‘জীৱন’ৰ ১০টা প্ৰশ্নৰ উত্তৰত মামণি ৰয়ছম গোস্বামী

মোৰ বুকুত যি নিঃসংগতাবোধ আছে… সেয়া মই কামৰ ব্যস্ততাৰে ঢাকি ৰাখোঁ ‘জীৱন’ৰ বাবে এই আছুতীয়া সাক্ষাৎকাৰটি যুগুতালে- অৰ্চনা বৰঠাকুৰে। ১। প্রত্যেকৰে বাবে জীৱনৰ ধাৰণাবোৰ বেলেগ ধৰণৰ হয়। আপোনাৰ বাবে বাৰু জীৱনৰ সংজ্ঞা কি? মাঃ ৰঃ গোঃ জীৱন সম্বন্ধে আমি বহুত…

জীৱন আজীৱন

|| অতনু ভট্টাচাৰ্য || সময় কমি আহিছে আমাৰ দিনবোৰৰ পৰা। সময় কমি আহিছে আমাৰ জীৱনৰ পৰা। আমি কেনেকৈ সময় ৰাহি কৰিম সেই চিন্তাই আমাৰ আলোচনাৰ এটা গুৰুত্বপূর্ণ অংশ অধিকাৰ কৰা উচিত। অথচ আমি বাস কৰা বিশাল দেশখনৰ সংস্কৃতিয়ে আমাক সেই…

সাংস্কৃতিক ৰক্ষণশীলতাই আনে অস্বস্তি

||মনিকুন্তলা ভট্টাচার্য|| সৰ্পৰ দৰে নিজস্ব স্বকীয়তা বজাই ৰাখি সংস্কৃতিয়েও মোট সলোৱাৰ প্ৰয়োজন আছে। আজি ভাৰতৰ অন্যান্য প্রদেশৰ তুলনাত অসম বহুক্ষেত্ৰত পিছপৰি ৰৈছে। পিছপৰি ৰৈছে অসমীয়া সমাজো। তাৰ এক কাৰণ হৈছে আমাৰ ৰক্ষণশীল মনোভাব। সিদিনা এঠাইলৈ গৈছোঁ, পৰিয়ালটো শিক্ষা-দীক্ষাত যথেষ্ট আগবঢ়া।…

বুদ্ধ-প্রবুদ্ধ-বৌদ্ধ

||সঞ্জীব সভাপণ্ডিত|| ডেকাজন গাড়ীখন ৰখাই সোমাই আহিল। গেটখন পাৰ হওঁতেই তেওঁ ম’বাইল ফোনটো টিপিবলৈ আৰম্ভ কৰিলে। খোলা গেটখন বন্ধ কৰাৰ কথাটো বোধ কৰোঁ তেওঁৰ মনলৈ নাহিল। গেটখন দাঙি তেওঁ ফোনটো কাণৰ ওচৰলৈ নিলে আৰু কথা পতাত লাগিল। গেটৰ পৰা চিৰি…

ইতিবাচক জীৱন যাপনে আমাক কৰি তুলিব পাৰে ক্ষমতাশালী

||অনুঃ সিদ্ধার্থ শংকৰ ডেকা|| উদাহৰণস্বৰূপে কেইবছৰমান আগৰ মোৰ চিনাকি মানুহ এজনৰ কথা কওঁ। অলপতে অস্থায়’ৱ কলম্বাছত এটা বক্তৃতা প্রদান কৰিবলৈ যাওঁতে এনিশা হঠাৎ মোৰ তেওঁৰ কথা মনত পৰিল। মই এখন হোটেলৰ ২৮৮ মহলাৰ কোঠা এটাত আছিলো-য’ৰ পৰা সমগ্র চহৰখনৰ এটা…

পাশ্চাত্যৰ-যুৱ-সমাজ

||ডঃ অনুপম শইকীয়া|| ছাত্রাবস্থাত আমি সাত বছৰ কাল ইংলেণ্ডত আৰু তাৰ পৰৱর্তী পর্যায়ৰ কর্মজীবনত ফ্রান্সত এবছৰ আৰু কানাডাত আঢ়ৈ বছৰ কাল অতিবাহিত কৰিছিলোঁ। তদুপৰি আমেৰিকা যুক্তৰাষ্ট্র, ইটালী আৰু স্পেইনতো এমাহকৈ কটোৱাৰ অভিজ্ঞতা হৈছিল। সেই সময়ছোৱাত পাশ্চাতাৰ যুৱ জীবন, বিশেষকৈ ছাত্র…

কলেজত সফলতাৰে প্ৰৱেশৰ প্রস্তুতি

 আমেৰিকাৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ পৰামৰ্শাৱলী যিদৰে প্ৰস্তুতি অবিহনে জীৱনত কোনো কাম কৰা সম্ভৱ নহয়, সেইদৰে কলেজত প্ৰথমবাৰৰ বাবে ভৰি দিয়াৰ বাবেও প্রয়োজন প্ৰস্তুতিৰ। ছাত্র-ছাত্রীসকলে বহু আগতীয়াকৈ কলেজৰ বাবে নিজকে প্রস্তুত কৰি তুলিবলৈও প্রস্তুতি আৰম্ভ কৰা উচিত। কলেজলৈ যাবলৈ সময় আছে, হ’ব…

‘জীৱন’ৰ ১০ টা প্ৰশ্নৰ উত্তৰত জুবিন গাৰ্গ

তেতিয়ালৈকে তেওঁৰ ৩০০মান গানহে হৈছিল; অথচ অসমৰ গান, সুৰ, সংগীতৰ সাৰ্বজনীন জনপ্ৰিয়তাৰ সমগ্ৰ ধাৰণাত ইতিমধ্যে যুগান্তকাৰী পৰিৱৰ্তন আনিছিল তেওঁ। ২০০৫-ৰ জুলাইত ‘জীৱন’ আলোচনীৰ প্ৰথম সংখ্যাত প্ৰকাশ হৈছিল জুবিন গাৰ্গৰ সৈতে এই আছুতীয়া সাক্ষাৎকাৰ (‘জীৱন’ৰ হৈ সাক্ষাৎ গ্ৰহণ- ডঃ কৰৱী মহন্ত)…

অৱসাদ আঁতৰাই নতুন জীৱনৰ বাবে সাজু হওক

চিন্তা কৰা বন্ধ কৰক–বাস্তব বা কাল্পনিক সমস্যাক লৈ চিন্তা কৰা বন্ধ কৰক। চিন্তাই হৃদৰোগ, মুখত অবাঞ্ছিত ৰেখা আৰু নিদ্রাবিহীন নিশাৰ বাহিৰে আন একো দিব নোৱাৰে। ক’বলৈ অবশ্যে সহজ, কিন্তু কেইটামান নির্দিষ্ট কৌশল অবলম্বন কৰি সমস্যাৰে মন ভাবাক্রান্ত হোৱাত বাধা দিয়ক।…

নিজকে কওক ‘মই ধুনীয়া’

আপুনি যে ধুনীয়া, সেয়া জানেনে? যদি জানে, তেন্তে প্রতিদিনে এই কথা মনত পেলাই থাকক। যদি নাজানে, তেন্তে নিজৰ চকুত ধুনীয়া হোৱাৰ এয়াই সময়। ইয়াৰ বাবে কিছু সালসলনিৰ প্রয়োজন হ’ব, কিন্তু আপুনি ভবাৰ দৰে নহয়। নিজৰ সৌন্দৰ্যক ভাল পাবলৈ শিকাৰ লগত…

নিজৰ জীৱনলৈ শৃংখলা আনক

‘নিজক জয় কৰাটোৱেইপ্রথম আৰু শ্রেষ্ঠ বিজয়প্লেটʼআত্মশৃংখলা হৈছে ধৈৰ্য আৰু সহনশীলতা মিশ্রিত মনৰ দৃঢ়তা। জনসংযোগৰ সকলো কৌশল সর্বোৎকৃষ্ট ৰূপত ব্যৱহাৰ কৰোঁতে পথ নির্দেশক হিচাপে ইয়াৰ ভূমিকা অপৰিহাৰ্য। । দায়বন্ধ অর্থবহ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতো আত্মশৃংখলা অতি প্রয়োজনীয়। আমাৰ উদ্বেগ, আবেগ আৰু ব্যক্তিগত…

২০২৫ চনৰ অসম: ২০০৫ ত যুৱ সাংবাদিকে কৰা পূৰ্বানুমান

||মনোজ বৰপূজাৰী|| আজিৰ পৰা আৰু দুটা দশক পাছত অসমখন কেনেকুৱা হ’ব- ই এটা কঠিন প্রশ্ন। কাৰণ প্ৰশ্নটোৰ উত্তৰ দিওঁতে অতি সাম্প্রতিক আর্থ-ৰাজনৈতিক আৰু সামাজিক প্ৰৱণতাবোৰৰ কথা বাদ দিয়া নাযায়। নীতিপ্রণেতাসকলে প্রশ্নটোৰ উত্তৰ যেনেকৈ visualise কৰিব, সংবাদগ্রাহী আৰু নির্মোহ পর্যবেক্ষকে তেনেদৰে…

অকল তৰুণ তৰুণীৰ বাবে

||ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী|| কোনেও মুখ খুলি স্বীকাৰ কৰিবলৈ ভাল নাপালেও বর্তমান সময়ৰ এটা গুৰুত্বপূৰ্ণ সত্য হ’ল- পৃথিৱীৰ সকলো দেশতে, সকলো ক্ষেত্ৰতে তৰুণসকলৰ ওচৰত প্ৰবীণসকল হৈ পৰিছে আতংকিত। প্রবীণ-সকলৰ ওচৰত আছে দুভৰিৰ মন্দ খোজেৰে গৰকি অহা সুদীর্ঘ ধূসৰ সময়, শাশ্বত…

জীৱন আৰু যৌৱন: উপলব্ধিবোৰ

||দেবব্রত দাস || ‘জেনেৰেশ্যন গেপ’ বুলি যে এটা কথা আছে, প্ৰজন্মৰ ব্যৱধান-অনুবাদটো সঠিক হ’ল নে নহ’ল নাজানিলোঁ। কিন্তু সাধাৰণতে যুৱক-যুৱতীসকলে নিজৰ মাতৃ-পিতৃস্থানীয় লোকসকলৰ সৈতে তেওঁলোকৰ মত বা ভাবধাৰা মিল নাখালেই এইবিধ তত্ত্বৰ নাম আওবায়। প্রায় স্বতঃসিদ্ধ হিচাপে। আমিও যেতিয়া যুৱক…

কাইলৈৰ প্ৰজন্মক শংকৰদেৱে কিদৰে প্ৰভাৱিত কৰিব

||ড° অমিয়া ভৰালী মহন্ত|| অসমৰ নতুন প্ৰজন্মক শংকৰদেৱে গঢ়ি যোৱা নৈতিক জগতখনৰ মুক্ত দুৱাৰে হাতবাউলি মাতি আছে। আজিৰপৰা ৫০০ৰো অধিক বছৰৰ আগতে শংকৰদেৱ নামৰ এগৰাকী চিন্তানায়কে অভিনৰ মননশক্তিৰে এখন সুন্দৰ অসমীয়া সমাজৰ কাঠাম তৈয়াৰ কৰিছিল, সভ্যতাৰ নানা তৰপ খহি পৰাৰ…

পাইনৰ দেশ কানৈ কলেজ এৰি আহিলোঁ নাহৰ গছে আৱৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ

||টুনুজ্যোতি গগৈ|| জ্ঞান হ’বৰ দিনৰ পৰা যিখন ঐতিহাসিক, অভিজাত কলেজৰ নামটোৰ সৈতে উজনি অসমৰ বহু ব্যক্তিৰ দৰে আমাৰো আৱেগ, সপোন, গৌৰৱ জড়িত হৈ আছে আৰু নিঃসন্দেহে ভবিষ্যতলৈও থাকিব, সেইখন কলেজৰ বিষয়ে কোনটো কথা লিখোঁ? সৰুৰে পৰা কানৈ কলেজত পঢ়াৰ সপোনৰ…