অৱসাদ আঁতৰাই নতুন জীৱনৰ বাবে সাজু হওক

চিন্তা কৰা বন্ধ কৰক–
বাস্তব বা কাল্পনিক সমস্যাক লৈ চিন্তা কৰা বন্ধ কৰক। চিন্তাই হৃদৰোগ, মুখত অবাঞ্ছিত ৰেখা আৰু নিদ্রাবিহীন নিশাৰ বাহিৰে আন একো দিব নোৱাৰে। ক’বলৈ অবশ্যে সহজ, কিন্তু কেইটামান নির্দিষ্ট কৌশল অবলম্বন কৰি সমস্যাৰে মন ভাবাক্রান্ত হোৱাত বাধা দিয়ক। কমেডী শ্ব’ চাওক, ধৈর্যৰ প্রয়োজন হোৱা জটিল খেল খেলক, নতুন আক কঠিন খাদ্য তৈয়াৰ কৰক বা এখন জটিল কিতাপ পঢ়ক।

হাঁহিবলৈ শিকক-
হাঁহিয়ে চিন্তাৰ পৰা মুক্ত কৰে। কঠিন পৰিস্থিতিত সকাহ দিয়ে, হতাশা, দ্বিধাগ্রস্ততা নোহোৱা কৰে আৰু মেজাজ নিয়ন্ত্রণ কৰে। ই আপোনাৰ মুখখন উজলাই তোলে আৰু চিন্তা আৰু খঙে সৃষ্টি কৰা ৰেখা নাইকিয়া কৰে। আনৰ বাবে অতি কম সময়ৰ ভিতৰতে আপোনাক আকর্ষণীয় কৰি তোলে। এটা হাঁহিৰ সৈতে যেতিয়া আপুনি কাৰোবাৰ সম্মুখীন হয়, তেওঁ কেতিয়াও বিৰক্ত হ’ব নোৱাৰে। হাঁহিয়ে নতুন আশা জগাই তোলে আৰু ইতিবাচক আৰু ফলপ্রসূ দৃষ্টিভংগীৰে সমস্যাসমূহ চোৱাত আপোনাক সহায় কৰে।

সৰু সৰু কথাত আনন্দ উপভোগ কৰক-
দৈনন্দিন ঘটা সৰু সৰু ঘটনাসমূহৰ স্বাদ লওক, যেনে- শিশুৰ মুখৰ হাঁহি, অপ্রত্যাশিত উত্তেজনা, কৌতুক, বেলি মাৰ যোৱাৰ দৃশ্য আদি।

নিজক সকলো যোগান ধৰক-
আনে আপোনাক কি কৰিবলৈ কয় তাৰ বাবে অপেক্ষা নকৰিব। কাৰণ আপুনি জানে আপুনি নিজে কি ভাল পায় আৰু কি বিচাৰে। নিজৰ নিৰ্বাচিত পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়ক, যেনে- বৰষুণত তিতি খোজকঢ়া, বন্ধুৰ সৈতে সন্ধিয়া আড্ডা মৰা আদি।

নিজৰ মনক উৎসাহ জগাওক-
যদি আপুনি এটা আমনিদায়ক আৰু একঘেঁয় চাকৰি কৰি আছে, তেন্তে এনে চাকৰি যথেষ্ট মানসিক চাপৰ কাৰণ হ’ব পাৰে। নিজৰ ব্যক্তিত্বৰ সৈতে খাপ খোৱা চাকৰি বিচাৰক। একে সময়তে কিবা ভাল হবী বাছি লওক, ক্লাবত যোগদান কৰক বা কোনো পাঠ্যক্রমত নামভৰ্তি কৰক।

আত্মবিশ্বাসী হওক-
আত্মবিশ্বাসী হৈ আগবাঢ়িলে নিরুৎসাহ অনুভৱ কৰা নাযায়। পৃথিৱীখনৰ সন্মুখীন হ’বলৈ উন্নত শিবে আগবাঢ়ি গ’লে পৰিণতিলৈও ভয় নলগা হয়।

বাস্তববাদী হওক-
নিজৰ ব্যক্তিত্বক, সলনি কৰাৰ চেষ্টা নকৰিব; নিজৰ ব্যক্তিত্বৰ শক্তি ব্যৱহাৰ কৰিবলৈ আৰু দুৰ্বলতাক সহজভাৱে ল’বলৈ শিকক।

বর্তমানত জীয়াই থাকক-

আমি অতীতৰ ভুলৰ পৰা শিকিব লাগে হয়, কিন্তু সেইবোৰ নিজৰ সৈতে কঢ়িয়াই ফুৰিব নালাগে। অতীতক খামুচি থকা মানে অতি গধুৰ অদৰকাৰী ছুটকেছ এটা ৰাখি থোৱা।

‘নাই’ বুলি ক’বলৈ শিকক-

অফিচতে হওক বা ঘৰতে হওক, সন্তান, সংগী বা বছক ‘নাই’ বুলি ক’বলৈ শিকক। যদি আপুনি ক্লান্ত, খঙাল আৰু মানসিকভাবে অত্যধিক ভাৰাক্রান্ত, তেন্তে আপুনি কাৰোৱেই বাবে ভাল বুলি বিবেচিত নহয়। সন্মান পাবলৈ পোনপটীয়া আৰু স্পষ্ট হওক।

ব্যায়াম-
যিকোনো ধৰণৰ ব্যায়াম বর্ধিত চিন্তা হ্রাস কৰাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ। খোজ কাঢ়ক, সাঁতোৰক, খেলক বা ঘৰৰ মজিয়া মচক।

প্রাধান্য-
স্বাস্থ্যসম্মত জীৱনৰ বাবে ঘৰত, অফিচত আৰু সামাজিক পৰিস্থিতিত জৰুৰী কৰ্তব্যসমূহৰ মাজত সমতা বজাই ৰাখক। প্রথমে প্রয়োজনীয় কামবোৰত গুৰুত্ব দিয়ক, কাৰণ অসমাপ্ত কামৰ চাপ বেছি ভায়াবহ ।

Leave a Reply

Your email address will not be published. Required fields are marked *