||ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী||
কোনেও মুখ খুলি স্বীকাৰ কৰিবলৈ ভাল নাপালেও বর্তমান সময়ৰ এটা গুৰুত্বপূৰ্ণ সত্য হ’ল- পৃথিৱীৰ সকলো দেশতে, সকলো ক্ষেত্ৰতে তৰুণসকলৰ ওচৰত প্ৰবীণসকল হৈ পৰিছে আতংকিত। প্রবীণ-সকলৰ ওচৰত আছে দুভৰিৰ মন্দ খোজেৰে গৰকি অহা সুদীর্ঘ ধূসৰ সময়, শাশ্বত সত্য বুলি চিক্রিকাই থকা ধ্যান-ধাৰণাত অজস্র সুৰুঙা, এসময়ত সফলতা প্রদান কৰা অথচ বর্তমানত অচল জ্ঞান; কোনেও শুনিব নিবিচৰা চৰ্বিত-চর্বন, অহংকাৰ, আত্মম্ভৰিতা ইত্যাদি, ইত্যাদি। তাৰ বিপৰীতে তৰুণসকল সম্ভাৱনাৰ এক অগ্নিপিণ্ড, তাৰ দীপ্তি আৰু শৌর্য প্রবীণৰ অচল জ্ঞান আৰু সামর্থ্যৰ আভৰণেৰে এতিয়া আৰু ঢাকি ৰখাটো সম্ভৱ নহয়।
বৰ্তমানৰ পৃথিৱীৰ বিশ্বাসহীনতা, প্রেমহীনতা, দুর্নীতি, শোষণ, আর্থিক বৈষম্য, বৌদ্ধিক স্খলন- সকলোৱে চিঞৰি চিঞৰি কয় যে এই পৃথিৱীৰ বৰ্তমান যিসকলে নিৰ্মাণ কৰিলে তেওঁলোক বিফল, তেওঁলোক অসমৰ্থ। পৃথিৱী বর্তমান নিৰ্মাণ কৰে প্ৰবীণসকলে; আৰু ভৱিষ্যৎ নিৰ্মাণ কৰে তৰুণে। বর্তমান যদি অসুন্দৰ, তেনেহ’লে তাৰ বাবে কাঠগড়াত থিয় হ’ব লাগিব প্রবীণসকল: তৰুণসকল নহয়।
বৌদ্ধিক, ৰাজনৈতিক, সাংস্কৃতিক, শৈক্ষিক, সামাজিক সকলো ক্ষেত্রতে তৰুণসকল ওলাই আহি প্রবীণক প্রত্যাহ্বান জনাব লাগিব ‘We’re no longer prepared to just sit back and watch the world go to ruin’। প্রবীণৰ চিন্তা, যিয়ে পৃথিৱীৰ ভয়াৱহ বৰ্তমানৰ সৃষ্টি কৰিছে, সেই চিন্তাক প্রত্যাহ্বান জনাই, নতুন চিন্তা আৰু দৃষ্টিভংগীৰে পৃথিৱীক চোৱাৰ আৰু বিশ্লেষণ কৰাৰ শক্তি আৰু সাহস আছে অকল তৰুণৰ; এই কাম প্রবীণে কৰিব নোৱাৰে; কৰিব গ’লেই তেওঁলোকৰ যুক্তিৰ দুৰ্বলতা ভূ বয়স আৰু সাফল্যৰ গাম্ভীৰ্যৰ আভৰণ ফালি ওলাই আহিব, স যি দৃষ্টিনন্দন হোৱাৰ সম্ভাৱনা নাই।
প্রবীণক অৱজ্ঞা কৰি নহয়, প্রবীণক অশ্রদ্ধা কৰিও নহয়; অতীতৰ সাফল্যৰ বাবে প্রবীণক যথাযোগ্য সম্মান প্রদৰ্শন কৰি তৰুণে নিজস্ব চিন্তাৰে তেওঁলোকৰ ভৱিষ্যৎ নির্মাণ কৰিব লাগিব। প্রবীণৰ কৃপাদৃষ্টি অথবা কৰুণা নহয়: প্রবীণৰ পৰা তৰুণে ল’ব লাগিব সময়ৰ কষটি শিলত উত্তীর্ণ হোৱা প্ৰবীণৰ অভিজ্ঞতালব্ধ জ্ঞান। তাৰ বাবে বিনয়ী হ’ব লাগিব; কিন্তু আঁঠু লোৱাৰ প্রয়োজন নাই।
২০০৫
