||ড° অমিয়া ভৰালী মহন্ত||
অসমৰ নতুন প্ৰজন্মক শংকৰদেৱে গঢ়ি যোৱা নৈতিক জগতখনৰ মুক্ত দুৱাৰে হাতবাউলি মাতি আছে।
আজিৰপৰা ৫০০ৰো অধিক বছৰৰ আগতে শংকৰদেৱ নামৰ এগৰাকী চিন্তানায়কে অভিনৰ মননশক্তিৰে এখন সুন্দৰ অসমীয়া সমাজৰ কাঠাম তৈয়াৰ কৰিছিল, সভ্যতাৰ নানা তৰপ খহি পৰাৰ পাছতো সেই সমাজ ধ্বংসস্তূপত পৰিণত হোৱা নাই। পার্থিৱ সকলো বস্তুৱে স্থায়িত্ব কম হোৱাৰ দৰে সেই সমাজৰো কোনো অংশৰ অৱক্ষয় হোৱাটো সঁচা। কিন্তু যি সমাজতাত্ত্বিক আৰু মানৱীয়তাৰ ভেটিত গুৰুজনাই অসমীয়া সমাজখন তৈয়াৰ কৰিছিল, সি যিকোনো প্ৰকাৰে মানুহ জীয়াই থকালৈকে বর্তি থাকিব। গতিকে কাইলৈৰ প্রজন্ম শংকৰদেৱৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব নোৱাৰে।
গুৰুজনাই যিখন অসমীয়া সমাজ গঢ়াৰ পৰিকল্পনা কৰি বাস্তৱত ৰূপায়ণ কৰিছিল সি প্রাচীন ভাৰতীয় সমাজ-ব্যৱস্থাৰ ভেটিত চিন্তিত এক ৰূপান্তৰ মাত্র, তাত নৈতিকতা আৰু আধ্যাত্মিকতা আছিল প্রথম চর্ত। তাৰো কাৰণ আছে- এখন সুন্দৰ সমাজ নৈতিক দিশত বলীয়ান হ’লেহে সি চিৰকাললৈ বৰ্তি থাকিব পাৰে। নৈতিকতাৰ শিক্ষা কেৱল আনুষ্ঠানিক শিক্ষাৰে সম্ভৱ নহয়। এই শিক্ষা মানুহে জন্মৰ পাছৰে পৰা নিজৰ পিতৃ-মাতৃ অথবা ঘৰখনৰ আন সদস্যৰ পৰা শিকি লয়। জ্যেষ্ঠসকলৰ চাল-চলন, আচাৰ-ব্যৱহাৰ, মাত-কথা সকলো শিশুৱে অনুকৰণ কৰি সময়ত তাৰ অনুশীলন কৰিবলৈ লয়। সজ আচৰণ, সজ কথাই ভবিষ্যৎ জীৱনৰ বাবে এক পৰিমার্জিত জীবন-যাপন কৰিবলৈ শিশুক গঢ়ি তোলে। এক সু-পৰিকল্পিত অভ্যাসৰ দ্বাৰা গঠন হয় এইসকল শিশুৰ স্বকীয় চৰিত্ৰ। গুৰুজনাই যিখন সমাজ গঢ়াৰ সপোন দেখিছিল তাত মৰম, দয়া, ক্ষমা আদি সজগুণবিলাকৰ ওপৰত মনোনিৱেশ কৰিছিল, সেই সমাজখনৰ কথা ‘চৰিত পুথি’ৰ পাতে-পাতে সিঁচৰতি হৈ আছে। এই বিশ্ব-ব্ৰহ্মাণ্ডৰ জীৱজগত জড়জগত সকলোৰে নিজৰ ক্রিয়া আছে। পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল, যদিও প্রতিটো উপাদানে উদাৰভাৱে নিজৰ নিজৰ ক্রিয়া সম্পন্ন কৰিছে। স্নেহ আৰু ক্ষমা-দয়াৰ শক্তি অপাৰ। স্নেহেৰে বনৰীয়া হাতীকো বশ কৰিব পাৰি। ক্ষমা আৰু দয়াৰে শত্রুকো জিনিব পাৰি। নম্রতা সকলোকে বশ কৰাৰ প্ৰধান মহৌষধ। এই সকলোবোৰ কথা সৰুৰেপৰা যি শিশুৱে দেখিছে বা শুনিছে তেওঁ তাক অনুকৰণ কৰিছে আৰু তাৰ অনুশীলনৰ দ্বাৰা নিজৰ আকর্ষণীয় ব্যক্তিত্ব গঢ়িবলৈ সক্ষম হৈছে। কিন্তু যিখন ঘৰত এই সকলোবোৰ অনুপস্থিত, সেইখন ঘৰৰ শিশু এটিয়ে ডাঙৰ হৈ অসৎ বৃত্তি অৱলম্বন কৰাত কোনো অস্বাভাৱিকতা নাই। তেনে অসংখ্য ঘৰ অথবা তেনে অশুদ্ধ পৰিৱেশৰ মাজত ডাঙৰ হোৱা শিশুসকলৰ মাজত অসততা, অপৰাধ প্ৰৱণতা আৰু সন্ত্রাসবাদী মনোবৃত্তি গঢ় লোৱা হেতু আজি অসমকে ধৰি সমগ্র পৃথিবী অস্থিৰ-অশান্ত হৈছে। তাৰ পৰা পৰিত্ৰাণ পাব বিচৰাৰ অৰ্থ হ’ল- আমি এৰি থৈ অহা সমাজখনৰ কথা আকৌ এবাৰ চিন্তা কৰা।
অসমৰ বৰেণ্য ব্যক্তিসকলৰ জীৱনচর্যালৈ দৃষ্টিপাত কৰিলেই এই কথাৰ স্পষ্টতা প্রমাণিত হয়। তেওঁলোকৰ কোনোজনেই শংকৰদেৱ অথবা প্রাচীন গুৰুমুখী পৰিব্যাপ্তিত সমাজখনৰ পৰিসৰৰ পৰা মুক্ত হ’ব পৰা নাই। তেনে কাৰণতে তেওঁলোক একো একোজন সবল ব্যক্তিত্বৰ লোক হ’ব পাৰিছে।
নৈতিকতাৰ সৈতে আধ্যাত্মিকতাৰ সুসম্পর্ক আছে। আনকি নাস্তিক ব্যক্তিগৰাকীয়েও ঈশ্বৰৰ অহর্নিশ চিন্তাত ডুব গৈ নাথাকিলেও এই বিশ্ব-ব্ৰহ্মাণ্ডৰ ভেদ কৰিব নোৱৰা এক পৰম ৰহস্যময় শক্তিত অবিশ্বাস কৰিব নোৱাৰে। তদুপৰি সূৰ্য, চন্দ্র, মেঘ আৰু প্রকৃতি জগতৰ উপাদানসমূহৰ যি উদাৰতা আৰু সহনশীলতা তাকো উপেক্ষা কৰিব নোৱাৰে। এই উদাৰতাৰ শিক্ষাক মনৰ মাজত স্থান দিয়াৰ লগে লগেই এক মহান শক্তিৰ ওচৰত সকলোৰে শিৰ দোঁ খোৱাটো স্বাভাবিক। কিন্তু অনৈতিকতাৰ কঠিয়াতলীত যিসকলৰ মানসিক জগতৰ বৃদ্ধি ঘটিছে তেওঁলোকে কোনো সৎ কথা চিন্তা কৰিব নোৱাৰে।
অসমৰ আজিৰ পৰিস্থিতিত প্রায় সকলো দিশতে যি অশান্ত পৰিবেশ বিৰাজ কৰিছে সি যুদ্ধোত্তোৰ যুগৰ অতি বস্তুবাদী চিন্তাধাৰাবো কিছু ফল বুলি অনুভব হয়। বাজৱৰ কঠোৰ পৰিৱেশত ৰূঢ় জীবনে পোখা মেলে। তাক প্রতিৰোধ কৰিব পাৰে ধৈর্য, সহনশীলতা, দয়া, উদাৰতা আদি গুণসমূহে। সেয়ে অসমৰ নতুন প্রজন্মক শংকৰদেবে গঢ়ি যোৱা নৈতিক জগতখনৰ মুক্ত দুৱাৰে হাতবাউলি মাতি আছে।
এটা কথা সঁচা যে কেবল আধ্যাত্মিক কথাৰ চিন্তাত দিন কটালে পেট নভৰে। কিন্তু কেৱল পেট ভৰাৰ জোখেৰে উপার্জন কৰিবলৈ মানুহে যি কর্ম কৰিব, অনৈতিকতা অবিহনেও সি সম্ভব। ভোগবাদ পৰিহাৰ নকৰিলে ভবিষ্যৎ প্রজন্মক ধ্বংসাত্মক গতিৰ পৰা কোনেও উদ্ধাৰ কৰিব নোৱাৰে। ভোগ ত্যাগ কৰি মহান হ’ব পাৰি- এই কথা গুৰুজনাই বাস্তব জীবনে শিকাই থৈছে। ‘অথিৰ ধন জন/জীৱন যৌৱন সংসাৰ’ বুলি জানিও যিসকলে অট্টালিকা, বাইক, মাৰুতি কাৰৰ পিছত ধাৱমান হৈছে সেইসকলেও যেতিয়াই বুজি উঠে- এনে অনিত্য বাস্তৱতাৰ পিছত দৌৰি ক্ষণিক সুখ পাব পাৰি, কিন্তু তাৰ স্থায়িত্ব একো নাই,-তেতিয়াই প্রসংগ আহি পৰে আমি এৰি দিব খোজা গুৰুজনাৰ সৃষ্ট প্রাচীন সমাজখনৰ।
প্রাচীন ভাৰতীয় সমাজখনলৈ দৃষ্টি নিক্ষেপ কৰিলে দেখা যায় তাত চৌষষ্ঠি প্ৰকাৰ কলাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছিল। সেইখন সমাজত বাস কৰা প্ৰতিজন ব্যক্তিয়ে চৌষষ্ঠি প্ৰকাৰ কলাৰ যিকোনো এটা বাছি লৈ তাক সম্পূর্ণৰূপে আয়ত্ত কৰিবলৈ একান্ত সাধনাত ব্রতী হৈছিল। এইটো একপ্রকাৰ বাধ্যতামূলক আছিল। তাত জীয়াই থকাৰ বাবে অপবিহার্য খাদ্য সংগ্ৰহৰ ওপৰত যেনেদৰে গুৰুত্ব দিয়া হৈছে, একেদৰে সাহিত্য, সংগীত, নৃত্য, চিত্র, ভাস্কর্য, স্থাপত্যকো সমানে মর্যাদা দিয়া হৈছে। সমাজৰ প্ৰতিগৰাকী ব্যক্তি এনেদৰে নিজৰ নিজৰ বিষয়ত ব্ৰতী হৈ থকাত কোনোৱে অসৎ কর্মত লিপ্ত হোৱাৰ সুযোগ নাপাইছিল। ফলত সেইখন হৈ পৰিছিল এখন স্বকীয় কর্মমুখী সমাজ, য’ত স্বতঃস্ফূর্তভাৱে বৈ আহিছিল শান্তিৰ নিজৰা। সেয়ে সেই সমাজখন তুলনামূলক-ভাৱে সুখৰ আছিল। শংকৰদেৱৰ পৰিকল্পিত সমাজখনৰ আৰ্হি আছিল প্রাচীন ভাৰতীয় সমাজখন। সেই লক্ষ্য আগত ৰাখিয়েই তেওঁ গঢ় দিছিল এক উচ্চমানৰ ধ্রুপদী সংস্কৃতিৰ।
সুখৰ বিষয়, আজিৰ প্ৰজন্মৰ মনৰ মাজত সুকুমাৰ কলাৰ সূক্ষ্ম অনুভূতিয়ে জোকাৰণি তুলিছে। নিজৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি লোৱাৰ পাছতো নতুন পুৰুষৰ অনেকে নিজক আন কোনো অতিৰিক্ত বিদ্যাত নিয়োজিত কৰিছে। কিন্তু সি নিচেই নগণ্যসংখ্যক হোৱা হেতুকে সমাজত লক্ষণীয় নহয়। নতুন প্ৰজন্মৰ মনৰ এনে চিন্তা হ’ব অনাগত সমাজখনৰ বাবে এক ইতিবাচক চেতনা।
২০০৫
