অত্যন্ত সংযতভাবে, যথাসম্ভৱ নিম্নস্বৰত অথচ বলিষ্ঠভাৱে মোৰ বক্তব্য উপস্থাপন কৰাত মই বিশ্বাসী। মই যুক্তি আৰু পৰ্যবেক্ষণৰ প্ৰতি আস্থাশীল।

দেশ বা সমাজ নহয়, প্রথমতে নিজৰ সংশোধন কৰিব পৰা প্ৰক্ৰিয়াবোৰত মই গুৰুত্ব আৰোপ কৰিছোঁ। ৰাজপথ অথবা কোনো মঞ্চত নহয়, প্রথমতে মোৰ নিজৰ কৰ্মক্ষেত্ৰত নিজৰ ভাগৰ কামখিনি নিয়াৰিকৈ কৰিবলৈ যত্ন কৰিছোঁ। তাকে কৰিয়েই মই মোৰ দেশখনৰ প্ৰতি কিবা এটা বৰঙণি যোগাব খোজোঁ। নিঃকিন হ’লেও দেশৰ প্ৰতি মোৰ এই ভালপোৱাৰ এক নিজস্ব উত্তাপ আছে। খবৰ কাগজৰ চাঞ্চল্য সৃষ্টিকাৰী বাতৰিয়ে মোক উত্তপ্ত কৰিব নোৱাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *