আপুনি যে ধুনীয়া, সেয়া জানেনে? যদি জানে, তেন্তে প্রতিদিনে এই কথা মনত পেলাই থাকক। যদি নাজানে, তেন্তে নিজৰ চকুত ধুনীয়া হোৱাৰ এয়াই সময়। ইয়াৰ বাবে কিছু সালসলনিৰ প্রয়োজন হ’ব, কিন্তু আপুনি ভবাৰ দৰে নহয়। নিজৰ সৌন্দৰ্যক ভাল পাবলৈ শিকাৰ লগত ডায়েটিং কৰা, চকুৰ চেলাউৰিৰ আকৃতি সলোৱা বা জীমলৈ যোৱাৰ কোনো সম্পর্ক নাই।
দৰাচলতে, আপুনি নিজক কিদৰে চায় আৰু আনে আপোনাৰ দেহৰ পৰিভাষাক যিদৰে চায় বুলি আপুনি ভাবে, তাৰ সৈতে আপুনি নিজৰ বিষয়ে কি ভাবে তাৰ গুৰুত্বপূৰ্ণ সম্পর্ক আছে।
নেতিবাচক দেহৰ পৰিভাষা যথেষ্ট বিপজ্জনক হ’ব পাৰে। যদি আপুনি নিজৰ সৌন্দৰ্যক ভাল নাপায়, তেনেহ’লে নিশ্চয় আপুনি নিজকো ভাল নাপায়। আৰু নিজৰ বিষয়ে আপোনাৰ এই নেতিবাচক অনুভৱসমূহে আপোনাৰ জীৱনৰ সকলো ক্ষেত্রতে, বন্ধুত্ব, প্রেম আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল নিজৰ সৈতে থকা সম্পর্কতো বিৰূপ প্রভাৱ পেলাব পাৰে।
আনহাতে, ইতিবাচক দেহৰ পৰিভাষা হৈছে যথেষ্ট শক্তিশালী। যদিও ই জীৱনৰ সকলো সমস্যাৰ তাৎক্ষণিক সমাধান নহয়, তথাপি ই এক ধাৰাবাহিক সমাধান প্ৰক্ৰিয়াৰ আৰম্ভণি হ’ব পাৰে। দাপোণত নিজৰ চেহেৰা চাবলৈ ভাল পোৱাটোৱে নিজৰ প্ৰতি প্রেম গঢ় দিব আৰু ইয়াৰ সৈতে আপুনি লাভ কৰিব- আত্মসন্মান, বিশ্বাস আৰু আভ্যন্তৰীণ এক সৌন্দর্য, যিটো বাহ্যিক সৌন্দর্যতকৈ বহু ওপৰত।
শৈশৱৰে পৰা আমি সামাজিক আৰু ব্যক্তিগত দিশৰ পৰা বাহ্যিক সৌন্দৰ্যৰ ওপৰত দিয়া অত্যধিক গুৰুত্বত আচ্ছন্ন হৈ থাকোঁ। আমি চিণ্ডেলাৰ সাধুৰ দৰে শাৰীৰিক সৌন্দৰ্যৰে নিজকে মূল্যায়ন কৰিবলৈ শিকোঁ। তেনেস্থলত এজন ব্যক্তিয়ে নিজৰ সৌন্দৰ্যক লৈ হীনমন্যতাত ভুগাটো অস্বাভাৱিক নহয়। আনে তেওঁৰ সৌন্দৰ্যৰ প্ৰতি কি মন্তব্য দিছে, কি কৈছে তালৈ অধিক গুৰুত্ব দিয়াৰ ফলত কেতবোৰ স্মৃতিয়ে পৰিপক্ক বয়সতো এজন লোকক বিভিন্নধৰণে হতাশাগ্রস্ত কৰি তুলিব পাৰে। এই জীৱনজোৰা হীনমন্যতা এনিশাতে দূৰ নহয়; কিন্তু আপোনাক কৰা সমালোচনাবোৰক প্রশংসালৈ ৰূপান্তৰ কৰিবলৈ শিকা উচিত। ইয়াৰ বাবে প্রতিদিনে আপুনি নিজক কৰা প্ৰশংসাবোৰ লগ লগাওক। মনত ৰাখিব, আপুনি নিজকে সম্মান জনাবলৈ শিকাটোৱেই হ’ল সবাতোকৈ গুৰুত্বপূর্ণ আত্মপ্রশংসা।
