‘জীৱন’ৰ ১০টা প্ৰশ্নৰ উত্তৰত মামণি ৰয়ছম গোস্বামী

মোৰ বুকুত যি নিঃসংগতাবোধ আছে… সেয়া মই কামৰ ব্যস্ততাৰে ঢাকি ৰাখোঁ


‘জীৱন’ৰ বাবে এই আছুতীয়া সাক্ষাৎকাৰটি যুগুতালে- অৰ্চনা বৰঠাকুৰে।

১। প্রত্যেকৰে বাবে জীৱনৰ ধাৰণাবোৰ বেলেগ ধৰণৰ হয়। আপোনাৰ বাবে বাৰু জীৱনৰ সংজ্ঞা কি?

মাঃ ৰঃ গোঃ জীৱন সম্বন্ধে আমি বহুত কথাই ভাবোঁ যদিও এটা বাক্যত নির্দিষ্টকৈ জীৱনৰ সংজ্ঞা দিয়াটো বৰ কঠিন। তথাপি এই মুহূৰ্তত মোৰ নিজৰে এটা কবিতাৰ শাৰী মনলৈ আহিছে

-Life is a turbid and terror of separation. Nobody knows about its origin or destination.’ হয়তো মোৰ বাবে জীৱনৰ সংজ্ঞা এইটোরেই।

২। আৰু আপোনাৰ দৃষ্টিত সুখৰ সংজ্ঞা?

মাঃ ৰঃ গোঃ সুখ… মোৰ বোধেৰে সুখ এক মায়ামৃগৰ দৰে। গোটেই জীৱন এই মায়ামৃগ ধৰিবলৈ চেষ্টা কৰোঁতেই যায়।

৩। আপোনাৰ জীৱনৰ আটাইতকৈ সুখৰ মুহূৰ্ত কোনটো যিটো মুহূর্তত আপুনি হৈ পৰিছিল পৃথিৱীৰ সকলোতকৈ সুখী মানুহগৰাকী?

মাঃ ৰঃ গোঃ সৰুৰেপৰাই মহাশ্বেতা দেৱী, অমৃতা প্রীতমৰ লেখাৰদ্বাৰা আকৰ্ষিত হৈছিলোঁ। তেওঁলোকক যে কোনোবা দিনা লগ পাম এই কথা মই এবাৰলৈও ভাবিব পৰা নাছিলোঁ। কিন্তু দুয়োগৰাকীৰে লগতে মোৰ এনে এটা সম্পর্ক হ’ল যে এইটো যেন এটা ‘মিৰাকল’। যোৱা বছৰ ছেপ্টেম্বৰ মাহত বংগৰ Democratic Writer-এ পতা এখন সভা বংগৰ মুখ্য মন্ত্রী বুদ্ধদেৱ ভট্টাচার্যই উদ্বোধন কৰিছিল। মই আছিলোঁ মুখ্য অতিথি আৰু মহাশ্বেতা দেবী আছিল সন্মানীয় অতিথি। তেখেতে বক্তৃতা দিবলৈ মঞ্চত উঠি ক’লে- ‘ভাৰতৰ সর্বশ্রেষ্ঠ পুৰস্কাৰ ‘জ্ঞানপীঠ’ এয়া মোৰ ওচৰত বহি থকা ইন্দিৰা গোস্বামীয়ে পাইছে। আপোনালোকক জনাবলৈ পাই মই বৰ গৌৰৱান্বিত হৈছোঁ এই কাৰণেই যে মই এই পুৰস্কাৰৰ লগত জড়িত আছিলোঁ। মই তেওঁৰ গ্ৰন্থবোৰ Original পঢ়িছোঁ। সেয়েহে মই কওঁ যে তেওঁক এই পুৰস্কাৰ দিবলৈ পাই মই বৰ গৌৰৱান্বিত হৈছিলোঁ।’ তেখেতৰ এই কথাকেইষাৰে মোক কেনেধৰণে আপ্লুত কৰিছিল, মই ভাষাৰে বুজাব নোৱাৰোঁ।’

৪। আমাৰ এটা ধাৰণা আছে যে মানুহৰ হৃদয় চুই যাব পৰা সাহিত্য ৰচনা কৰিবলৈ হ’লে বুকুত কিছু বিষাদ, কিছু অপ্রাপ্তি আৰু নিঃসংগতাৰ প্ৰয়োজন। আপুনি কি কয়?

মাঃ ৰঃ গোঃ কোনো লেখকে কৈ গৈছে যে যিগৰাকীৰ হৃদয়ত যিমানখন শ্মশান ডুব গৈ থাকে, তেৱেঁই মহান লেখক হ’ব পাৰে। বেছিভাগ সময় মই যিসকল মোৰ আপোন মানুহ হেৰাই গ’ল অর্থাৎ মৃত্যু ঘটিছে, তেওঁলোকৰ লগত কটাওঁ। মই ভাবোঁ, মানুহৰ হৃদয় চুই যাব পৰা সাহিত্য ৰচনা কৰিবলৈ হ’লে হৃদয়ত চাৰিখন শ্মশান থাকিব লাগিব।

৫। সকলোৰে এটা প্রিয় শব্দ থাকে। আপোনাৰো নিশ্চয় আছে। কি বাৰু সেই শব্দটো?

মাঃ ৰঃ গো: ‘প্রেম’। নাজানো মানুহে মোক কি বুলিব এই কথা শুনিলে।

৬। আপোনাৰ দৃষ্টিত প্রেম মানেনো কি?

মাঃ ৰঃ গোঃ সকলোৰে বাবে প্ৰেমৰ ধাৰণাটো বেলেগ ধৰণৰ হয়, মোৰ দৃষ্টিত প্রেম এক ধৰণৰ Spirituality-আধ্যাত্মিকতা।

৭। যথার্থ প্রেম কেৱল এজনৰ লগতহে সম্ভব বুলি আপুনি বিশ্বাস কৰেনে?

মাঃ ৰঃ গোঃ বিশ্বাস নকৰোঁ। এজনৰ লগত প্ৰেমৰ ফলত বিবাহ সম্পন্ন হোৱাৰ পাছতো আন কাৰোবাৰ প্ৰতি প্ৰেমৰ ভাব জন্মিব পাৰে। কিন্তু এই বিষয়ত মই এটা কথা কওঁ সেই প্রেম অর্জন কৰিবলৈ যোৱাতকৈ এটা সুন্দৰ কবিতাৰ দৰে হৃদয়ত সাঁচি ৰাখিব লাগে।

৮। আপুনি নিঃসংগতাক কেনেধৰণে গ্রহণ কৰে?

মাঃৰঃ গোঃ আচলতে সকলো মানুহেই কম-বেছি পৰিমাণে নিঃসংগতাবোধত ভুগে। কিন্তু নিঃসংগতাক একধৰণৰ অস্ত্ৰ হিচাপেও গ্রহণ কৰিব পাৰি। মোৰ বুকুত যি নিঃসংগতাবোধ আছে, সেয়া মই কামৰ ব্যস্ততাৰে ঢাকি ৰাখোঁ।

৯। “জীৱন”সন্দর্ভত আপোনাৰ মন্তব্য?

মাঃ ৰঃ গোঃ এই সুন্দৰ আলোচনীখনে সাহিত্যৰ সকলো দিশ সামৰি ল’ব পাৰিব বুলি মই বিশ্বাস কৰোঁ। মোৰ শুভেচ্ছা ‘জীৱন’ৰ লগত আছে।

১০। আপুনি শান্তি আলোচনাত ভীষণভাবে ব্যস্ত। কেতিয়া শেষ হ’ব এই ব্যস্ততা?

মাঃ ৰঃ গোঃ সোনকালেই। তেতিয়া আকৌ লগ পাম। কথা পাতিম জীৱন সম্পর্কে।

Leave a Reply

Your email address will not be published. Required fields are marked *