ইতিবাচক জীৱন যাপনে আমাক কৰি তুলিব পাৰে ক্ষমতাশালী

||অনুঃ সিদ্ধার্থ শংকৰ ডেকা||


উদাহৰণস্বৰূপে কেইবছৰমান আগৰ মোৰ চিনাকি মানুহ এজনৰ কথা কওঁ। অলপতে অস্থায়’ৱ কলম্বাছত এটা বক্তৃতা প্রদান কৰিবলৈ যাওঁতে এনিশা হঠাৎ মোৰ তেওঁৰ কথা মনত পৰিল। মই এখন হোটেলৰ ২৮৮ মহলাৰ কোঠা এটাত আছিলো-য’ৰ পৰা সমগ্র চহৰখনৰ এটা সুন্দৰ বিহংগম দৃশ্য চকুত পৰে। তাৰ পৰা মই দেখা পালোঁ কেইটামান প্রাচীন শিলৰ অট্টালিকা। কলম্বাছৰ প্রাক্তন বাসিন্দা হোৱা বাবে মই এই অট্টালিকাকেইটা চিনি পালোঁ। সেইকেইটা হ’ল অ’হায়’ ৰজাৰ, পুৰণি কাৰাগাৰ |

অ’হায়’ৰ বিভিন্ন চহৰত যেতিয়া মই যৌবন পাৰ কৰিছিলোঁ, তেতিয়া লগ পোৱা সমনীয়াসকলৰ কথা মই প্রায়ে ভাবো। চিনচিনাটি, কলম্বাছ, বেলেফ টে’ন, ডেলাৱেৰ আদি চহৰৰ সেই যুবক-যুবতীসকলৰ কথা ক’বলৈ পাই সুখী যে তেওঁলোকৰ প্রায় প্রত্যেকেই জীবনত ভালদৰে প্রতিষ্ঠিত হ’ল, এচামৰতো খুবেই ভাল হ’ল। কিন্তু অ’হায়’ৰ সেই পুৰণি কাৰাগাৰলৈ চাওঁতে মনত পৰিল আমাৰ মাজৰে এজনে জীবনত প্রতিষ্ঠিত হ’ব নোৱাৰিলে। কলেজৰ পৰা সুখ্যাতিৰে গ্রেজুয়েট হোৱা আকর্ষণীয় ব্যক্তিত্বৰ সেই যুৱকজন যে এদিন কাৰাগাৰ আৱাসী হ’বগৈ আমি কোনেও আশা কৰা নাছিলো। ধুনীয়া সৰু গাঁও এখনত ডাঙৰ-দীঘল হোৱা ল’ৰাজন স্থানীয় বেংকৰ শীর্ষ বিষয়ান পদত অধিষ্ঠিত হোৱাৰ লগতে সমাজৰ শ্রদ্ধাভাজন নাগৰিকো হৈছিলগৈ। তাৰ আকর্ষণীয় ব্যক্তিত্বই বাইজক ভাবিবলৈ বাধ্য কৰিছিল যে সিয়েই হ’ব কংগ্ৰেছৰ বাবে উপযুক্ত প্রার্থী।

পাছত সি চিকাগোৰ এজনী ধুনীয়া আৰু ধনী গাভৰুক বিয়া কৰালে। এই দেখনিয়াৰ দম্পতীহাল হৈ পৰিল স্থানীয় সমাজ জীবনব নেতাস্বৰূপ। পত্নীক সি পূজা কৰিছিল, তাই বিচৰা সকলোখিনি দিছিল। আপাত দৃষ্টিত তাই ভাবিছিল যে গিৰিয়েকৰ যিমান সম্পদ তাই দেখা পাইছে, তাতকৈ তেওঁৰ উপাৰ্জন বহু বেছি। ব্যয়বহুল ভ্রমণ আৰু সমুদ্রযাত্রাত দুয়ো অত্যধিক ব্যস্ত হোৱাৰ ফলত মানুহজনৰ আয়ৰ বিপৰীতে ব্যয়ৰ পৰিমাণ বৃদ্ধি হ’বলৈ ধৰিলে। এনিশা বেংকত অকলে কাম কৰি থাকোঁতে তেওঁৰ মনত এটা চিন্তা খেলালে তেওঁ দেখোন অলপ নগদ ধন ‘ধাৰ’ হিচাপেই ল’ব পাৰে। কাৰণ পববর্তী এমাহলৈ বেংক পৰীক্ষক অহাৰ সন্তাজনা নাই। সেই সময়ত স্টক মার্কেটত বিনিয়োগ কৰাটো হৈ পৰিছিল যথেষ্ট লাভদায়ক, সেয়ে শ্বেয়াৰ কিনিলে ইয়াৰ মূল্য বৃদ্ধি হোৱাৰে সম্ভাবনা অধিক আছিল। ভাল লাভ হ’ব, তাব চিন্ত্য প্রগাঢ় হ’ল। ‘ধাৰ’ কৰা ধনখিনি পুনৰ বেংকত জমা থোৱাই নহয়, তাতকৈ বহু বেছি উপার্জন কৰাৰো গল আছিল তেওঁৰ বাবে। পিছে এজন সম্মানজনক ব্যক্তি হিচাপে তেওঁ সেই চিন্তা ত্যাগ কৰিলে।

কিন্তু বিখ্যাত ইংৰাজ লেখক থমাছ কালহিলৰ ভাষাত, ‘চিন্তাই হৈছে যিকোনো কার্যব জন্মদাতা’। কি শক্তিশালী এই সত্য। আন এনিশা পুনৰ অকলে বেংকত কাম কৰি থাকোঁতে তেওঁৰ মনলৈ একে চিন্তাই আহিল। এইবাৰ মানসিক প্রতিবোধ দুর্বল আছিল, ফলত সহজতে হাত আগবাঢ়ি গ’ল। তেওঁ সেই কামেই কৰিলে যি কাম কৰিবলৈ চিন্তাই নির্দেশ দিছিল। পিছে তেওঁৰ কপাল বেয়া আছিল। স্টক মার্কেট মন্দাতো হ’লেই, বেংক পৰীক্ষকো পৰীক্ষাৰ বাবে সোনকালে আহিল। সেই ‘ধাৰ’ ধৰা পৰিল আৰু অ’হায়’ বাজ্যিক কাৰাগাৰৰ বৃহৎ লোৰ গেটখন ভুল চিন্তা কৰা এজন ভাল মানুহৰ বাবে মুকলি হৈ পৰিল।

বহু বছৰ পাছত সেই বেংক বিষয়াজনৰ কন্যাই মোক মোৰ নিউয়র্কৰ অফিচত দেখা কৰিবলৈ আহিল।

‘মই সদায়ে দেউতাৰ বাবে কষ্ট পাই আহিছোঁ।’ তাই কৈ গ’ল, ‘কিন্তু মই তেওঁক সম্মান কৰোঁ আৰু ভাল পাওঁ। সেয়ে মই জানিব বিচাৰিছোঁ, মোৰ দেউতা দুর্বল আছিল নেকি। বেয়া আছিল নেকি? আপুনি তেওঁক জানিছিল। মোক কওক, প্লীজ।’

‘ওহো। তেওঁ বেয়া মানুহ নাছিল।’ মই উত্তৰ দিলোঁ, ‘দুর্বলতাই তেওঁৰ দোষ আছিল বুলিও মই ভাবো। তেওঁ জ্ঞানী লোক আছিল। কিন্তু সমস্যা আছিল তেওঁৰ চিন্তাত।’

মই যুৱতীগৰাকীক সান্ত্বনা দিবলৈ সক্ষম হৈছিলোঁ আৰু সুখী যে সমাজৰ ধাৰ পৰিশোধ কৰাৰ পাছত মানুহজনৰ পৰিয়াল পুনৰ একত্ৰিত হৈছিল। সমস্যা আছিল তেওঁৰ চিন্তাত’ মানে মই বুজাব খুজিছোঁ যে তেওঁ নেতিবাচক চিন্তা কৰিছিল। তেওঁ নিজে নিজে ভাবি লৈছিল তেওঁৰ পত্নী ধুনীয়া, আলফুল, আঁকৰী। যদি তেওঁ পত্নীক বিষয়ে ইতিবাচক চিন্তা কৰিলেহেঁতেন, তেখেতে তাইৰ অইন এটা ৰূপ তেওঁৰ দৃষ্টিত ধৰা পৰিলেহেঁতেন- প্রকৃততে তাই আছিল এজনী বুদ্ধিমতী আৰু শক্তিশালী তিৰোতা। কাৰাবাসৰ পাছত তেওঁৰ পত্নীৰ ভূমিকাই এই কথা প্রমাণে কৰিছিল। তেনেকৈ ভবাহেঁতেন পত্নীক নিজৰ আর্থিক অৱস্থাৰ সঁচা ছবিখন তেও দেখুৱালেহেঁতেন। মই নিশ্চিত যে তেওঁলোক দুয়োয়ে পৰস্পৰক বুজি পালেহেঁতেন, যিহেতু দুয়ো দুয়োকে অন্তৰেৰে ভাল পাইছিল। কিয়নো দুজন মানুহৰ মাজত যেতিয়া ভালপোৱা থাকে তেতিয়া একোৱেই অসম্ভৱ নহয়।

কিন্তু ভুল পথে যোৱাসকলৰ সৈতে সমস্যা এই টোৱেই। তেওঁলোকে এই পথটোকে সবাতোকৈ সহজ আৰু খৰতকীয়া বুলি ভাবে যীশু খ্রীষ্টই কৈছিল… দুৱাৰখন বহল আৰ পথটো সহজ- এই বাটেদি যাব পাৰি ধ্বংসমুখলৈ…।’ ভুল কাম কৰোঁতাসকল প্রায়ে চতুৰ হয় আৰু এই দুষ্টামিৰ বাবেই কিছু সময়ৰ বাবে তেওঁলোক সাৰি যায়। কিন্তু মূলতঃ তেওঁলোক মূর্খ, কাৰণ শেষত তেওঁলোক ধৰা পৰে। কথাষাৰৰ সাক্ষী হ’ল ‘উৱাল স্ট্রীট’ৰ সেই বিখ্যাত ব্যক্তিসকল, যিসকলক এসময়ত পৃথিৱীৰ আটাইতকৈ চতুৰ মানুহ বুলি ভবা হৈছিল।

কার্লাইল সঁচা আছিল: ‘চিন্তাই হৈছে যিকোনো কাৰ্যৰ জন্মদাতা’। সেই প্রাথমিক চিন্তাটোক মনত বাস কৰিবলৈ দিলে ই হৈ পৰে এটা ফিৰিঙতি যি আমাক প্রজ্বলিত কৰে কাৰ্য সাধনৰ বাবে। সেই চিন্তাটো ইতিবাচক নে নেতিবাচক, তাৰ ওপৰত নিৰ্ভৰ কৰে কাৰ্যৰ সফলতা বা বিফলতা।

Leave a Reply

Your email address will not be published. Required fields are marked *