বুদ্ধ-প্রবুদ্ধ-বৌদ্ধ

||সঞ্জীব সভাপণ্ডিত||

ডেকাজন গাড়ীখন ৰখাই সোমাই আহিল। গেটখন পাৰ হওঁতেই তেওঁ ম’বাইল ফোনটো টিপিবলৈ আৰম্ভ কৰিলে। খোলা গেটখন বন্ধ কৰাৰ কথাটো বোধ কৰোঁ তেওঁৰ মনলৈ নাহিল। গেটখন দাঙি তেওঁ ফোনটো কাণৰ ওচৰলৈ নিলে আৰু কথা পতাত লাগিল। গেটৰ পৰা চিৰি পাওঁতে তেওঁৰ এযুগ লাগিল। কথাৰ মাজত তেওঁ খোজ দিবলৈ পাহৰি পাহৰি যায়। অন্য কেবাজনো মানুহ তেওঁৰ কাষেদি পাৰ হৈ আহিল আৰু পাৰ হৈ গ’ল। সৰু ল’ৰা-ছোৱালী কিছুমানেও অগা-ডেৱা কৰি আছে। ডেকাৰ কিন্তু একোলৈ ভ্রূক্ষেপ নাই। তেওঁৰ চকু ঘৰটোৰ টিঙত বা আকাশত বা এনেয়ে য’ত ত’ত। ডিভিটো বেঁকা হৈ গৈছে কথা পাতোঁতে পাতোঁতে। মাজে মাজে মাতটো ডাঙৰ, মাজে মাজে সৰু, মাজে মাজে হাঁহে। … তেওঁ আগদিনাখন ঢুকোৱা বৰদেউতাকৰ ঘৰলৈ খবৰ কৰিবলৈ আহিছে।

ভিতৰলৈ যাওঁতেও তেওঁৰ ফোনটো মাজে মাজে বাজি থাকিল। তেওঁ পূৱা শুই উঠাৰ পৰা আৰম্ভ কৰি গধূলি ৰকিব ঘৰৰ পাৰ্টীলৈ যোৱাৰ প্রগ্ৰামলৈকে যিমান পাৰি বিস্তৃতভাবে কথা পাতিলে। টেলিফোনত কথা পতা মূল। কামটোৰ মাজে মাজে তেওঁ ঘৰৰ দুই-এজনৰ লগতো কথা পাতিলে। চকু-কাণ-নাক-জিভা-ছাল-চুলিৰ নিচিনাকৈ ম’বাইল ফোনটো তেওঁৰ হাতৰ তলুৱাৰ এটা অংগ যেন লাগিল। ভগৱানে যেন যোৱা হাজাৰ হাজাৰ বছৰ ধৰি মানুহৰ গাত এই অংগটো সংযাজনৰ কথাটো পাহৰি আছিল। একবিংশ শতিকাৰ প্ৰথম দুই-চাৰি বছৰৰ ভিতৰতে যেন তেওঁ এতিয়া খৰধৰকৈ এই অংগটো লগাই দিবলৈ বিচাৰিছে।

ডেকাজন বৰমাকক লগ পাবলৈ বা মাত দিবলৈ ভিতৰলৈ গ’ল। বৰমাক বিছনা এখনত শুই আছে। ওচৰত দুই-চাৰিগৰাকী মানুহ। বৰমাকে মাত মতা নাই। বহি থকা এগৰাকী-দুগৰাকীয়ে নিজৰ ভিতৰত দুটা-এটা কথা পাতিছে। পৰিৱেশটো গধূৰ। মজিয়াত পাৰি থোৱা তুলিখনতে পেন্টটো কোঁচাই ডেকা বহিল। বৰমাকৰ মুখলৈ চালে, ওচৰলৈ নগ’ল। বাকীসকলক তেওঁ চিনি নাপায়।

হাতৰ ম’বাইলটো লৈ ডেকাই আকৌ টিপা-টিপি কৰিবলৈ ধৰিলে। দহ মিনিটমান সময় ডেকা তেনেকৈয়ে থাকিল- একান্তমনে কেবল ম’বাইল ফোনটোলৈকে চাই চাই। দেখি ভালো লাগিল- ইমান নিবিষ্টমনে, ইমান একাগ্রচিত্তে কাম কৰা মানুহো যে আজি আছে। বাহিৰত পুৰোহিত আনিবলৈ যাবলৈ কাৰ গাড়ী আছে বুলি কোনোবাই চিঞৰি চিঞৰি সুধি থকা কথাও তেওঁৰ কাণত নোসোমাল। বেৰত জেঠীৰ টিক্ টিক্ শব্দকেইটা শুনাৰ কোনো কথাই নাই।

ছোৱালী এজনী আহি ডেকাক প্লেট এখনত ফলমূল দি গ’লহি। ‘থেংক’ বুলি কৈ ডেকাই ম’বাইলটো তুলিখনত থৈ খোৱা আৰম্ভ কৰি দিলে। কিন্তু বাঁওহাতেৰে ফোনটো লিৰিকি-বিদাৰি থাকিল।

খোৱা হ’লত ডেকা উঠিল আৰু ড্রয়িং কমত বহিলহি আৰু তাত বহি থকাকেইজনৰ কাকো চিনি নোপোৱাৰ কাৰণেই হ’বলা আকৌ ফোনটো টিপা-টিপি কৰি থাকিল- হয় এছ এম এছ পঠালে, নহয় গেছ খেলিলে। মুঠতে বহির্জগতৰ পৰা বিচ্ছিন্ন।

মই দেখি অভিভূত হৈ পৰিলোঁ- মহা মহা যোগী-তপস্বীসকলে বছৰৰ পাছত বছৰ ধৰি তপস্যা সাধনা কৰি সংসাৰৰ পৰা নিজকে বিচ্ছিন্ন কৰিব নোৱাৰে, অথচ অৱলীলাক্রমে ডেকাই এই পর্যায় পাব পাৰিছে।

মই মনেৰে ম’বাইলটো ডেকাৰ হাতৰ পৰা আঁতৰাই আনিলোঁ। দেখিলোঁ তেওঁ পানীৰ পৰা উঠাই অনা মাছৰ নিচিনা হৈছে বা নিচাসক্ত

যুৱতীয়ে দৈনিক ‘কোটা’ নাপালে হোৱাৰ নিচিনা অৱস্থা এটা হৈছে। মই দেখিলোঁ তেওঁ কাফ্ফ্ফাৰ সেই পোকটোলৈ ৰূপান্তৰিত হৈছে বা মহিম বৰাৰ পইতাচোৰাটো হৈ পৰিছে। কাৰো লগত তেওঁ কথা পাতিব পৰা নাই। ওচৰত বহি থকা কেনো এজনৰ লগত তেওঁ উপযাচি চিনাকি হ’ব পৰা নাই। তেওঁৰ মুখৰ ভাষা হেৰাই গৈছে। তেওঁ যেন যন্ত্ৰটোৰ দাস হৈ পৰিছে। যন্ত্রটোৱেহে যেন তেওঁক জীয়াই ৰাখিছে। যন্ত্ৰটো লিৰিকি-বিদাৰি থাকিবলৈ নাপালে তেওঁ যেন অপূর্ণ। যন্ত্ৰটোৰ অবিহনে যেন তেওঁ অস্তিত্বহীন।

ঠিক… ঠিক যেন হাতত পিষ্টল থকা ডেকা এজনৰ অৱস্থা তেওঁৰ। জেপত বা কঁকালত বা বেগত গুলীভর্তি পিষ্টল এটা থাকিলে মনটো বাৰু কেনেকুৱা লাগে। শীতল ধাতর স্পর্শটোরে কি যে প্রচণ্ড শক্তি দিয়ে। চুটকেচৰ পৰা আনি জেপত ভৰাই ল’বৰ মন যায়। অনবৰতে চুই থাকিবৰ মন যায়। বাঃ কি সাহ এইটো লগত থাকিলে। নিজকে ৰজা বা ছুপ্রীম কোর্টৰ মুখ্য ন্যায়াধীশ যেন লাগে। সকলো অপৰাধ মৃত্যুদণ্ডযোগ্য যেন লাগে। ৰাস্তাত আগৰ গাড়ীখনে ছাইড নিদিলে ড্রাইভাৰজনৰ খোলাটো উৰুৱাই দিওঁ যেন লাগে। সি চালা ঘৰ সাজিছে, মোৰ কি নাই! এইপাত দেখিছ, দে। মাল উলিয়া। নিজে পাঁচ সোতৰ গুণ পইষষ্ঠি লিখা বা ষষ্ঠ শ্রেণীতে স্কুলীয়া শিক্ষা সমাপ্ত কৰা কথাটো পাহৰি যাবৰ মন যায়। নাইন এম এম আমেৰিকান নিষ্টল। বাঃ, ধেমালি নেকি। পগাছ হাজাৰ টকা দাম। কেনেকৈ জেপলৈ আহিল কি দৰকাৰ। দুই থকাতেই আমেজ। দেখুৱালেই দুই-তিনিগুণ টকা আহি যায়। ভাল খনিত হাত দিব পাৰিলে ভবিষ্যতলৈও বাট মুকলি থাকি যায়। আনক ধাৰে দিও টকা ঘটিব পাৰি। বস্তুটো জেপত থাকিলে নিজতকৈ শক্তিশালী দহটা ডেকাও সেও হৈ থাকে। উপাৰ্জনৰ পৰা অলপ অলপ দি থাকিলে দহটা নেগুৰ পেলাই গেবাৰি খটা চাকৰ পোৱা যায়। অহা-যোৱা কৰা ঠাই, লগ ধৰা মানুহ সকলোৱেই বেলেগ হৈ পৰে। জেপত থকা বস্তুটোৰ ভাষা নিতান্তই সুকীয়া। সেই ভাষা বুজা মানুহো বেলেগ- তৰংগ দৈর্ঘ্যও বেলেগ। জেপত সেইটো থাকিলে হাবাই চেণ্ডেল পিন্ধিবব মন নাযায়, চাইকেল চলাবৰ মন নাযায়, কলা বীথিকালৈ যাবৰ মন নাযায়, কিতাপৰ দোকানলৈ যাবৰ মন নাযায়। কেবল সেই বস্তুটোৰ ভাষাটো বুজা মানুহৰ লগতে সম্পর্ক তালৈকেহে অহা-যোরা। পুরা শুই উঠাৰ পৰা ‘মোৰ কমিছন ক’ত, চালা ধৰি লৈ আহ- খুপৰী উৰাই দিম, চিনি পোৱা নাই।’ এইটো ট’ন। মনে মনে জেপত সোমাই থকা ঠাণ্ডা বস্তুটোরে ইমান কথা কয় যে পুৱাৰ চৰাইৰ মাতটো নুশুনিয়েই।

মই মনে মনে জেপৰ পৰা পিষ্টলটো চুৰ কৰি আনিলোঁ। ডেকাৰ খোজৰ দৃঢ়তা নাইকিয়া হৈ গ’ল। দহটা ভূতাৰ মাত ডাঙৰ হৈ আহিল। তেওঁৰ ঘৰত হোৱা ভিৰটো কমি গ’ল। তেওঁ ঘৰৰ পৰা নোলোৱা হ’ল, বেডকমত দুৱাৰ বন্ধ কৰি সোমাই থাকিল, কাৰো লগত কথা পাতিব নজনা হ’ল। ইমান দিনৰ তেওঁৰ ভাষাটো অনাই নুবুজে। তেৱোঁ আনৰ ভাষা নুবুজা হৈ গৈছে ইমান দিনে।

ঠিক… ঠিক ম’বাইল হাতত লৈ থকা সেই ডেকাৰ নিচিনাকৈ জেপত পিষ্টল থকা ডেকাজনো এটা দ্বীপ- নির্জন, মানুহৰ বসবাস নোপোৱা দ্বীপ।

কি কৰিব? হাতত বস্তুটো থাকিলে মনটো লক্লকাই থাকে কিবা কৰিবলৈ, ব্যৱহাৰ কৰিবলৈ। কোনোবা এটা পর্যায়ত ঠিক মদে ক’ব নোৱাৰাকৈয়ে গ্রাস কৰি পেলোৱাৰ নিচিনাকৈ, জেপত পিষ্টল লৈ ফুৰা মানুহজন অমানুহ হৈ পৰাৰ নিচিনাকৈ, হাতত ম’বাইল ফোন লৈ ফুৰাজনো ৰূপান্তৰিত হৈ যাবগৈ নেকি বাৰু? ম’বাইল ফোনটো হকে-বিহকে, স্থানে-অস্থানে, পৰিৱেশ-পৰিস্থিতিৰ বিচাৰ নকৰাকৈ ব্যৱহাৰ কৰাৰ দৰেই হাতত থকা পিষ্টলটোও হকে-বিহকে, স্থানে-অস্থানে, পৰিবেশ-পৰিস্থিতিৰ বিচাৰ নকৰাকৈ ব্যৱহাৰ নহয়নে বা নহ’ব নে বাঝ?

(গৌতম বুদ্ধই অস্ত্র হাতত নাৰাখিবলৈ কিয় কৈছিল, সেই কথাৰ অৱলোকন)

Leave a Reply

Your email address will not be published. Required fields are marked *