জীৱন- আগষ্ট(২০০৫)

জীৱন আৰু যৌৱন: উপলব্ধিবোৰ

দেবব্রত দাস

জেনেৰেশ্যন গেপ’ বুলি যে এটা কথা আছে, প্ৰজন্মৰ ব্যৱধান-অনুবাদটো সঠিক হ’ল নে নহ’ল নাজানিলোঁ। কিন্তু সাধাৰণতে যুৱক-যুৱতীসকলে নিজৰ মাতৃ-পিতৃস্থানীয় লোকসকলৰ সৈতে তেওঁলোকৰ মত বা ভাবধাৰা মিল নাখালেই এইবিধ তত্ত্বৰ নাম আওবায়। প্রায় স্বতঃসিদ্ধ হিচাপে। আমিও যেতিয়া যুৱক আছিলোঁ, আমাৰ আব্দাৰ-অনুযোগবোৰ মা-দেউতা-মামা-খুবাহঁতৰ সম্মুখত যুক্তিসম্মতভাবে প্রতিষ্ঠাপিত কৰিব নোৱাৰিলেই ‘জেনেৰেশ্যন গেপ’ক দোষ দিছিলোঁ। এতিয়া মোৰ ছোৱালীহঁতে পঞ্চাছোর্ধ্ব দেউতাকক কিবা প্রসংগত মনাব নোৱাৰিলে, এনেকৈ ক্ষোভ প্রকাশ কৰে ‘তোমালোকৰ বয়স হৈছে, আজিকালিৰ পৃথিৱীৰ কথা তোমালোকে বুজি নোপোৱা। বুজিবলৈ চেষ্টাও নকৰা।’ অর্থাৎ একেই ‘জেনেৰেশ্যন গেপ’।

বহুদিনৰ আগেয়ে এই সন্দর্ভকে কেন্দ্রীয় বিষয় হিচাপে লৈ লিখা বাংলা গল্প এটা পঢ়িছিলোঁ- প্রিয় লেখক সুনীল গংগোপাধ্যায়ে লিখা। গল্পটোৰ নাম আছিল ‘স্বপ্নেৰ একটি মুখ’ (সপোনৰ মুখখন)। নবজীবন চৌধুৰী নামৰ এক প্রতিষ্ঠিত আঢ্যৱন্ত ক্ষমতাশালী প্রৌঢ় লোকৰ জীৱনৰ ঘটনা। যিহেতু তেওঁ ক্ষমতাশালী আৰু আঢ্যৱন্ত, গতিকে নানাজনে নানাধৰণৰ সুবিধা সুযোগ বিচাৰি তেওঁৰ কাষ চাপেহি। তেওঁ পৰাখিনি সহায় কৰে। কিন্তু অন্যায় আব্দাৰ লৈ কোনোবা আহিলে কটু কথাৰে বিদায় দিবলৈকো দ্বিধা নকৰে। সেইদিনা ইস্ত্রিবিহীন মলিয়ন কাপোৰ-কানি পিন্ধা যুৱক এজন আহিছে আর্জি লৈ- যুৱকক থাকিবলৈ এটুকুৰা আশ্রয় লাগে। যুৱকৰ ঘৰ দূৰৰ গাঁৱত। কলকাতাত মূৰ গুজিবলৈ ঠাই এটুকুৰা থাকিলে চাকৰি বিচৰাত সহায় হয়।

আব্দাৰ শুনি চৌধুৰীৰ খঙে মূৰ পালেগৈ। এই যুৱকবিলাকৰ কোনো মেৰুদণ্ড নাই। থাকিবলৈ ঠাই দিয়া। কৰিবলৈ কেৰাণীৰ চাকৰি দিয়া। পাৰিলে বিয়াৰ সম্বন্ধ এটা কৰি দিয়া। কেলেই তোমাৰ নিজৰ ক্ষমতা নাই? নিজেই নিজৰ ভৰিত থিয় হৈ দুসাজ মোকলাবৰ পৌৰুষত্ব নাই। চৌধুৰীয়ে এইখিনি কথা কৈ ল’ৰাজনক খেদি দিলে যোৱা। এতিয়া মোৰ চকুৰ আগৰ পৰা দূৰ হৈ যোৱা।

ল’ৰাজন বিশন্নমনে তেওঁৰ ঘৰৰ পৰা আঁতৰি গ’ল। অলপ পাছত ল’ৰাজন আকৌ উভতি আহিল।- কি হ’ল? উভতি আহিলা যে?

ল’ৰাজনে নিজৰ শান্তিনিকেতনী মোনাটোৰ পৰা এখন পুৰণি জৰাজীৰ্ণ কিতাপ বাহিৰ কৰিলে আৰু ক’লে- মই আচলতে এই কিতাপখন আপোনাক উপহাৰ দিবলৈ আহিছিলোঁ। 

চৌধুৰীৰ মন যোগাবলৈ বহুতেই সৰু-সুৰা উপহাৰ মাজে মাজে আনি দি যায়। কিন্তু কিতাপ কোনেও নানে। তেওঁ তৎক্ষণাৎ ক’লে- কিতাপ? কিতাপ মই কৰিম?

যুৱকজনে ক’লে- আচলতে এই খন আপোনাৰেই কিতাপ। মই ছেকেণ্ডহেণ্ড বুক-ষ্টলত বিচাৰি পাই কিনি আনিছোঁ।

চৌধুৰীয়ে কিতাপখন মেলি চালে। কলেজত বি এ পঢ়া সময়ৰ ইংৰাজী কবিতাৰ সংকলন এটা। প্রথম পাততে তেওঁৰ নাম চহী কৰা। তেওঁ ক’লে- ঠিক আছে বাৰু। কিতাপখন থৈ যোৱা। তোমাৰ কিমান খৰচ হ’ল? মই টকাখিনি দি দিওঁ।

যুৱকজনে ক’লে- সামান্য এটকাত কিনিছোঁ। আপুনি দাম দিব নালাগে।

চৌধুৰীয়ে কিতাপখনৰ পাত লুটিয়াবলৈ ধৰিলে। যুৱকজন কেতিয়া তেওঁৰ কাষৰ পৰা বিদায় লৈ গুচি গ’ল, তেওঁ মনকে নকৰিলে। কিতাপখনে তেওঁক ছাত্র জীবনলৈ উভতাই নিলে। তেওঁৰ মনত পৰিল তেওঁ এবাৰ প্ৰেমত পৰিছিল। এই কবিতাৰ কিতাপৰ শেষ পাতত সেই মায়া নামৰ ছোৱালীজনীক উদ্দেশ্যি এটা প্ৰেমৰ কবিতা লিখিছিল। মায়া আছিল তেওঁ টিউশ্যনত পঢ়ুওৱা পুলিচ অফিচাৰৰ পুত্ৰ দুজনৰ কবিতা ভাল পোৱা বায়েক। পুলিচ অফিচাৰে মায়াৰ বাবে পাত্ৰ বিচাৰি থকা বুলি জানিবলৈ পাই চৌধুৰীও এদিন তেওঁৰ সন্মুখীন হ’লগৈ মায়াক বিয়া কৰোৱাৰ প্ৰস্তাৱ লৈ। সদ্য এম এ পাছ সাধাৰণ ঘৰৰ দৰিদ্ৰ যুৱকৰ এনে আব্দাৰ শুনি পুলিচ অফিচাৰৰ বাপেক অত্যন্ত ক্রুদ্ধ হৈ উঠিল। তেওঁ ক’লে- তোমাৰ টকা-পইচা নাই, চাকৰি নাই। উচ্চ বংশৰ সন্মান নাই। তোমাৰ আস্পর্ধাটো দেখোন কম নহয়! ওলাই যোৱা, এতিয়াই ওলাই যোৱা। এতিয়াই দূৰ হোৱা মোৰ সন্মুখৰ পৰা।

অপমানিত হৈ লাহে লাহে নবজীৱন চৌধুৰী বাহিৰলৈ ওলাই আহিছিল। মায়াৰ বিয়া অন্যত্ৰত ঠিক হৈ গৈছিল। কথাবোৰ ইমান দিনৰ মূৰত মনত পৰিল চৌধুৰীৰ। এনেতে তেওঁৰ হৃদয়ত কম্পন উঠিল। সম্ভৱতঃ ব্লাড প্ৰেছাৰজনিত ষ্ট্ৰ’ক। প্রচণ্ড বিষৰ ঢৌবোৰে তেওঁক বাৰে বাৰে আঘাত কৰিব ধৰিলে। সেই ঢৌবোৰৰ মাজত চিনেমাৰ দৃশ্যৰ দৰে তেওঁ নিজকে দেখিলে -মায়াৰ দেউতাকৰ অপমানত লাঞ্ছিত হৈ তেওঁ ৰাজপথলৈ ওলাই আহিছে। কিন্তু মুখখন তেওঁৰ মুখনহয়। মুখখন সেই যুৱকজনৰ, যিজনক তেওঁ নিজে অলপ আগেয়ে অপমানিত কৰি ঘৰৰ পৰা বাহিৰ কৰি দিছিল।

‘জেনেৰেশ্যন গেপ’ৰ বিষয়ে মার্ক টোৱে’নৰ এটা প্রসিদ্ধ উদ্ধৃতি প্রচলিত আছে। এই উদ্ধৃতিটোৰ অসমীয়া অনুবাদ নহয় সোঁৱৰণিৰ পৰা প্ৰতিৰূপ এটা এইখিনিতে ‘জীৱন’ৰ পাঠকৰ বাবে প্রস্তুত কৰিলোঁ। – মার্ক টোৱে’নৈ এবাৰ হেনো কৈছিল- মই যেতিয়া পোন্ধৰ-ষোল্ল বছৰ বয়সৰ আছিলোঁ, তেতিয়া মই দেউতাটোক একেবাৰে দেখিব নোৱাৰিছিলোঁ। এই অকর্মণ্য দেউতাটোৱে একো কথাই ভালকৈ উপলব্ধি কৰিব নোৱাৰিছিল। দহ বছৰমান পাৰ হ’ল। ময়ো যৌৱনৰ উন্মাদ দিনবোৰ পাৰ হৈ পৌৰুষৰ দুৱাৰডলিত। তেতিয়াহে মই উপলব্ধি কৰিলোঁ- এই সামান্য দহ বছৰৰ ভিতৰতে দেউতাটোৱে ইমান কথা শিকি পেলালে, ইমান জ্ঞান আহৰণ কৰি পেলালে। জীৱনৰ প্ৰায় প্ৰতিটো সমস্যাৰ সমাধানচোন তেওঁ মোক উলিয়াই দিব পৰা গৈ গ’ল!

  • অৱসাদ আঁতৰাই নতুন জীৱনৰ বাবে সাজু হওক

চিন্তা কৰা বন্ধ কৰক– 

বাস্তব বা কাল্পনিক সমস্যাক লৈ চিন্তা কৰা বন্ধ কৰক। চিন্তাই হৃদৰোগ, মুখত অবাঞ্ছিত বেখা আৰু নিদ্রাবিহীন নিশাৰ বাহিৰে আন একো দিব নোৱাৰে। ক’বলৈ অবশ্যে সহজ, কিন্তু কেইটামান নির্দিষ্ট কৌশল অবলম্বন কবি সমস্যাৰে মন ভাবাক্রান্ত হোৱাত বাধা দিয়ক। কমেডী শ্ব’ চাওক, ধৈর্যব প্রয়োজন হোৱা জটিল খেল খেলক, নতুন আক কঠিন খাদ্য তৈয়াৰ কৰক বা এখন জটিল কিতাপ পঢ়ক।

হাঁহিবলৈ শিকক- 

হাঁহিয়ে চিন্তাৰ পৰা মুক্ত কৰে। কঠিন পৰিস্থিতিত সকাহ দিয়ে, হতাশা, দ্বিধাগ্রস্ততা নোহোৱা কৰে আৰু মেজাজ নিয়ন্ত্রণ কৰে। ই আপোনাৰ মুখখন উজলাই তোলে আৰু চিন্তা আৰু খঙে সৃষ্টি কৰা ৰেখা নাইকিয়া কৰে। আনৰ বাবে অতি কম সময়ৰ ভিতৰতে আপোনাক আকর্ষণীয় কৰি তোলে। এটা হাঁহিৰ সৈতে যেতিয়া আপুনি কাৰোবাৰ সম্মুখীন হয়, তেওঁ কেতিয়াও বিৰক্ত হ’ব নোৱাৰে। হাঁহিয়ে নতুন আশা জগাই তোলে আৰু ইতিবাচক আৰু ফলপ্রসূ দৃষ্টিভংগীৰে সমস্যাসমূহ চোৱাত আপোনাক সহায় কৰে।

সৰু সৰু কথাত আনন্দ উপভোগ কৰক- 

দৈনন্দিন ঘটা সৰু সৰু ঘটনাসমূহৰ স্বাদ লওক, যেনে- শিশুৰ মুখৰ হাঁহি, অপ্রত্যাশিত উত্তেজনা, কৌতুক, বেলি মাৰ যোৱাৰ দৃশ্য আদি।

নিজক সকলো যোগান ধৰক- 

আনে আপোনাক কি কৰিবলৈ কয় তাৰ বাবে অপেক্ষা নকৰিব। কাৰণ আপুনি জানে আপুনি নিজে কি ভাল পায় আৰু কি বিচাৰে। নিজৰ নিৰ্বাচিত পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়ক, যেনে- বৰষুণত তিতি খোজকঢ়া, বন্ধুৰ সৈতে সন্ধিয়া আড্ডা মৰা আদি।

নিজৰ মনক উৎসাহ জগাওক- 

যদি আপুনি এটা আমনিদায়ক আৰু একঘেঁয় চাকৰি কৰি আছে, তেন্তে এনে চাকৰি যথেষ্ট মানসিক চাপৰ কাৰণ হ’ব পাৰে। নিজৰ ব্যক্তিত্বৰ সৈতে খাপ খোৱা চাকৰি বিচাৰক। একে সময়তে কিবা ভাল হবী বাছি লওক, ক্লাবত যোগদান কৰক বা কোনো পাঠ্যক্রমত নামভৰ্তি কৰক।

আত্মবিশ্বাসী হওক- 

আত্মবিশ্বাসী হৈ আগবাঢ়িলে নিরুৎসাহ অনুভৱ কৰা নাযায়। পৃথিৱীখনৰ সন্মুখীন হ’বলৈ উন্নত শিবে আগবাঢ়ি গ’লে পৰিণতিলৈও ভয় নলগা হয়।

বাস্তববাদী হওক- 

নিজৰ ব্যক্তিত্বক, সলনি কৰাৰ চেষ্টা নকৰিব; নিজৰ ব্যক্তিত্বৰ শক্তি ব্যৱহাৰ কৰিবলৈ আৰু দুৰ্বলতাক সহজভাৱে ল’বলৈ শিকক।

বর্তমানত জীয়াই থাকক-

আমি অতীতৰ ভুলৰ পৰা শিকিব লাগে হয়, কিন্তু সেইবোৰ নিজৰ সৈতে কঢ়িয়াই ফুৰিব নালাগে। অতীতক খামুচি থকা মানে অতি গধুৰ অদৰকাৰী ছুটকেছ এটা ৰাখি থোৱা।

‘নাই’ বুলি ক’বলৈ শিকক-

অফিচতে হওক বা ঘৰতে হওক, সন্তান, সংগী বা বছক ‘নাই’ বুলি ক’বলৈ শিকক। যদি আপুনি ক্লান্ত, খঙাল আৰু মানসিকভাবে অত্যধিক ভাৰাক্রান্ত, তেন্তে আপুনি কাৰোৱেই বাবে ভাল বুলি বিবেচিত নহয়। সন্মান পাবলৈ পোনপটীয়া আৰু স্পষ্ট হওক।

ব্যায়াম- 

যিকোনো ধৰণৰ ব্যায়াম বর্ধিত চিন্তা হ্রাস কৰাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ। খোজ কাঢ়ক, সাঁতোৰক, খেলক বা ঘৰৰ মজিয়া মচক।

প্রাধান্য- 

স্বাস্থ্যসম্মত জীৱনৰ বাবে ঘৰত, অফিচত আৰু সামাজিক পৰিস্থিতিত জৰুৰী কৰ্তব্যসমূহৰ মাজত সমতা বজাই ৰাখক। প্রথমে প্রয়োজনীয় কামবোৰত গুৰুত্ব দিয়ক, কাৰণ অসমাপ্ত কামৰ চাপ বেছি ভায়াবহ ।

  • ২০২৫ চনৰ অসম

     যুৱ-সাংবাদিকৰ পূর্বানুমান

পূর্বানুমান কৰিব পৰাকৈ মই ভৱিষ্যৎ দ্রষ্টাও নহয় বা জ্যোতিষীও নহয়। তথাপি ২০২৫ চনৰ মোৰ কল্পনাৰ অসম আৰু মোৰ সংশয়ৰ অসমৰ বিষয়ে চমুকৈ উল্লেখ কৰিলোঁ-

প্ৰণয় বৰদলৈ

কল্পনাৰ অসম

১। ২০২৫ চনৰ অসম ভাৰতৰ ভিতৰতে এনে এখন সমৃদ্ধিশালী ৰাজ্য হিচাপে স্বীকৃতি লভিব, যিখনে আধুনিক বিশ্বৰ অগ্ৰগতিৰ সৈতে সমানে ফেৰ মাৰিব পাৰিব।

২। ৰাজ্যখনত সৃষ্ট সকলো জনগোষ্ঠীয় সংঘাতৰ অৱসান ঘটিব আৰু আমি সকলোৱে একত্রিত হৈ ঐক্যবদ্ধ ‘অসমীয়া’ জাতি গঢ়াৰ আৰু অসমৰ বাবে কাম কৰি যোৱাৰ পৰিৱেশ বচিত হ’ব।

৩। ৰাজ্যখনত ক্রমে বিস্ফোৰক ৰূপ ধাৰণ কৰা নিবনুৱা সমস্যাৰ উপশম হ’ব। বিভিন্ন ক্ষেত্রত কর্মসংস্থাপন লভাৰ পাছত সেই মানৱ সম্পদ ৰাজ্যখনৰ বিকাশৰ পথত অন্যতম আহিলাত পৰিণত হ’ব।

৪। বৰ্তমানৰ সমস্যাজৰ্জৰ অসমৰ ঠাইত এখন সন্ত্রাসমুক্ত অসম হ’ব য’ত সকলো নাগৰিকে নির্ভয়ে আৰু নিঃসংকোচে শান্তিপূর্ণ জীৱন-যাপন কৰিব পাৰিব। ইয়াৰ লগে-লগে উগ্রপন্থাত বিশ্বাসী যুৱক-যুৱতীসকলে মূলসুঁতিলৈ উলটি আহি ৰাজ্যখনৰ বিকাশৰ সামূহিক প্রচেষ্টাত আত্মনিয়োগ কৰিব।

৫। অবৈধ প্ৰব্ৰজনকাৰীৰ আগ্রাসনৰ পৰা ৰাজ্যখন মুক্ত হ’ব। নিজৰ ৰাজ্যতে সংখ্যালঘু হোৱাৰ আশংকা আঁতৰ হ’ব থলুৱা লোকসকলৰ মনৰ মাজৰ পৰা।

৬। এখন দুর্নীতিমুক্ত অসম হ’ব য’ত দুর্নীতি হ’ব আটাইতকৈ ঘৃণিত।

৭। আৰু থাকিব আধুনিক বিশ্বত আমাক আগুৱাই নিয়াৰ বাবে ৰাজনীতি-সাহিত্য-সংস্কৃতি-ক্রীড়া আদি সকলো ক্ষেত্রতে সবল তথা দূৰদৃষ্টিসম্পন্ন নেতৃত্ব।

সংশয়ৰ অসম

১। বিভিন্ন জনগোষ্ঠীৰ অস্তিত্বৰ সংগ্ৰাম আৰু সংঘাতৰ পৰিণতিত খণ্ড-বিখণ্ড অসম য’ত ভ্রাতৃঘাতী সংঘর্ষই হ’ব মূল অগ্ৰাধিকাৰ পোৱা বিষয়।

২। বাংলাদেশৰ পৰা অব্যাহত থকা প্ৰব্ৰজনত নিজ ৰাজ্যতে সংখ্যালঘু হ’ব অসমীয়া জাতি। ৰাজ্যৰ মুখ্য মন্ত্ৰী পদত অধিষ্ঠিত হ’ব নাগৰিকত্ব সন্দৰ্ভত সন্দেহৰ অৱকাশ থকা ব্যক্তি।

৩। সন্ত্রাসবাদীৰ তাণ্ডৱত বিধ্বস্ত হৈ পৰিব ৰাজ্যৰ অৰ্থনীতি আৰু বিকাশৰ পথৰ পৰিৱৰ্তে আমি খোজ দিম অধোগতিৰ পথত।

৪। সর্বদিশতে দুর্বল নেতৃত্বই ৰাজ্যখনক ঠেলি দিব পতনৰ গৰাহলৈ। 

শান্তনু কৌশিক বৰুৱা

    পূর্বানুমান কৰাত মই তেনেই কেঁচা। তথাপি যদি পূর্বানুমান কৰিবই লাগে, তেন্তে তাত মোৰ কিছু আশাই নিশ্চয় স্থান পাব। অৱশ্যে সেই আশা যাতে আকাশকুসুম নহৈ বাস্তৱসন্মত হয়, সেই চেষ্টা মই কৰিছোঁ।

যি দেখা গৈছে- এক বিশেষ সময়ত পৰিৱৰ্তনৰ এক জোৱাৰ উঠে।

আমাৰ ককা বা দেউতাহঁতৰ সময়তো পৰিৱৰ্তন হৈছিল, কিন্তু সেয়া বৰ দ্রুত নাছিল। কাৰোবাৰ সুদীর্ঘ জীৱন হয়তো লেমৰ যুগত আৰম্ভহৈ বৈদ্যুতিক বাল্বৰ যুগত শেষ হৈছিল। আন কাৰোবাৰ জীৱন ‘ৰেডিঅ’ৰ যুগত আৰম্ভ হৈ টেলিভিছনৰ যুগত শেষ হৈছিল। সেয়াই আছিল পৰিৱৰ্তন। কিন্তু বর্তমান যুগত কম সময়ৰ ভিতৰতে অবিশ্বাস্য পৰিৱৰ্তন হৈছে। অলপ দিনৰ আগলৈকে অপৰিচিত ইণ্টাৰনেট, ম’বাইল ফোন, এছএমএছ আদি এতিয়া প্রায় সকলোৰে মুখে-মুখে।

পিছে মই ভাবোঁ, এতিয়া এই পৰিৱৰ্তনৰ জোৱাৰ কিছু শাম কাটিছে। 

ইয়াৰ পাছতো আৰু নতুন আৱিষ্কাৰ হ’ব, কিন্তু এতিয়াৰ আহিলাবোৰেই অধিক উন্নত হ’ব। নতুন অভিনৱ আৱিষ্কাৰ নহ’ব। অর্থাৎ খুব এটা বৈপ্লৱিক পৰিৱৰ্তন নহ’ব। অসমৰ সামাজিক ক্ষেত্রখনতো বৰ এটা পৰিৱৰ্তন নহ’ব বুলিয়েই ভাবোঁ। হত্যা, সন্ত্রাস, ৰাজনৈতিক অস্থিৰতা, উগ্রবাদ আদিৰে জৰ্জৰিত অসমৰ অৱস্থা অধিক কি বেয়া হ’ব পাৰে?

বৰং মই ভাবোঁ (বা আশা কৰোঁ), ২০২৫ চনত অসমৰ সামগ্রিক পৰিস্থিতি অধিক ভালহে হ’ব। ভোগবাদী ভাব, বস্তুবাদী চিন্তাৰো এক সম্পৃক্ত অৱস্থা থাকে। বস্তুবাদী চিন্তাৰ, প্রতিভূ উন্নত পশ্চিমীয়া দেশসমূহৰ মানুহবোৰ এতিয়া ভাৰতৰ ‘শীতল’ ভাববাদী চিন্তাৰ প্ৰতি আকৃষ্ট হোৱা নাইনে? ২০২৫ চনত অসমৰ মানুহৰ মাজৰ পৰাও হয়তো এতিয়াৰ প্ৰবল বস্তুবাদী চিন্তা অন্তর্হিত হ’ব, ন ন শুভ চিন্তা, শুভ ভাব, শুভ কামে গজালি মেলিব। জ্ঞানীলোকে এনেয়ে কোৱা নাই ‘চক্ৰৱৎ পৰিৱৰ্তন্তে দুখানি চ সুখানি চ!’ এই চক্ৰৱৎ পৰিৱৰ্তনৰ ফলস্বৰূপেই ২০২৫ চনমানত অসমলৈ হয়তো সুখ ঘূৰি আহিব-অর্থনৈতিক, ৰাজনৈতিক, সামাজিক সকলো ক্ষেত্রতে। সামাজিক ক্ষেত্রত সৎ লোকসকলে নেতৃত্ব ল’ব। ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা গুণ্ডা, বদদ্মাছ, অপৰাধীবোৰ উফৰি পৰিব। বিশ্বায়নৰ ফল অসমৰ অর্থনৈতিক ক্ষেত্রখনত পৰিব, অসমৰ অৰ্থনৈতিক প্রগতি যথেষ্ট হ’ব। অসমৰ মানুহবোৰৰ মনত সামগ্রিক অসন্তুষ্টি হ্রাস পাব। ফলত উগ্রবাদো কমি আহিব।

মানৱ জীনৰ মেপিং, ব্যক্তিগত ঔষধ, দীর্ঘজীৱিতাৰ সূত্র সম্পর্কে নিশ্চয় বহু আৱিষ্কাৰ হ’ব। মানুহৰ বেমাৰ, দুৰাৰোগ্য ব্যাধি সকলোৰে ফলপ্রসূ চিকিৎসা সম্ভৱ হ’ব। অসমৰো মানুহ দীর্ঘজীৱী হ’ব। মইতো ভাবোঁ, এইবোৰৰ সুফলৰ জৰিয়তে ময়ো ২০২৫ চনত এতিয়াৰ দৰেই কৰ্মতৎপৰ হৈ থাকিম! গুৱাহাটীৰ ফ্লাই অভাৰবোৰৰ ওপৰেৰে (তেতিয়াতো গুৱাহাটীৰ সকলো ৰাষ্টা দুখলপীয়া হ’বই) ঘূৰি ফুৰিম। ২০২৫ চনৰ এটি ৰৌদ্রোজ্জল পুৱা মই মোৰ প্ৰায় সকলো গ্ৰন্থৰ প্রকাশক জ্যোতি প্রকাশনৰ নগেনদাক (তেৱোঁ নিশ্চয় এতিয়াৰ দৰেই সুস্বাস্থ্যৰ, মিঠামুখীয়া হৈ থাকিব!) ক’ম, ‘দাদা, নতুন কিতাপ এখনৰ পৰিকল্পনা কৰিছোঁ। মানে…।’ তেখেতেও এতিয়াৰ দৰেই মোৰ কথা শেষ নহওঁতেই ক’ব, ‘তুমি কামখিনি কৰা। মই আছোঁ; গ্ৰন্থমেলাৰ আগতে কিন্তু ওলাব লাগিব।’

  • নিজকে কওক ‘মই ধুনীয়া’

আপুনি যে ধুনীয়া, সেয়া জানেনে? যদি জানে, তেন্তে প্রতিদিনে এই কথা মনত পেলাই থাকক। যদি নাজানে, তেন্তে নিজৰ চকুত ধুনীয়া হোৱাৰ এয়াই সময়। ইয়াৰ বাবে কিছু সালসলনিৰ প্রয়োজন হ’ব, কিন্তু আপুনি ভবাৰ দৰে নহয়। নিজৰ সৌন্দৰ্যক ভাল পাবলৈ শিকাৰ লগত ডায়েটিং কৰা, চকুৰ চেলাউৰিৰ আকৃতি সলোৱা বা জীমলৈ যোৱাৰ কোনো সম্পর্ক নাই।

দৰাচলতে, আপুনি নিজক কিদৰে চায় আৰু আনে আপোনাৰ দেহৰ পৰিভাষাক যিদৰে চায় বুলি আপুনি ভাবে, তাৰ সৈতে আপুনি নিজৰ বিষয়ে কি ভাবে তাৰ গুৰুত্বপূৰ্ণ সম্পর্ক আছে।

 নেতিবাচক দেহৰ পৰিভাষা যথেষ্ট বিপজ্জনক হ’ব পাৰে। যদি আপুনি নিজৰ সৌন্দৰ্যক ভাল নাপায়, তেনেহ’লে নিশ্চয় আপুনি নিজকো ভাল নাপায়। আৰু নিজৰ বিষয়ে আপোনাৰ এই নেতিবাচক অনুভৱসমূহে আপোনাৰ জীৱনৰ সকলো ক্ষেত্রতে, বন্ধুত্ব, প্রেম আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল নিজৰ সৈতে থকা সম্পর্কতো বিরূপ প্রভাৱ পেলাব পাৰে।

 আনহাতে, ইতিবাচক দেহৰ পৰিভাষা হৈছে যথেষ্ট শক্তিশালী। যদিও ই জীৱনৰ সকলো সমস্যাৰ তাৎক্ষণিক সমাধান নহয়, তথাপি ই এক ধাৰাবাহিক সমাধান প্ৰক্ৰিয়াৰ আৰম্ভণি হ’ব পাৰে। দাপোণত নিজৰ চেহেৰা চাবলৈ ভাল পোৱাটোৱে নিজৰ প্ৰতি প্রেম গঢ় দিব আৰু ইয়াৰ সৈতে আপুনি লাভ কৰিব- আত্মসন্মান, বিশ্বাস আৰু আভ্যন্তৰীণ এক সৌন্দর্য, যিটো বাহ্যিক সৌন্দর্যতকৈ বহু ওপৰত।

 শৈশৱৰে পৰা আমি সামাজিক আৰু ব্যক্তিগত দিশৰ পৰা বাহ্যিক সৌন্দৰ্যৰ ওপৰত দিয়া অত্যধিক গুৰুত্বত আচ্ছন্ন হৈ থাকোঁ। আমি চিণ্ডেলাৰ সাধুৰ দৰে শাৰীৰিক সৌন্দৰ্যৰে নিজকে মূল্যায়ন কৰিবলৈ শিকোঁ। তেনেস্থলত এজন ব্যক্তিয়ে নিজৰ সৌন্দৰ্যক লৈ হীনমন্যতাত ভুগাটো অস্বাভাৱিক নহয়। আনে তেওঁৰ সৌন্দৰ্যৰ প্ৰতি কি মন্তব্য দিছে, কি কৈছে তালৈ অধিক গুৰুত্ব দিয়াৰ ফলত কেতবোৰ স্মৃতিয়ে পৰিপক্ক বয়সতো এজন লোকক বিভিন্নধৰণে হতাশাগ্রস্ত কৰি তুলিব পাৰে। এই জীৱনজোৰা হীনমন্যতা এনিশাতে দূৰ নহয়; কিন্তু আপোনাক কৰা সমালোচনাবোৰক প্রশংসালৈ ৰূপান্তৰ কৰিবলৈ শিকা উচিত। ইয়াৰ বাবে প্রতিদিনে আপুনি নিজক কৰা প্ৰশংসাবোৰ লগ লগাওক। মনত ৰাখিব, আপুনি নিজকে সম্মান জনাবলৈ শিকাটোৱেই হ’ল সবাতোকৈ গুৰুত্বপূর্ণ আত্মপ্রশংসা।

  • নিজৰ জীৱনলৈ শৃংখলা আনক

  ‘নিজক জয় কৰাটোৱেই 

   প্রথম আৰু শ্রেষ্ঠ বিজয়’

                                প্লেটʼ

আত্মশৃংখলা হৈছে ধৈৰ্য আৰু সহনশীলতা মিশ্রিত মনৰ দৃঢ়তা। জনসংযোগৰ সকলো কৌশল সর্বোৎকৃষ্ট ৰূপত ব্যৱহাৰ কৰোঁতে পথ নির্দেশক হিচাপে ইয়াৰ ভূমিকা অপৰিহাৰ্য। । দায়বন্ধ অর্থবহ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতো আত্মশৃংখলা অতি প্রয়োজনীয়।

আমাৰ উদ্বেগ, আবেগ আৰু ব্যক্তিগত বেয়া লগা-ভাল লগাৰ ওপৰত প্রয়োজনীয় নিয়ন্ত্রণ ৰখাৰ ক্ষমতা থকাটোও যথেষ্ট প্রয়োজনীয়। কেতিয়াবা এই নিয়ন্ত্রণে বুজায় সহনশীলতাক, ধৈৰ্যক। যেতিয়ালৈ পৰিস্থিতি অধিক ইতিবাচক বা গ্রহণীয় দিশেৰে আকাংক্ষিত ফলাফল লাভৰ বাবে অনুকূল নহয়, তেতিয়ালৈ অপেক্ষা কৰা উচিত। একেসময়েত আত্মশৃংখলাই আমাক সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ আৰু অনাকাংক্ষিত ফলাফলৰ সম্ভাৱনা নাই কিয়া কৰিবলৈ দ্বিধাহীনভাৱে পদক্ষেপ লোৱাত সহায় কৰে।

এজন প্রকৃত নেতাৰ বৈশিষ্ট্যই হ’ল আত্ম-শৃংখলা। ই চৰিত্ৰৰ এনে এটা দিশ যি এজন নেতাক সমূহীয়া ৰাজহুৱা পদক্ষেপৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ হৈ কাম কৰাৰ সময়ত নিজৰ ব্যক্তিগত চিন্তা-ভাবনাক তুচ্ছ জ্ঞান কৰিবলৈ শিকায়।

এজন অভিজ্ঞতাসম্পন্ন নেতাৰ বাবে সময়জ্ঞান অনিবার্য। এই গুণবিধে তেওঁক নির্দিষ্ট সময়ত ক্ষিপ্ৰ পদক্ষেপ লোৱাটো ফলদায়ক হ’ব নে অপৰিপক্ক হ’ব সেই বিষয়ে সোনকালে সিদ্ধান্ত ৰখাত সহায় কৰে। লক্ষ্যপ্ৰাপ্তিৰ বাবে প্রয়োজনীয় অভলোৱা বা নিজৰ কৰ্ম-কাণ্ডৰ ওপৰত নিয়ন্ত্রণ পদক্ষেপ গ্ৰহণৰ বাবে সদায় সাজু হৈ দা থাকিবলৈও আত্মশৃংখলাই এজন সজাগ নেতাক উ শিকায়।

ব্যক্তিগত সম্বন্ধত লক্ষণীয় পৰিবৰ্তন ঘটোৱাত আত্মশৃংখলাই সহায় কৰা দেখা যায়। উদাহৰণ স্বৰূপে, ধৰা হ’ল কাৰোবাৰ স’তে কথা-বার্তা হওঁতে ব্যক্তিজনে কোৱা কথা বা যিধৰণে তেওঁ কৈছে সেয়া আপোনাৰ বাবে মুঠেও গ্রহণযোগ্য হোৱা নাই। স্বাভাৱিকতে আপুনি ক্ষোভেবে নিজৰ প্ৰতিক্রিয়া ব্যক্ত কৰিবলৈ বিচাৰিব। কিন্তু উত্তেজনাৰে নিজৰ বিৰোধ প্রকট কৰাতকৈ ধৈৰ্যসহকাৰে তেওঁৰ বক্তব্য বিশ্লেষণ কৰা আৰু সেই সময়ত অসহ্য যেন লগা কথাবোৰৰ আঁৰৰ কাৰণ বা পটভূমি বিচাৰ কৰাৰ চেষ্টা কৰাটো অধিক ফলদায়ক নহ’বনে? আত্মশৃংখলাযুক্ত নিয়ন্ত্ৰণ আৰু কৌশলে আন নহ’লেও অন্ততঃ ইজনক আনজনৰ মতামত বুজি পোৱাৰ সুবিধা দিব।

বিতর্ক এৰাই চলাৰ প্ৰচেষ্টাৰ এক পাৰস্পৰিক সুফল আছে। অফিচত ব’ছৰ সৈতে আলোচনা কৰাৰ সময়ত যিদৰে এইধৰণৰ নিয়ন্ত্রণে আপোনাক সহায় কৰে, সেই একে ফলদায়ক সহায়েই আপুনি সন্তানটিৰ স’তে কথা-বার্তা পাতোঁতেও লাভ কৰিব। সঁচা অৰ্থত আপোনাৰ আত্মশৃংখলাই সন্তানটিক সঠিকভাৱে উত্তৰ দিয়াত আৰু শিকাত সহায় কৰিব।

সুৰংগৰ শেষত থকা পোহৰলৈ চাওক:  

কঠিন সময়তো আপুনি ভাঙি নপৰিব বা নিয়ন্ত্রণ নেহেৰুৱাব। আপোনাৰ আন্তৰিক প্ৰচেষ্টা সত্ত্বেও আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰৰ বাহ্যিক ঘটনাসমূহে আপোনাক দিব পাৰে অসন্তুষ্টি আৰু হতাশা। আপোনাৰ উদ্দেশ্য বা কামত আনৰ অবাঞ্ছিত হস্তক্ষেপ আৰু ভুল বুজাবুজি বা আপোনাৰ নিজৰ হিচাপ-নিকাচত হোৱা ডাঙৰ ভুলে সমস্যাৰ সৃষ্টি কৰিব পাৰে। যি কাৰণতেই নহওক, এজন নেতাৰ বাবে ভয় খোৱাৰ বা শংকা অনুভৱ কৰাৰ কোনো কাৰণ নাই। ইয়াৰ বিপৰীতে আত্মশৃংখলাই আপোনাক শান্ত-সৌম্য কৰি ৰাখিব আৰু পৰিস্থিতি উন্নত কৰা বা নিজৰ ক্ষতি পূৰ কৰাত আপোনাক সহায় কৰিব।

সুৰংগৰ শেষত থকা পোহৰকণ আৰু আপোনাৰ বিভিন্ন ধৰণৰ লক্ষ্যপ্রাপ্তি, যেনে- স্নাতক হোৱা, পদোন্নতি লাভ কৰা, পিতৃত্ব বা মাতৃত্বৰ গৌৰৱ অৰ্জন কৰা, ধাৰ পৰিশোধ কৰা আদিৰ আনন্দলৈ লক্ষ্য ৰাখিলে জীৱনৰ পথত কঠিন মুহূৰ্ততো আত্মশৃংখলাৰ জৰিয়তে দৃঢ়তাৰে থিয় দিব পৰা যায়।

অগ্রাধিকাৰ গঢ় দিয়ক: আত্মশৃংখলাই ব্যক্তিগত

দায়বদ্ধতা আৰু আনৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ উপৰি আত্মসম্মানকো বুজায়। আজিৰ এই জটিল, দ্রুতবেগী জীৱনত আমাৰ বহুতেই বয়োবৃদ্ধ পিতৃ-মাতৃক সহায় কৰা আৰু সন্তানক জীৱনৰ সুখ যোগান ধৰাৰ মাজত চেঁপা খাই পৰে। কেৰিয়াৰ গঢ়া, পৰিয়াল আৰু নিজৰ ব্যক্তিগত আকাংক্ষা আৰু দায়বদ্ধতাৰ ফলত আমি যথেষ্ট মানসিক চাপত ভুগোঁ। আমাৰ ক্ষমতাক অবাস্তৱসন্মনতভাৱে বিস্তাৰ কৰাৰ ফলত সৃষ্টি হ’ব পৰা সমস্যাসমূহৰ বিষয়ে আমি পূর্বে সজাগ হোৱা ‘ভাল। সঠিক সমাধান নহ’লেও হ্রস্বম্যাদী আৰু দীৰ্ঘম্যাদী অগ্রাধিকাৰৰ ৰূপত সমস্যাবোৰ বাছি ল’লে অধিক বাস্তৱসন্মত দায়বদ্ধতাৰ পৰিচয় দিয়া হ’ব।

সময়জ্ঞান আৰু সঠিক সময়ত কাম কৰা : জনসংযোগৰ সফলতাৰ ক্ষেত্ৰত আত্ম-শৃংখলা লাভৰ বাবে সময়জ্ঞানৰ গুৰুত্বপূর্ণ ভূমিকা আছে। কি, কেনেকৈ বা কিয় আমি কৰোঁ বা ক’ত কৰোঁ, সেই অনুভৱৰ সংমিশ্রণে আকাংক্ষিত ফল লাভৰ ক্ষেত্ৰত আমাৰ ব্যক্তিগত কার্যদক্ষতাৰ উন্নতি কৰিব পাৰে। আত্ম-শৃংখলাত থকা সময়জ্ঞানৰ উপাদানে আমাৰ প্রচেষ্টাক গতি দিয়া, সংগঠিত কৰা আৰু স্পষ্ট কৰি তোলাত সহায় কৰে।

উপযুক্ত সময়জ্ঞান আৰু আত্ম-শৃংখলা থকা এজন ব্যক্তিয়ে সঠিক সময় সঠিক স্থানত সঠিক ব্যক্তি হিচাপে উপবিষ্ট হোৱাৰ সন্মান লাভ কৰে। ১৯২৭ত চার্লছ লিওবার্গ আটলান্টিক মহাসাগৰৰ ওপৰেৰে নিউয়ৰ্কৰ পৰা পেৰিছলৈ অকলশৰে উৰা মৰা প্ৰথমগৰাকী ব্যক্তিৰূপে পৰিগণিত হৈছিল। এই অভিলেখে তেওঁক কেৱল পুৰস্কাৰ আৰু সন্মানেই দিয়া নাছিল, খুলি দিছিল সাফল্যৰ বহু দুৱাৰ। যি সময়ত বিশ্বৰ বহু পাইলটে এই অভিযানৰ বাবে প্রস্তুতি চলাই আছিল, সেই সময়ত লিগুবার্গে উৰা মাৰিছিল আটলান্টিক জয়ৰ বাবে। নিজৰ তথা বিমানখনৰ ক্ষমতাৰ বিষয়ে সম্পূর্ণ জ্ঞাত হৈ আৰু সম্ভাব্য বিপদ সম্পর্কে সজাগ হৈ তেওঁ সঠিক সময় বাছি উলিয়াইছিল। বিশ্বই তেওঁক অভিবাদন জনাইছিল ‘লাকী লিন্ডী’ অর্থাৎ ‘ভাগ্যৱান লিন্ডী’ বুলি। অৱশ্যে কিছুসংখ্যক লোকৰ মতে ‘লাক’ শব্দটোৰ আগত ‘পি’ বর্ণ সংযোগ কৰিলেহে অধিক অর্থবহ হয়। ‘প্লাক’ মানে হ’ল আঁজুৰি অনা। ‘প্লাক’ অর্থাৎ ভাগ্য আঁজুৰি আনিব পৰা বাবেহে লিণ্ডবার্গ ‘ভাগ্যৱান’ হৈছিল !

  • মোৰ দৃষ্টিত ফেশ্বন

প্রশান্ত ঘোষ

          ফেখন কৰিঅ’গ্ৰাফাৰ, ডিজাইনাৰ

উত্তৰ-পূৰ্বাঞ্চলৰ ফেশ্বন জগতত প্রবেশ কৰিব খোজা নতুন প্রজন্মৰ যুৱক-যুবতীসকলে জনা উচিত যে মডেলিং হৈছে চিকিৎসক, আর্কিটেক্ট, অভিযন্তা আদি যিকোনো পেছাৰ দৰেই। যিকোনো মডেলেই কঠোৰ পৰিশ্ৰম কৰিব লাগে নিজৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিবলৈ। তদুপৰি ইয়াক পার্ট-টাইম চখ বুলি লোৱাও উচিত নহয়। মডেলিঙৰ সকলোতকৈ গুৰুত্বপূর্ণ দিশটো হ’ল, মডেল-গৰাকীয়ে নিজৰ সৌন্দর্য আৰু আকর্ষণ অক্ষুণ্ণ ৰাখিবলৈ কঠোৰ শ্রম কৰিবলগীয়া হয়। মডেলিং সম্পর্কে ভুল ধাৰণাটো হ’ল-ডিজাইনাৰসকলে যি পোছাকেই যোগান ধৰে, তাকেই মডেলসকলে পিন্ধিব লাগে। কিন্তু মডেলিঙৰ প্রকৃত নীতি-নিয়ম অনুসৰি মডেল-সকলে সুবিধাজনক অনুভৱ কৰা পোছাকহে পিন্ধিব লাগে। তদুপৰি ইয়াৰ পূর্বে প্রয়োজনীয় ড্ৰেছ বিহাৰ্ছেলো জৰুৰী। 

ফেশ্বন শ্ব’ সাধাৰণতে দুই প্ৰকাৰৰ হয় –

(১) ডিজাইনাৰসকলে বিক্ৰীৰ বাবে পোছাক ডিজাইন কৰা শ্ব’।

(২) ডিজাইনাৰসকলে আধুনিক কলাৰ লেখীয়াকৈ নিজৰ সৃষ্টিশীলতা প্ৰদৰ্শনৰ বাবে পোছাক ডিজাইন কৰা শ্ব’ (ইয়াতহে মডেলসকলে কোনো অসুবিধা প্রদর্শন নকৰাকৈ যিকোনো পোছাক পৰিধান কৰিব লগা হ’ব পাৰে)।

উত্তৰ-পূৰ্বাঞ্চলৰ নৱাগত ডিজাইনাৰসকল যথেষ্ট প্রতিভাসম্পন্ন, অথচ তেওঁলোকে নিজে কি ডিজাইন কৰিছে সেই বিষয়ে সজাগ নহয়। তেওঁলোকে ভাবে যে চুটি আৰু দেহ প্ৰদৰ্শন কৰা পোছাক ডিজাইন কৰিলেই তেওঁলোকে সোনকালে নাম-যশ অৰ্জন কৰিব। কিন্তু প্রকৃতার্থত তেওঁলোকে ইয়াৰ দ্বাৰা সাময়িক যশহে লাভ কৰে আৰু তেওঁলোকৰ ডিজাইনেও চাহিদা লাভ কৰাত ব্যর্থ হয়। ডিজাইনাৰসকলে এফ টিভি, ট্রেঞ্জ আদি চাই খুব বেছি ফেণ্টাছীৰ জগতত উৰি ফুৰা উচিত নহয়। আন্তর্জাতিক ফেশ্বন শ্ব’ত প্রদর্শিত পোছাকসমূহ পশ্চিমীয়া দেশৰ সংস্কৃতিতহে গ্রহণযোগ্য হ’ব পাৰে, ভাৰতত নহয়। ডিজাইন কৰাৰ পূৰ্বে ডিজাইনাৰসকলে ভাবি চোৱা উচিত, তেওঁ নিজে সেই পোছাক পৰিধান কৰিব পাৰিৰ নে নাই বা এনে পোছাক প্রিয়জনক উপহাৰ হিচাপে দিব পাৰিব নে নাই। অন্যথা, নিজৰ ডিজাইন এটাও বিক্রী কৰিব নোৱাৰিলে ডিজাইনাৰ হোৱাৰ অর্থই বা ক’ত?

আচলতে এগৰাকী দ্বিতীয় শ্ৰেণীৰ ডিজাইনাৰে যিকোনো ডিজাইন সৃষ্টি কৰিব পাৰে, কাৰণ তেওঁলোকে জানে যে সেই ডিজাইন বিক্রী হোৱাৰ আশা মুঠেই কম ।

মই নবাগত ডিজাইনাৰসকলক ক’ব খোজোঁ যে উত্তৰ-পূৰ্বাঞ্চল ইয়াৰ বৈচিত্র্যময় সংস্কৃতিৰে যথেষ্ট চহকী। সেয়ে অঞ্চলটোৰ মুগা, পাট, এড়ীৰ দৰে সুন্দৰ ফেব্রিকসমূহৰ দ্বাৰা নিজৰ ডিজাইন সর্বাংগসুন্দৰ কৰি তোলাত অৱশ্যে পুৰণি গুৰুত্ব দিয়া উচিত। পৰম্পৰাগত ডিজাইনৰ সহায়ত ছার্ট, মিনি স্কার্ট ডিজাইন কৰাতকৈ অধিক সৃষ্টিশীলতা যোগ দি আমাৰ ডিজাইনসমূহ বিশ্ববিখ্যাত কৰি তোলাৰ কথাহে চিন্তা কৰা উচিত। উত্তৰ-পূবৰ ফেশ্বন আৰু মডেলিং ক্ষেত্ৰত সহস্র সুপ্ত প্রতিভা আছে, প্রয়োজন মাথোঁ উৎসর্গিত মনোভাব আৰু নিজৰ কামৰ প্ৰতি নিষ্ঠাৰ। যি কৰা যায় তাক উৎকৃষ্ট ধৰণে কৰা উচিত যাতে নিজে উৎকৃষ্ট হ’ব পাৰি।

Leave a Reply

Your email address will not be published. Required fields are marked *