‘জীৱন’ৰ ১০ টা প্ৰশ্নৰ উত্তৰত জুবিন গাৰ্গ

তেতিয়ালৈকে তেওঁৰ ৩০০মান গানহে হৈছিল; অথচ অসমৰ গান, সুৰ, সংগীতৰ সাৰ্বজনীন জনপ্ৰিয়তাৰ সমগ্ৰ ধাৰণাত ইতিমধ্যে যুগান্তকাৰী পৰিৱৰ্তন আনিছিল তেওঁ। ২০০৫-ৰ জুলাইত ‘জীৱন’ আলোচনীৰ প্ৰথম সংখ্যাত প্ৰকাশ হৈছিল জুবিন গাৰ্গৰ সৈতে এই আছুতীয়া সাক্ষাৎকাৰ (‘জীৱন’ৰ হৈ সাক্ষাৎ গ্ৰহণ- ডঃ কৰৱী মহন্ত)

১। আপোনাৰ সফলতাৰ মন্ত্র কি?

জুবিন: কোনো মন্ত্র নাই। মোৰ কষ্ট আৰু অধ্যৱসায়ৰ ফল হৈছে মোৰ সফলতা।

২। অসমৰ ভৱিষ্যত সম্পৰ্কে আপুনি কি ভাবে?

জুবিন: মই আশাবাদী, বিচাৰোঁ শান্তি আহক, দুর্নীতিবোৰ কমি যাওক। দেশখন সুন্দৰ হওক।

৩। অসমৰ এগৰাকী অতি জনপ্রিয় শিল্পী হিচাপে আপোনাৰ যি সামাজিক স্থিতি, সেই স্থিতিত থাকি আপুনি কোনোধৰণৰ সামাজিক দায়বদ্ধতা অনুভৱ কৰে নেকি?

জুবিন: মই সদায় অনুভৱ কৰোঁ অসমৰ নাগৰিক হিচাপে, এজন প্রকৃত অসমীয়া হিচাপে মোৰ বহুত কৰ্তব্য আছে। সেয়ে মই বিভিন্ন সামাজিক কামত আজিকালি আত্মনিয়োগ কৰিছোঁ। ময়ো বিচাৰোঁ-অসমখন সুন্দৰকৈ গঢ়াত মোৰ কিছু অৱদান থকাটো।

৪। বিভিন্ন সময়ত আপুনি কিছুমান বিতর্কত সোমাই পৰে, যেনে- জাতীয় সংগীত, বিশ্ববিদ্যালয়ত জ্যোতি সংগীতৰ প্ৰসংগ, ৰাজহুৱা অনুষ্ঠান পৰিৱেশনৰ সময়ত আপোনাৰ পোছাক-পৰিচ্ছদ আৰু ব্যৱহাৰ আদি। এই বিতৰ্কবোৰৰ বিষয়ে আপুনি কি ক’ব খোজে আৰু এনেধৰণৰ বিতৰ্কই আপোনাৰ সৃষ্টি আৰু জনপ্রিয়তাক প্রভাৱিত কৰে নেকি?

জুবিন: বিতর্কবিলাক সাময়িক। এইবিলাকে মোৰ সৃষ্টিত একো প্রভাব নেপেলায়। মই এটা কথা জানো- ভাল কাম কৰিলে মানুহে কেতিয়াও নাপাহৰে।

৫। আজিৰ পৰা ১০ বছৰৰ পাছত আপোনাৰ গান, সুৰ, জনপ্রিয়তা আৰু ষ্টেটাছ কি পর্যায়ত থাকিবগৈ বুলি আপোনাৰ আজি ধাৰণা হয়?

জুবিন: জনপ্রিয়তা হয়তো আৰু অলপ বাঢ়িব পাৰে। ষ্টেটাছ নিৰ্ভৰ কৰিব মই নিজক কেনেদৰে মে’নটে’ন কৰিম তাৰ ওপৰত। মোৰ গান আৰু সুৰত বহুতো সলনি হ’ব।

৬। ‘ জীৱন ‘ মানে কি বুলি ভাবে?

জুবিন: মই নিজে কর্মত বিশ্বাসী- গোটেই জীৱনটো সৃষ্টিশীল কাম কৰি যোৱাৰেই ইচ্ছা।

৭। কাৰ গান শুনি ভাল পায়?

জুবিন: ভাল গান হ’লে সকলোৰে শুনো। কিশোৰ কুমাৰ, জয়ন্ত হাজৰিকা, স্ট্রিং-এওঁলোক মোৰ প্রিয়। বিভিন্ন দেশৰ লোকসংগীতো শুনো।

৮। গানৰ বাহিৰে প্রিয় নিচা?

জুবিন : বৰশী বাওঁ, স্পীড্ ড্রাইভিং কৰি ভাল পাওঁ। কেতিয়াবা কিতাপ পঢ়োঁ। কবিতা পঢ়োঁ।

৯। যেতিয়া আনন্দত থাকে অথবা যেতিয়া দুখত থাকে, তেতিয়া কি কৰে?

জুবিন: মই বেছিভাগ সময় আনন্দত থাকিবলৈকে চেষ্টা কৰোঁ। দুখ সহ্য কৰিব পৰা অপৰিসীম কেপাচিটী আছে মোৰ। আনন্দ, দুখ সকলো মোৰ গানতে সমাহিত।

১০। আজিৰ তাৰিখত যিগৰাকী জুবিন গাৰ্গক মানুহে চিনি পায়, সেইজনক লৈ আপুনি সন্তুষ্টনে?

জুবিন: মই সুখী। কিন্তু আৰু বহুত কৰিবলগীয়া আছে। মানুহে মোক বহুত মৰম দিছে। সেয়াই মোৰ প্ৰেৰণা।

২০০৫

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *