||মনিকুন্তলা ভট্টাচার্য||
সৰ্পৰ দৰে নিজস্ব স্বকীয়তা বজাই ৰাখি সংস্কৃতিয়েও মোট সলোৱাৰ প্ৰয়োজন আছে। আজি ভাৰতৰ অন্যান্য প্রদেশৰ তুলনাত অসম বহুক্ষেত্ৰত পিছপৰি ৰৈছে। পিছপৰি ৰৈছে অসমীয়া সমাজো। তাৰ এক কাৰণ হৈছে আমাৰ ৰক্ষণশীল মনোভাব। সিদিনা এঠাইলৈ গৈছোঁ, পৰিয়ালটো শিক্ষা-দীক্ষাত যথেষ্ট আগবঢ়া। বিলাততো, কর্মজীৱনৰ পাতনি মেলিছে পৰিয়ালৰ মানুহে। অথচ সেই ঘৰৰে বিজ্ঞানৰ ছাত্ৰী এজনী ঘৰতে আমন-জিমনকৈ বৈ গৈছে। ক্ষতি হৈছিল তাইৰ বিজ্ঞানৰ প্রেক্টিকেল ক্লাছ। কিয়? কাৰণ ছোৱালীজনীৰ ঋতুস্রাৱৰ সময় তেতিয়া। ঘৰৰ ৰীতি-নীতি উফাল মাৰি ওলাই যাব নোৱাৰে তাই। ফলত দুখোজ পিছ পৰি গ’ল তাই সহপাঠীৰ তুলনাত।
অস্বস্তি লাগে, আজিৰ বিজ্ঞানসন্মত চিন্তা-চৰ্চাৰ দিনতো এনে ৰক্ষণশীল মনোভাববোৰ দেখিলে বৰ অস্বস্তি লাগে। পোছাক-পৰিচ্ছদতো এনে মনোভাব দেখা যায়। সৌ সিদিনা গুৱাহাটীৰে একাংশ মানুহ ফেশ্বন শ্ব’ৰ বিৰুদ্ধে সৰব হৈ উঠা নাছিলনে? পোছাকৰ আৰ্হি প্ৰদৰ্শন কৰা অনুষ্ঠানটোত ইমান বিৰোধিতা কৰাৰ থল কিয় আহিল? এৰা, এইটোও এটা ভাবিবলগীয়া কথা। মডেলসকলৰ এক শাৰীৰিক আবেদন লক্ষ্য কৰিহে সমাজ ক্ষুব্ধ হৈছে। কাৰণ শাৰীৰিক আবেদনময়তাই যুৱ-চেতনাৰ শৃংখলা ভাঙে! যুগৰ স’তে খোজ মিলাবলৈ হ’লে, ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰে ফেশ্বন শ্ব’ৰ নেপথ্যৰ কলামোদীসকলৰ জীৱিকা বা প্ৰতিভাৰ প্ৰতিও লক্ষ্য ৰখাটো উচিত। মডেলসকলৰ যৌন আবেদন যাতে নিয়ন্ত্রণাধীন হৈ ৰয় তাৰ প্ৰতি যদি নেপথ্যৰ মানুহখিনি সচেতন হয়, তাত আমাৰ ক’ব লগা একো নাই। মোৰ বোধেৰে সমাজো এইক্ষেত্রত কিছু উদাৰ, হোৱাটো বাঞ্ছনীয়। কাৰণ এতিয়া বিভিন্ন চেনেলৰ ধাৰাবাহিকৰ বিভিন্ন ধৰণৰ বেশভূষা, চিত্র আমাৰ বাবে সহজ হৈ পৰিছে। গৰ্ভৱতী কইনা আদৰাৰ দৃশ্যও আজি সহজভাৱে যদি, আমি বিভোৰ হৈ চাই ৰ’ব পাৰোঁ, তেন্তে তেনে ঘটনাৰ প্ৰতি আমি উদাৰ হোৱাটোও উচিত। গৰ্ভাৱস্থাতে বিধৱা হোৱাগৰাকীক আমাৰ পুত্ৰলৈ আদৰি আনিব পৰাকৈ উদাৰ হোৱা উচিত। নহ’লে এনে ধাৰাবাহিক চাই আমোদত মগ্ন হোৱাৰো যোগ্য নহওঁ আমি। ৰক্ষণশীল মনোভাবৰ পৰা আমাৰ মানুহ মুক্ত হ’বৰ হ’ল। প্ৰতিভাৱানসকলে কলমেৰে নতুন দিশ উন্মোচন কৰিব খুজিলেও এনে মনোভাবব সম্পাদকে সেয়া মোহাৰি দলিয়াই পেলাব, প্রকাশকে মুখ ঘূৰাব আৰু বিশ্ব-দৰবাৰলৈ অসমীয়া ভাষা-সাহিত্যই খঙ্খটী বিচাৰি খঞ্জপাই ফুৰিব ৰক্ষণশীলতাৰ চক্ৰবেহুত।
২০০৫
