নিজৰ জীৱনলৈ শৃংখলা আনক


‘নিজক জয় কৰাটোৱেই
প্রথম আৰু শ্রেষ্ঠ বিজয়
প্লেটʼ
আত্মশৃংখলা হৈছে ধৈৰ্য আৰু সহনশীলতা মিশ্রিত মনৰ দৃঢ়তা। জনসংযোগৰ সকলো কৌশল সর্বোৎকৃষ্ট ৰূপত ব্যৱহাৰ কৰোঁতে পথ নির্দেশক হিচাপে ইয়াৰ ভূমিকা অপৰিহাৰ্য। । দায়বন্ধ অর্থবহ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতো আত্মশৃংখলা অতি প্রয়োজনীয়।

আমাৰ উদ্বেগ, আবেগ আৰু ব্যক্তিগত বেয়া লগা-ভাল লগাৰ ওপৰত প্রয়োজনীয় নিয়ন্ত্রণ ৰখাৰ ক্ষমতা থকাটোও যথেষ্ট প্রয়োজনীয়। কেতিয়াবা এই নিয়ন্ত্রণে বুজায় সহনশীলতাক, ধৈৰ্যক। যেতিয়ালৈ পৰিস্থিতি অধিক ইতিবাচক বা গ্রহণীয় দিশেৰে আকাংক্ষিত ফলাফল লাভৰ বাবে অনুকূল নহয়, তেতিয়ালৈ অপেক্ষা কৰা উচিত। একেসময়েত আত্মশৃংখলাই আমাক সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ আৰু অনাকাংক্ষিত ফলাফলৰ সম্ভাৱনা নাই কিয়া কৰিবলৈ দ্বিধাহীনভাৱে পদক্ষেপ লোৱাত সহায় কৰে।

এজন প্রকৃত নেতাৰ বৈশিষ্ট্যই হ’ল আত্ম-শৃংখলা। ই চৰিত্ৰৰ এনে এটা দিশ যি এজন নেতাক সমূহীয়া ৰাজহুৱা পদক্ষেপৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ হৈ কাম কৰাৰ সময়ত নিজৰ ব্যক্তিগত চিন্তা-ভাবনাক তুচ্ছ জ্ঞান কৰিবলৈ শিকায়।

এজন অভিজ্ঞতাসম্পন্ন নেতাৰ বাবে সময়জ্ঞান অনিবার্য। এই গুণবিধে তেওঁক নির্দিষ্ট সময়ত ক্ষিপ্ৰ পদক্ষেপ লোৱাটো ফলদায়ক হ’ব নে অপৰিপক্ক হ’ব সেই বিষয়ে সোনকালে সিদ্ধান্ত ৰখাত সহায় কৰে। লক্ষ্যপ্ৰাপ্তিৰ বাবে প্রয়োজনীয় অভলোৱা বা নিজৰ কৰ্ম-কাণ্ডৰ ওপৰত নিয়ন্ত্রণ পদক্ষেপ গ্ৰহণৰ বাবে সদায় সাজু হৈ দা থাকিবলৈও আত্মশৃংখলাই এজন সজাগ নেতাক ও শিকায়।

ব্যক্তিগত সম্বন্ধত লক্ষণীয় পৰিবৰ্তন ঘটোৱাত আত্মশৃংখলাই সহায় কৰা দেখা যায়। উদাহৰণ স্বৰূপে, ধৰা হ’ল কাৰোবাৰ স’তে কথা-বার্তা হওঁতে ব্যক্তিজনে কোৱা কথা বা যিধৰণে তেওঁ কৈছে সেয়া আপোনাৰ বাবে মুঠেও গ্রহণযোগ্য হোৱা নাই। স্বাভাৱিকতে আপুনি ক্ষোভেবে নিজৰ প্ৰতিক্রিয়া ব্যক্ত কৰিবলৈ বিচাৰিব। কিন্তু উত্তেজনাৰে নিজৰ বিৰোধ প্রকট কৰাতকৈ ধৈৰ্যসহকাৰে তেওঁৰ বক্তব্য বিশ্লেষণ কৰা আৰু সেই সময়ত অসহ্য যেন লগা কথাবোৰৰ আঁৰৰ কাৰণ বা পটভূমি বিচাৰ কৰাৰ চেষ্টা কৰাটো অধিক ফলদায়ক নহ’বনে? আত্মশৃংখলাযুক্ত নিয়ন্ত্ৰণ আৰু কৌশলে আন নহ’লেও অন্ততঃ ইজনক আনজনৰ মতামত বুজি পোৱাৰ সুবিধা দিব।

বিতর্ক এৰাই চলাৰ প্ৰচেষ্টাৰ এক পাৰস্পৰিক সুফল আছে। অফিচত ব’ছৰ সৈতে আলোচনা কৰাৰ সময়ত যিদৰে এইধৰণৰ নিয়ন্ত্রণে আপোনাক সহায় কৰে, সেই একে ফলদায়ক সহায়েই আপুনি সন্তানটিৰ স’তে কথা-বার্তা পাতোঁতেও লাভ কৰিব। সঁচা অৰ্থত আপোনাৰ আত্মশৃংখলাই সন্তানটিক সঠিকভাৱে উত্তৰ দিয়াত আৰু শিকাত সহায় কৰিব।

সুৰংগৰ শেষত থকা পোহৰলৈ চাওক:
কঠিন সময়তো আপুনি ভাঙি নপৰিব বা নিয়ন্ত্রণ নেহেৰুৱাব। আপোনাৰ আন্তৰিক প্ৰচেষ্টা সত্ত্বেও আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰৰ বাহ্যিক ঘটনাসমূহে আপোনাক দিব পাৰে অসন্তুষ্টি আৰু হতাশা। আপোনাৰ উদ্দেশ্য বা কামত আনৰ অবাঞ্ছিত হস্তক্ষেপ আৰু ভুল বুজাবুজি বা আপোনাৰ নিজৰ হিচাপ-নিকাচত হোৱা ডাঙৰ ভুলে সমস্যাৰ সৃষ্টি কৰিব পাৰে। যি কাৰণতেই নহওক, এজন নেতাৰ বাবে ভয় খোৱাৰ বা শংকা অনুভৱ কৰাৰ কোনো কাৰণ নাই। ইয়াৰ বিপৰীতে আত্মশৃংখলাই আপোনাক শান্ত-সৌম্য কৰি ৰাখিব আৰু পৰিস্থিতি উন্নত কৰা বা নিজৰ ক্ষতি পূৰ কৰাত আপোনাক সহায় কৰিব।
সুৰংগৰ শেষত থকা পোহৰকণ আৰু আপোনাৰ বিভিন্ন ধৰণৰ লক্ষ্যপ্রাপ্তি, যেনে- স্নাতক হোৱা, পদোন্নতি লাভ কৰা, পিতৃত্ব বা মাতৃত্বৰ গৌৰৱ অৰ্জন কৰা, ধাৰ পৰিশোধ কৰা আদিৰ আনন্দলৈ লক্ষ্য ৰাখিলে জীৱনৰ পথত কঠিন মুহূৰ্ততো আত্মশৃংখলাৰ জৰিয়তে দৃঢ়তাৰে থিয় দিব পৰা যায়।

অগ্রাধিকাৰ গঢ় দিয়ক: আত্মশৃংখলাই ব্যক্তিগত দায়বদ্ধতা আৰু আনৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ উপৰি আত্মসম্মানকো বুজায়। আজিৰ এই জটিল, দ্রুতবেগী জীৱনত আমাৰ বহুতেই বয়োবৃদ্ধ পিতৃ-মাতৃক সহায় কৰা আৰু সন্তানক জীৱনৰ সুখ যোগান ধৰাৰ মাজত চেঁপা খাই পৰে। কেৰিয়াৰ গঢ়া, পৰিয়াল আৰু নিজৰ ব্যক্তিগত আকাংক্ষা আৰু দায়বদ্ধতাৰ ফলত আমি যথেষ্ট মানসিক চাপত ভুগোঁ। আমাৰ ক্ষমতাক অবাস্তৱসন্মনতভাৱে বিস্তাৰ কৰাৰ ফলত সৃষ্টি হ’ব পৰা সমস্যাসমূহৰ বিষয়ে আমি পূর্বে সজাগ হোৱা ভাল। সঠিক সমাধান নহ’লেও হ্রস্বম্যাদী আৰু দীৰ্ঘম্যাদী অগ্রাধিকাৰৰ ৰূপত সমস্যাবোৰ বাছি ল’লে অধিক বাস্তৱসন্মত দায়বদ্ধতাৰ পৰিচয় দিয়া হ’ব।

সময়জ্ঞান আৰু সঠিক সময়ত কাম কৰা : জনসংযোগৰ সফলতাৰ ক্ষেত্ৰত আত্ম-শৃংখলা লাভৰ বাবে সময়জ্ঞানৰ গুৰুত্বপূর্ণ ভূমিকা আছে। কি, কেনেকৈ বা কিয় আমি কৰোঁ বা ক’ত কৰোঁ, সেই অনুভৱৰ সংমিশ্রণে আকাংক্ষিত ফল লাভৰ ক্ষেত্ৰত আমাৰ ব্যক্তিগত কার্যদক্ষতাৰ উন্নতি কৰিব পাৰে। আত্ম-শৃংখলাত থকা সময়জ্ঞানৰ উপাদানে আমাৰ প্রচেষ্টাক গতি দিয়া, সংগঠিত কৰা আৰু স্পষ্ট কৰি তোলাত সহায় কৰে।

উপযুক্ত সময়জ্ঞান আৰু আত্ম-শৃংখলা থকা এজন ব্যক্তিয়ে সঠিক সময় সঠিক স্থানত সঠিক ব্যক্তি হিচাপে উপবিষ্ট হোৱাৰ সন্মান লাভ কৰে। ১৯২৭ত চার্লছ লিওবার্গ আটলান্টিক মহাসাগৰৰ ওপৰেৰে নিউয়ৰ্কৰ পৰা পেৰিছলৈ অকলশৰে উৰা মৰা প্ৰথমগৰাকী ব্যক্তিৰূপে পৰিগণিত হৈছিল। এই অভিলেখে তেওঁক কেৱল পুৰস্কাৰ আৰু সন্মানেই দিয়া নাছিল, খুলি দিছিল সাফল্যৰ বহু দুৱাৰ। যি সময়ত বিশ্বৰ বহু পাইলটে এই অভিযানৰ বাবে প্রস্তুতি চলাই আছিল, সেই সময়ত লিগুবার্গে উৰা মাৰিছিল আটলান্টিক জয়ৰ বাবে। নিজৰ তথা বিমানখনৰ ক্ষমতাৰ বিষয়ে সম্পূর্ণ জ্ঞাত হৈ আৰু সম্ভাব্য বিপদ সম্পর্কে সজাগ হৈ তেওঁ সঠিক সময় বাছি উলিয়াইছিল। বিশ্বই তেওঁক অভিবাদন জনাইছিল ‘লাকী লিন্ডী’ অর্থাৎ ‘ভাগ্যৱান লিন্ডী’ বুলি। অৱশ্যে কিছুসংখ্যক লোকৰ মতে ‘লাক’ শব্দটোৰ আগত ‘পি’ বর্ণ সংযোগ কৰিলেহে অধিক অর্থবহ হয়। ‘প্লাক’ মানে হ’ল আঁজুৰি অনা, ‘প্লাক’ অর্থাৎ ভাগ্য আঁজুৰি আনিব পৰা বাবেহে লিণ্ডবার্গ ‘ভাগ্যৱান’ হৈছিল !

Leave a Reply

Your email address will not be published. Required fields are marked *