||মনোজ বৰপূজাৰী||
আজিৰ পৰা আৰু দুটা দশক পাছত অসমখন কেনেকুৱা হ’ব- ই এটা কঠিন প্রশ্ন। কাৰণ প্ৰশ্নটোৰ উত্তৰ দিওঁতে অতি সাম্প্রতিক আর্থ-ৰাজনৈতিক আৰু সামাজিক প্ৰৱণতাবোৰৰ কথা বাদ দিয়া নাযায়। নীতিপ্রণেতাসকলে প্রশ্নটোৰ উত্তৰ যেনেকৈ visualise কৰিব, সংবাদগ্রাহী আৰু নির্মোহ পর্যবেক্ষকে তেনেদৰে কৰিব নোৱাৰিব। ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে ২০২০ চনৰ ভাৰত সম্পৰ্কে এখন মনোৰম ছবি তুলি ধৰাৰ লেখীয়া কার্য স্বাভাৱিকতে সাংবাদিক এজনে নিঃসংকোচে কৰাত বিস্তৰ বিপৰীত প্রতিক্রিয়া থাকিব পাৰে। সেইবাবেই ভৱিষ্যতৰ অসমখনৰ ৰূপ কল্পনা কৰোঁতে ভাল, বেয়া, অতি বেয়া, অথবা বেয়া, ভাল, অতি ভাল ধৰণৰ তিনিখন পৃথক ছবি ভাহি উঠিব পাৰে। সাম্প্ৰতিক বাস্তৱতাই এখন মধ্যবর্তী ছবি প্রক্ষেপ কৰাত সহায় কৰে। কিন্তু সেই ছবি আমাৰ মনঃপূত নহয়, গতিকে অধিক আদৰণীয় এখন কল্পিত ছবিৰ বিষয়ে ভাবিবলৈ ইচ্ছা হয়। একেদৰে অপ্রিয় সম্ভাৱনাবোবে মনত সৃষ্টি কৰা সংশয়ে ঠিক ওলোটা ছবি এখনো কল্পনাগোচৰ কৰে। আমাৰ এই অৱস্থাটো ক্রিক কিছুলস্কিয়ে ‘Blind Chance’ নামৰ ছবিখনত দেখুওৱা যুদ্ধখনৰ সৈনিকৰ দৰে। সৈনিক যুৱকজনে এখন ভয়াৱহ যুদ্ধৰ পাছত নিজ গাঁৱলৈ আহি যি দেখে আৰু তেওঁ দুটা বেলেগ সম্ভাৱনাৰ বিষয়ে যেনেদৰে কল্পনা কৰে, সেয়াই হ’ল প’লেণ্ডৰ বিশ্ববিশ্রুত ছবিনির্মাতাজনৰ ছবিখনৰ আশ্চৰ্যসুন্দৰ গাঁথনিৰ সবিশেষ।
আমি ‘hope for the best yet prepare for the worst’ দৃষ্টিভংগীৰে প্রথমে আটাইতকৈ বেয়া সম্ভাৱনাটোলৈ চাব খুজিছোঁ। এই সম্ভাৱনাটোর ভিত্তি হ’ব বিগত অর্ধ-শতিকাত অসমৰ অভিজ্ঞতা। প্রবল জনজাগৰণৰ মাজেৰে ৰাইজৰ স্বপ্ন-আশীর্বাদ শিৰত লৈ দিছপুৰৰ গাদী দখল কৰিছিল এটা আঞ্চলিক দলৰ তৰণ নেতাসকলে। প্ৰথমবাৰৰ শাসনত তেওঁলোক ব্যর্থ। ৰাইজে অপৈণত বাজনীতিবিদ বুলি ক্ষমা কৰি দ্বিতীয়বাৰলৈ ক্ষমতাত বহুৱালে। কিন্তু অকর্মণ্যতা আৰু দুর্নীতিৰ অভিলেখহে তেওঁলোকে স্থাপন কৰিলে। জনসমর্থনৰ ভেটিত থিয় দিও তেওঁলোকে কংগ্ৰেছী পৰম্পৰাৰ পৰা বেলেগ হ’ব নোৱাৰিলে। পশ্চিমবংগতো জৰৰীকালীন অৱস্থাৰ পাছত জনসাধাৰণে সম্পূর্ণ অনভিজ্ঞ এটা দলক শাসনত বহুৱাইছিল; কিন্তু তেওঁলোকে জানো জনতাক বিশ্বাসঘাতকতা কৰিলে? ভোটদাতাই দলটোক বাৰে বাৰে নিৰ্বাচিত কৰি ভাৰতীয় গণতন্ত্ৰত এটা অভিলেখৰে সৃষ্টি কৰিছে। কংগ্ৰেছৰ পৰা এনে অভিলেখৰ আশা কৰা মিছা। কাৰণ দুর্নীতি হ’ল এই দলটোৰ বাবে অম্লজান। গতিকে সংখ্যাগৰিষ্ঠ দৰিদ্র-মধ্যবিত্তই আশা নকৰিলেও দুর্নীতি হৈ পৰিছে অসমৰ সামগ্রিক সমাজ জীৱনৰ অংগস্বৰূপ। ইয়াত পাকে-প্ৰকাৰে অৰিহণা যোগাইছে ‘সমৃদ্ধিশালী সেউজ’ অসমৰ স্বপ্নদ্রষ্টা বিদ্রোহী সংগঠনেও। ৰাজহুৱা ধনৰ আত্মসাৎ, বিত্তীয় অনিয়মে ভয়াৱহ নিবনুৱা সমস্যা আৰু অনগ্ৰসৰতাক অধিক জটিল কৰি তুলিছে। এই প্রতিটো কাৰণৰ আন্তঃসম্পর্কই সৃষ্টি কৰা দুষ্ট চক্ৰই অসমকক’লৈ নিব তাক ভাবিবলৈকো সত নাযায়। কিন্তু সেয়ে হ’ল ৰাজ্যখনৰ নিৰ্মম বাস্তব। বিগত অর্ধ-শতিকা ধৰি জনসাধাৰণৰ ক্ষোভআৰু বেদনাক hijack কৰাৰ অৰ্থাৎ বিপথে পৰিচালনা কৰাৰ ধাৰাবাহিক কর্ম-কাণ্ডই প্রতিটো নির্বাচনত নেতিবাচক ভোটৰ প্রাধান্য নিশ্চিত কৰিছে। সৎ বিকল্প ৰাজনৈতিক শক্তিৰ চৰম দুৰ্বলতাও এই পৰিৱেশৰ বাবে দায়ী। এনে এক স্থিতাৱস্থাই যদি অটুট থাকে, তেন্তে আগন্তুক দুটা দশকতো অসমৰ ভাগ্যলিপি কিবা সলনি হ’ব বুলি ভাবিব নোৱাৰি। বৰঞ্চ দেশৰ অন্যান্য অঞ্চলৰ তুলনাত্মক অগ্রগতিয়ে আঞ্চলিক বৈষম্য বৃদ্ধিহে কৰিব আৰু আমাৰ ৰাজ্যখন ৰাষ্ট্ৰীয় হাৰৰ উন্নয়ন তথা গড় জনমূৰি আয়ৰ লেখত অধিক পিছ পৰি যাব।
এনে এটা অনাকাংক্ষিত সম্ভাৱনাৰ বিপৰীতে মধ্যবর্তী এছিয়ান ছবিখনৰ কথা ভাবিলে অলপ আত্মসন্তুষ্টি লভাৰ থল ওলাব। ইতিমধ্যে ইণ্ড’-এছিয়ান কাৰ ৰেলীৰে দক্ষিণ-পূব এছিয়াৰ স’তে এই অঞ্চলৰ যোগাযোগ আৰু বাণিজ্যিক সম্ভাৱনাৰ দুৱাৰ মুকলি কৰা বুলি কোৱা হৈছে। বেংকক এয়াৰৱেজৰ গুৱাহাটীক স্পর্শ কৰি ইউৰোপলৈ বিমান সেৱা মুকলি আৰু ঐতিহাসিক ষ্টীলৱেল পথৰ পুনৰ মুকলি কৰাৰ দীর্ঘসূত্ৰী প্ৰস্তাৱ-প্রচেষ্টাই অসমত পৰ্যটনৰ নতুন দিগন্ত মুকলি কৰিব পাৰে। ইষ্ট-বেষ্ট কৰিডৰৰ নির্মাণ সম্পূর্ণ হ’লে হয়তো অসমত বহুজাতিক কোম্পানীৰ বিনিয়োগৰ বাটো বহল হ’ব। ইতিমধ্যে দিহিং-পাটকাই বনাঞ্চলত ব্রিটিছ ক’ম্পানীয়ে তেলৰ সন্ধানত খননকার্য চলাইছে। এনে ব্যৱস্থাৰে অসমৰ চহকী জৈৱ-বৈচিত্র্যত আঘাত হানিব খোজা হৈছে বুলি অভিযোগ উত্থাপিত হৈছে যদিও বহুজাতিক সংস্থাবোৰৰ অধিক আগমনে অসমক অর্থনৈতিক লুণ্ঠনৰ মাজেৰে হ’লেও এক ব্যাপক উৎপাদনশীল আৰু অৰ্থকৰী ক্ষেত্ৰলৈ পৰিণত কৰিব পাৰে। তদুপৰি বিশ্ববেংক আৰু এছিয়ান ডেভলপমেন্ট বেংকৰ অনুগ্রহতো ভালেমান প্রকল্প ৰূপায়িত হোৱাৰ প্ৰক্ৰিয়ালৈ চাই ৰাজ্যখনৰ নিবনুৱা জনশক্তিৰ নিয়োগৰ কিছু সুবিধা সৃষ্টি হ’ব বুলি ভাবিব পাৰি। বৰ্তমানৰ ৰাজ্য চৰকাৰে কেন্দ্ৰৰ অনুদান কিছু পৰিমাণে বঢ়াবলৈ সক্ষম হৈছে। ক্ষমতাভোগী চামটোৰ দুর্নীতি-নিৰ্ভৰ সংস্কৃতিও চলি থাকিবলৈ দিয়া হৈছে। গতিকে বিত্তীয় প্রাপ্তি আৰু বিত্তীয় অনিয়মৰ সহাবস্থানে জনবিক্ষোভৰ সাময়িক প্রশমনৰ বাট মুকলি ৰাখিব, কিন্তু এনে এটা অৱস্থাই সীমিত উন্নয়নহে নিশ্চিত কৰিব। সেয়ে হ’লে অসমে কিছুমান প্রকল্প লাভ কৰিব আৰু তাকে মূলধন কৰি ৰাজনৈতিক নেতৃবৃন্দই উন্নয়নৰ জয়ঢোল কোবাই সা-সুবিধা কেতবোৰৰ সুফল ভোগ কৰি থাকিব, কিন্তু তাৰ দ্বাৰা ৰাজ্যখনে চমকপ্রদ উন্নয়নৰ সাফল্য আৰ্জিব নোৱাৰিলেও চৰম নৈৰাশ্যৰ পৰা আঁতৰি থাকিব পাৰিব। স্বাভাবিক জীৱনযাত্রা কেতবোৰ অস্বাভাৱিকতাৰ মাজেৰেই অব্যাহত থাকিব। মূলতঃ প্রতিপক্ষৰ স’তে দৰ দামৰ চেলু লৈয়ে সাময়িক অশান্তি সৃষ্টিৰ বাট মসৃণ হৈ থাকিব।
কিন্তু তথাকথিত স্বাভাবিক জীবনযাত্রাক এটা উন্নত স্তৰলৈ নিবলৈ হ’লে জনসাধাৰণৰ সার্বিক সজাগতা আৰু তাৰ পৰা উদ্ভৱ হোৱা ৰাজনৈতিক প্রতিৰোধ নিতান্তই জৰুৰী। কাৰণ ডিজৰাইলীয়ে কোৱাৰ দৰে ‘people get the government they deserve’। যদিহে বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতি (পি এ চি) য়ে বিগত দুটা দশকত ২২ হাজাৰ কোটি টকাৰো অধিক ৰাজহুৱা ধনৰ আত্মসাৎ-খেলিমেলি সম্পর্কত গ্রহণ কৰা আপোচহীন স্থিতিৰ দৰে সমাজ জীৱনতো সজাগতাই ক্রমাৎ ব্যাপকতা লাভ কৰে তেন্তে অসমৰ ভৱিষ্যৎ অহা দুটা দশকত সাংঘাতিক পৰিৱৰ্তন হ’ব। এয়া অৱশ্যে এটা ধাৰণা বা অনুসিদ্ধান্তহে (hypothesis)। ৰাজ্যখনৰ উগ্রপন্থী সংগঠনবোৰে তেওঁলোকৰ স্থিতিত শিথিলতা প্ৰদৰ্শন কৰি গঠনমূলক প্রয়াসত জড়িত হ’লে ব্ৰহ্মপুত্ৰ উপত্যকা দেশৰ ভিতৰতে সমৃদ্ধিশালী হ’ব। অৱশ্যে তাৰ বাবে আমাৰ কর্মসংস্কৃতিহীনতা, নদী সংযোগীকৰণৰ দৰে আত্মঘাতী পদক্ষেপক ৰোধ কৰাটো জৰুৰী বিবেচিত হ’ব পাৰে। উগ্রপন্থী সমস্যা সমাধানৰ বাবে জনসাধাৰণৰ ঐকমত্য, বিভিন্ন ইছ্যুত সজাগতাই এনে এক সম্ভাৱনাৰো দুৱাৰ মুকলি কৰি ৰাখিছে। বানপানী সমস্যাকে ধৰি ৰাজ্যখনৰ জ্বলন্ত সমস্যাৱলীত নির্বাচিত জনপ্রতিনিধিসকলৰ দল-আদর্শ নির্বিশেষে ঐক্যবদ্ধ ভূমিকাই আশাৰ সঞ্চাৰ কৰে। শেহতীয়াভাবে অসম সাহিত্য সভাৰ উদ্যোগত জনগোষ্ঠীয় ভাষা-সাহিত্য মঞ্চসমূহৰ সম্মিলিত প্রয়াসেও এক নৱৰূপৰ, উজ্জ্বল অসমৰ ছবি অংকনৰ বাবে আমাক প্রলুব্ধ কৰে। জনসাধাৰণৰ সমূহীয়া স্বার্থক সকলোৱে আগস্থান দিলে ২০২৫ ত অসমখন সমৃদ্ধ, উন্নত নহ’ব বুলি ভবাৰো কাৰণ নাথাকিব।
২০০৫
