জীৱন আজীৱন

|| অতনু ভট্টাচাৰ্য ||

সময় কমি আহিছে আমাৰ দিনবোৰৰ পৰা। সময় কমি আহিছে আমাৰ জীৱনৰ পৰা। আমি কেনেকৈ সময় ৰাহি কৰিম সেই চিন্তাই আমাৰ আলোচনাৰ এটা গুৰুত্বপূর্ণ অংশ অধিকাৰ কৰা উচিত। অথচ আমি বাস কৰা বিশাল দেশখনৰ সংস্কৃতিয়ে আমাক সেই ভাবনাৰে সমৃদ্ধ কৰা নাই। আমিও আমাৰ সময়-জ্ঞানেৰে দেশখনক সমৃদ্ধ কৰিব পৰা নাই। বোধ কৰোঁ আমাৰ ৰাজ্যখন পৃথিৱীৰ সেই কমসংখ্যক দুর্ভগীয়া দেশ আৰু ৰাজ্যবোৰৰ অন্যতম য’ত সময়-সচেতন নোহোৱা এটা আচহুৱা ছিষ্টেমৰ মাজেৰে জীৱনটো যাপন কৰিবলগীয়া হয়।

আপোনাৰ নগৰলৈ যোৱা ৰাস্তাটো কেতিয়ালৈ পকী হৈ উঠিব, দলংখনৰ মেৰামতি কেতিয়ালৈ হ’ব সেই কথা সেই কামবোৰৰ দায়িত্বত থকা মানুহকেইজনে নাজানে। পৰীক্ষাৰ ফলাফল কোন দিনা ঘোষণা কৰা হ’ব সেই কথা নির্দিষ্টকো এপয়েক, আগলৈকে সংশ্লিষ্ট লোকসকলে জোৰ‌ দি ক’ব নোৱাবো খুব শক্তিশালী অফিচৰ চাকৰিয়াল নহ’লে আপুনি ক’ব নোৱাৰে মাহটোৰ কিমান তাৰিখ আপোনাৰ দৰমহা পোৱাৰ দিন!

আপুনি যে চোফা এখন বনাবলৈ ফার্নিচাৰ হাউছত অৰ্ডাৰ দি থৈছিল, আপোনাক দিয়া। সময় অনুসৰি এবাৰ খবৰ কৰি আহকগৈ-কামটো হৈছেনে? আপোনাৰ চোলাটো দর্জীয়ে সঠিক সময়ত সী দিব পাৰিলেনে?
ঘৰৰ পাৰ্ট-টাইম বন কৰা মানুহজনী পুৱা ঠিক সময়ত আপোনাৰ চোতাল পায়হিনে? খবৰ পোৱাৰ লগে লগে পুলিচ অথবা অগ্নিনির্বাপক বাহিনী সক্রিয় হৈ উঠেনে? ওচৰৰ ট্রেন্সফৰ্মাৰটো বিকল হৈ পৰিলে যথাসময়ত বিদ্যুৎ বিভাগৰ মনোযোগ আকর্ষণ কৰিব পৰা যায়নে?

আবেলি তিনি বজাৰ মিটিংখন কেই বজাত আৰম্ভ হ’ব? সেউজ-সংকেত নাপাই মাজবাটত ৰৈ থকা ৰে’লগাড়ীখনে কিমান সময়লৈ ৰ’ব?

আমাৰ দৈনন্দিন জীৱনৰ এই বিৰক্তিকৰ অনিশ্চয়তাক আমি প্রতিৰোধ কৰিব নোৱাৰোঁ নেকি? মই ভাবোঁ আৰু বিশ্বাস কৰোঁ যে আনক সলনি কৰিব নোৱাৰিলেও নিজৰ সময়-সচেতনতাৰে এটা বিৰাট আন্দোলনৰ এটি ক্ষুদ্ৰ আৰম্ভণি ঘটাৰ পৰা যায়।
এটা নির্দিষ্ট সময়ত ক’ৰবাত মোক বৈ থাকিবলৈ কৈ যথোচিত কাৰণ নোহোৱাকৈ পলম কৰা মানুহবোৰক মই মোৰ জীৱনৰ পৰা গুৰুত্বহীন কৰি পেলাইছোঁ। যথাসময়ত আৰম্ভ নোহোৱা সভা-সমিতি আৰু সাংস্কৃতিক সন্ধিয়াবোৰ বৰ্জন কৰিবলৈ আৰম্ভ কৰিছোঁ। সভাত কোনো বক্তাই অনাৱশ্যকভাবে দীঘলীয়া বক্তৃতাৰে বিৰক্ত কৰিবলৈ আৰম্ভ কৰিলে তেওঁ বুজাকৈ সভাস্থান ত্যাগ কৰিছোঁ। নির্ধাৰিত সময়ৰ ভিতৰত কাম একোটা কৰি দিয়া মিস্ত্রীজনক তেওঁ বিচৰাতকৈ কেইটামান টকা বেছিকৈ দিয়া আৰু আনহাতে, অযথা পলম কৰাৰ বাবদ প্ৰতিটো ওপৰঞ্চি দিনৰ বাবে পইচা কাটি বখাৰ আগতীয়া বন্দৱস্ত কৰাৰ সিদ্ধান্ত লৈছোঁ।

কথাবোৰ এনেকুৱা নহয় যে মই মোৰ সময় কেতিয়াও অপচয় কৰা নাই। কথাবোৰ এনেকুৱা নহয় যে মই কেতিয়াও টেলিভিছনৰ সন্মুখত বহি ক্রিকেট চোৱা নাই। নিজৰ বিবেচনাবে মই আড্ডা মাৰিম।
নিজৰ হিচাপেৰে মই কোনো এখন বাছত উঠি এদিন এটা উদ্দেশ্যহীন যাত্রা কৰিম। কোনো এটা নিৰিবিলি গধূলি মই মোৰ সপোনৰ পৃথিৱী এখনত কিছু সময়ৰ বাবে হেৰাই যাম। কিন্তু মোৰ সময় মোৰ ইচ্ছাৰ বিৰুদ্ধে বাৰে বাৰে আনক কাঢ়ি ল’বলৈ নিদিওঁ।
মই জানো যে এটা উদ্ভট জীবন-প্রণালীৰ মাজত বাস কৰি এনে এক সংকল্পত সদায় দৃঢ় হৈ থাকিব পৰা নাযায়। এই কথাও মই বুজোঁ যে এনে এক সংকল্পৰে ভুল ছিষ্টেম এটাক সতকাই শুধৰাব পৰা নাযায়। তথাপি মই বিশ্বাস কৰোঁ যে এই নৈৰাজ্যৰ মাজতো সময়-সচেতন লোকে মানুহৰ এক বিশেষ সম্ভ্রম আদায় কৰিব পাৰে। এটা গুৰুত্বপূৰ্ণ কামৰ বাবে নিজকে এজন প্রয়োজনীয় ব্যক্তি হিচাপে প্রতিষ্ঠা কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *