জীৱন আৰু যৌৱন: উপলব্ধিবোৰ

||দেবব্রত দাস ||



‘জেনেৰেশ্যন গেপ’ বুলি যে এটা কথা আছে, প্ৰজন্মৰ ব্যৱধান-অনুবাদটো সঠিক হ’ল নে নহ’ল নাজানিলোঁ। কিন্তু সাধাৰণতে যুৱক-যুৱতীসকলে নিজৰ মাতৃ-পিতৃস্থানীয় লোকসকলৰ সৈতে তেওঁলোকৰ মত বা ভাবধাৰা মিল নাখালেই এইবিধ তত্ত্বৰ নাম আওবায়। প্রায় স্বতঃসিদ্ধ হিচাপে। আমিও যেতিয়া যুৱক আছিলোঁ, আমাৰ আব্দাৰ-অনুযোগবোৰ মা-দেউতা,মামা-খুৰাহঁতৰ সম্মুখত যুক্তিসম্মতভাবে প্রতিষ্ঠাপিত কৰিব নোৱাৰিলেই ‘জেনেৰেশ্যন গেপ’ক দোষ দিছিলোঁ। এতিয়া মোৰ ছোৱালীহঁতে পঞ্চাছোর্ধ্ব দেউতাকক কিবা প্রসংগত মনাব নোৱাৰিলে, এনেকৈ ক্ষোভ প্রকাশ কৰে ‘তোমালোকৰ বয়স হৈছে, আজিকালিৰ পৃথিৱীৰ কথা তোমালোকে বুজি নোপোৱা। বুজিবলৈ চেষ্টাও নকৰা।’ অর্থাৎ একেই ‘জেনেৰেশ্যন গেপ’।

বহুদিনৰ আগেয়ে এই সন্দর্ভকে কেন্দ্রীয় বিষয় হিচাপে লৈ লিখা বাংলা গল্প এটা পঢ়িছিলোঁ- প্রিয় লেখক সুনীল গংগোপাধ্যায়ে লিখা। গল্পটোৰ নাম আছিল ‘স্বপ্নেৰ একটি মুখ’ (সপোনৰ মুখখন)। নবজীৱন চৌধুৰী নামৰ এক প্রতিষ্ঠিত আঢ্যৱন্ত ক্ষমতাশালী প্রৌঢ় লোকৰ জীৱনৰ ঘটনা। যিহেতু তেওঁ ক্ষমতাশালী আৰু আঢ্যৱন্ত, গতিকে নানাজনে নানাধৰণৰ সুবিধা সুযোগ বিচাৰি তেওঁৰ কাষ চাপেহি। তেওঁ পৰাখিনি সহায় কৰে। কিন্তু অন্যায় আব্দাৰ লৈ কোনোবা আহিলে কটু কথাৰে বিদায় দিবলৈকো দ্বিধা নকৰে। সেইদিনা ইস্ত্রিবিহীন মলিয়ন কাপোৰ-কানি পিন্ধা যুৱক এজন আহিছে আজিলৈ- যুৱকক থাকিবলৈ এটুকুৰা আশ্রয় লাগে। যুৱকৰ ঘৰ দূৰৰ গাঁৱত। কলকাতাত মূৰ গুজিবলৈ ঠাই এটুকুৰা থাকিলে চাকৰি বিচৰাত সহায় হয়।


আব্দাৰ শুনি চৌধুৰীৰ খঙে মূৰ পালেগৈ। এই যুৱকবিলাকৰ কোনো মেৰুদণ্ড নাই। থাকিবলৈ ঠাই দিয়া। কৰিবলৈ কেৰাণীৰ চাকৰি দিয়া। পাৰিলে বিয়াৰ সম্বন্ধ এটা কৰি দিয়া। কেলেই তোমাৰ নিজৰ ক্ষমতা নাই? নিজেই নিজৰ ভৰিত থিয় হৈ দুসাজ মোকলাবৰ পৌৰুষত্ব নাই। চৌধুৰীয়ে এইখিনি কথা কৈ ল’ৰাজনক খেদি দিলে যোৱা। এতিয়া মোৰ চকুৰ আগৰ পৰা দূৰ হৈ যোৱা।
ল’ৰাজন বিশন্নমনে তেওঁৰ ঘৰৰ পৰা আঁতৰি গ’ল। অলপ পাছত ল’ৰাজন আকৌ উভতি আহিল।- কি হ’ল? উভতি আহিলা যে?


ল’ৰাজনে নিজৰ শান্তিনিকেতনী মোনাটোৰ পৰা এখন পুৰণি জৰাজীৰ্ণ কিতাপ বাহিৰ কৰিলে আৰু ক’লে- মই আচলতে এই কিতাপখন আপোনাক উপহাৰ দিবলৈ আহিছিলোঁ।
চৌধুৰীৰ মন যোগাবলৈ বহুতেই সৰু-সুৰা উপহাৰ মাজে মাজে আনি দি যায়। কিন্তু কিতাপ কোনেও নানে। তেওঁ তৎক্ষণাৎ ক’লে- কিতাপ? কিতাপ মই কি কৰিম?

যুৱকজনে ক’লে- আচলতে এই খন আপোনাৰেই কিতাপ। মই ছেকেণ্ডহেণ্ড বুক-ষ্টলত বিচাৰি পাই কিনি আনিছোঁ।

চৌধুৰীয়ে কিতাপখন মেলি চালে। কলেজত বি এ পঢ়া সময়ৰ ইংৰাজী কবিতাৰ সংকলন এটা। প্রথম পাততে তেওঁৰ নাম চহী কৰা। তেওঁ ক’লে- ঠিক আছে বাৰু। কিতাপখন থৈ যোৱা। তোমাৰ কিমান খৰচ হ’ল? মই টকাখিনি দি দিওঁ।

যুৱকজনে ক’লে- সামান্য এটকাত কিনিছোঁ। আপুনি দাম দিব নালাগে।

চৌধুৰীয়ে কিতাপখনৰ পাত লুটিয়াবলৈ ধৰিলে। যুৱকজন কেতিয়া তেওঁৰ কাষৰ পৰা বিদায় লৈ গুচি গ’ল, তেওঁ মনকে নকৰিলে। কিতাপখনে তেওঁক ছাত্র জীৱনলৈ উভতাই নিলে। তেওঁৰ মনত পৰিল তেওঁ এবাৰ প্ৰেমত পৰিছিল। এই কবিতাৰ কিতাপৰ শেষ পাতত সেই মায়া নামৰ ছোৱালীজনীক উদ্দেশ্যি এটা প্ৰেমৰ কবিতা লিখিছিল। মায়া আছিল তেওঁ টিউশ্যনত পঢ়ুওৱা পুলিচ অফিচাৰৰ পুত্ৰ দুজনৰ কবিতা ভাল পোৱা বায়েক। পুলিচ অফিচাৰে মায়াৰ বাবে পাত্ৰ বিচাৰি থকা বুলি জানিবলৈ পাই চৌধুৰীও এদিন তেওঁৰ সন্মুখীন হ’লগৈ মায়াক বিয়া কৰোৱাৰ প্ৰস্তাৱ লৈ। সদ্য এম এ পাছ সাধাৰণ ঘৰৰ দৰিদ্ৰ যুৱকৰ এনে আব্দাৰ শুনি পুলিচ অফিচাৰৰ বাপেক অত্যন্ত ক্রুদ্ধ হৈ উঠিল। তেওঁ ক’লে- তোমাৰ টকা-পইচা নাই, চাকৰি নাই। উচ্চ বংশৰ সন্মান নাই। তোমাৰ আস্পর্ধাটো দেখোন কম নহয়! ওলাই যোৱা, এতিয়াই ওলাই যোৱা। এতিয়াই দূৰ হোৱা মোৰ সন্মুখৰ পৰা।

অপমানিত হৈ লাহে লাহে নবজীৱন চৌধুৰী বাহিৰলৈ ওলাই আহিছিল। মায়াৰ বিয়া অন্যত্ৰত ঠিক হৈ গৈছিল। কথাবোৰ ইমান দিনৰ মূৰত মনত পৰিল চৌধুৰীৰ। এনেতে তেওঁৰ হৃদয়ত কম্পন উঠিল। সম্ভৱতঃ ব্লাড প্ৰেছাৰজনিত ষ্ট্ৰ’ক। প্রচণ্ড বিষৰ ঢৌবোৰে তেওঁক বাৰে বাৰে আঘাত কৰিব ধৰিলে। সেই ঢৌবোৰৰ মাজত চিনেমাৰ দৃশ্যৰ দৰে তেওঁ নিজকে দেখিলে -মায়াৰ দেউতাকৰ অপমানত লাঞ্ছিত হৈ তেওঁ ৰাজপথলৈ ওলাই আহিছে। কিন্তু মুখখন তেওঁৰ মুখনহয়। মুখখন সেই যুৱকজনৰ, যিজনক তেওঁ নিজে অলপ আগেয়ে অপমানিত কৰি ঘৰৰ পৰা বাহিৰ কৰি দিছিল।

‘জেনেৰেশ্যন গেপ’ৰ বিষয়ে মার্ক টোৱে’নৰ এটা প্রসিদ্ধ উদ্ধৃতি প্রচলিত আছে। এই উদ্ধৃতিটোৰ অসমীয়া অনুবাদ নহয় সোঁৱৰণিৰ পৰা প্ৰতিৰূপ এটা এইখিনিতে ‘জীৱন’ৰ পাঠকৰ বাবে প্রস্তুত কৰিলোঁ। – মার্ক টোৱে’নৈ এবাৰ হেনো কৈছিল- মই যেতিয়া পোন্ধৰ-ষোল্ল বছৰ বয়সৰ আছিলোঁ, তেতিয়া মই দেউতাটোক একেবাৰে দেখিব নোৱাৰিছিলোঁ। এই অকর্মণ্য দেউতাটোৱে একো কথাই ভালকৈ উপলব্ধি কৰিব নোৱাৰিছিল। দহ বছৰমান পাৰ হ’ল। ময়ো যৌৱনৰ উন্মাদ দিনবোৰ পাৰ হৈ পৌৰুষৰ দুৱাৰডলিত। তেতিয়াহে মই উপলব্ধি কৰিলোঁ- এই সামান্য দহ বছৰৰ ভিতৰতে দেউতাটোৱে ইমান কথা শিকি পেলালে, ইমান জ্ঞান আহৰণ কৰি পেলালে। জীৱনৰ প্ৰায় প্ৰতিটো সমস্যাৰ সমাধানচোন তেওঁ মোক উলিয়াই দিব পৰা গৈ গ’ল!

Leave a Reply

Your email address will not be published. Required fields are marked *