পাইনৰ দেশ কানৈ কলেজ এৰি আহিলোঁ নাহৰ গছে আৱৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ

||টুনুজ্যোতি গগৈ||

জ্ঞান হ’বৰ দিনৰ পৰা যিখন ঐতিহাসিক, অভিজাত কলেজৰ নামটোৰ সৈতে উজনি অসমৰ বহু ব্যক্তিৰ দৰে আমাৰো আৱেগ, সপোন, গৌৰৱ জড়িত হৈ আছে আৰু নিঃসন্দেহে ভবিষ্যতলৈও থাকিব, সেইখন কলেজৰ বিষয়ে কোনটো কথা লিখোঁ? সৰুৰে পৰা কানৈ কলেজত পঢ়াৰ সপোনৰ বিষয়ে লিখোঁ নে কলেজলৈ অহাৰ পাছত ঈষৎ মোহভংগ হোৱাৰ বিষয়ে লিখোঁ? শাৰী শাৰী পাইন আৰু দেৱদাৰু গছেৰে আৱৰা (যি কাৰণে কানৈ কলেজক আমি ‘পাইনৰ দেশ’ বুলি কওঁ) ৰাঁচীৰ ৰাজভৱনৰ আৰ্হিত নির্মিত সুদৃশ্য, সুবৃহৎ ভৱনটোৰ বিষয়ে লিখোঁ নে কলেজ নির্বাচনত আনৰ হৈ ভোট বিচৰা অভিযানৰ বিষয়ে লিখোঁ? লিখোঁ বুলি ক’লে বহুত কথাই লিখিব পাৰি- বৰ্ণালী, হেমন্ত, পল্লৱীহঁতৰ লগত ভীম কোঁৱৰ ছাৰৰ ক্লাছ কৰাৰ কথা, অকাৰণতে তলৰ পৰা ওপৰলৈ, ওপৰৰ পৰা তললৈ পায়চাৰি কৰাৰ কথা, প্রায় ভাগ কানৈয়ানৰ ‘হার্টথ্র’ব’ হৈ পৰা আশ্চর্য সুন্দৰী সুনন্যা শৰ্মাৰ কথা, সৰস্বতী পূজাত হোৱা খদ্‌দমৰ কথা ইত্যাদি। কলেজত ক্লাছ কৰাটো আমাৰ নিয়ম নাছিল, আছিল ব্যতিক্রমহে। বাধ্যত পৰি মেজৰ ক্লাছকেইটা কৰিছিলোঁ যদিও সেয়া অনিয়মীয়া হোৱা বাবে কোঁৱৰ ছাৰে খুব বেয়াকৈ গালি পাৰিছিল। ছাৰে অৱসৰ লোৱাৰ পিছত কলেজলৈ যাবলৈকে বাদ দিলোঁ; ডঃ ঊষাৰাণী বৰুৱা, ফৰিদা শ্বৰিফুদ্দিন আহমেদৰ দৰে অধ্যাপিকাৰ মহানুভৱতাৰ বাবেহে নন্-কলেজিয়েট বা ডিছ-কলেজিয়েট নোহোৱাকৈ আছিলোঁ।

সেই সময়ছোৱাত আমাৰ প্ৰৱন্ধ-পাতি বিভিন্ন কাকত-আলোচনীত প্ৰকাশ হোৱাৰ লগতে, পাছলৈ ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত একমাত্র দৈনিক কাকতখনত উপ-সম্পাদক হিচাপে জড়িত হৈছিলোঁ। আমোদজনকভাবে কাকতৰ কাৰ্যালয়তহে অসমীয়া বিভাগৰ নৱনিযুক্ত প্ৰৱক্তা দুজনৰে চিনাকি হৈছিলোঁ। সেই সময়ত আমাৰ লেখা পড়া মানুহে আমাৰ সৈতে চিনাকি হ’লে কৈছিল-‘তুমি কানৈ কলেজৰ নহয় জানো?’ তেনেই বেয়া লিখিছিলোঁ যদিও তেনেকুৱা প্রশ্নসূচক প্রশংসা শুনি গৌৰৱ অনুভৱ কৰিছিলোঁ। আজিও আমাৰ লগত চিনাকি হৈ কোনোবাই তেনেদৰে ক’লে কলেজখনৰ প্ৰতি কৃতজ্ঞতাত মূৰ দো খাই যায়।

কলেজখনৰ প্ৰতি নহয়, এচাম অবুজ ছাত্ৰৰ প্ৰতি আমাৰ অন্তৰত বেয়াপোৱাও থাকি গ’ল। আমি সদৌ অসম নবীন লেখক-লেখিকা আৰু শিল্পী সমিতিৰ কানে গোটৰ সভাপতি হৈ থাকোঁতে প্রাচীৰ পত্রিকাখন অনিয়মীয়াকৈ প্ৰকাশ কৰিছিলোঁ। এদিন কলেজলৈ আহি – দেখিলোঁ, কোনোবাই আমাৰ প্ৰতি অজান কাৰণত ক্ষোভ প্রকাশেৰে প্রাচীৰ পত্রিকাখন ধ্বংস কৰি পেলাইছে। বৰ দুখ লাগিছিল সেইদিনা। ২০০২ চনত কলেজখনেৰে আমাৰ আনুষ্ঠানিক সম্পর্ক শেষ হয় যদিও আমাৰ সম্পৰ্ক হেৰাই নগ’ল। আমি কাকতৰ কাৰ্যালয়লৈ অহা- যোৱা কৰোঁতে প্রতিদিনে দুবাৰকৈ কলেজখন দেখিছিলোঁ; সম্ভ্রমেৰে চাই পঠিয়াইছিলোঁ কলেজ চৌহদৰ চূড়াকেইডাললৈ, পাইন কেইজোপালৈ।

পাইনৰ দেশ এৰি আহিলোঁ নাহৰৰ দেশলৈ,- শাৰী শাৰী নাহৰ গছে আৱৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ। চিনাকি পৰ্বৰ নামত এমাহমান জ্যেষ্ঠসকলৰ মৰমৰ অত্যাচাৰ সহ্য কৰিলেও ছেমেষ্টাৰ পদ্ধতিৰ পাঁচটাকৈ ক্লাছ নিতৌ কৰাটো আমাৰ বাবে অসহ্যকৰ হৈ পৰিছিল। ইপিনে কাকতৰ চাকৰি আছেই। দিনত বিশ্ববিদ্যালয়, ৰাতি বাতৰি কাকত খুবেই সংগ্রামমুখৰ হৈ পৰিছিল দিনবোৰ আমাৰ বাবে। এপিনে বিশ্ববিদ্যালয়ৰ জীৱনটোৰ প্ৰতি বাঢ়ি অহা মোহ, আনপিনে সাংবাদিকতা বৃত্তিৰ প্ৰতি থকা নিচা- এনেদৰেই সপোন আৰু সংগ্ৰামৰ মাজেৰে দিনবোৰ অতিবাহিত হৈছিল। বিশ্ববিদ্যালয়ত বন্ধু হিচাপে লগ পাইছিলোঁ অৰবিন্দ ৰাজখোৱা, মনমী বৰুৱা, আমাতকৈ অগ্রজ মৌচম গগৈ, প্রাঞ্জল হাজৰিকা, মীনাক্ষি কটকী আদি সাহিত্যানুৰাগী ছাত্র-ছাত্রীসকলক। বিশ্ববিদ্যালয়ৰ শিক্ষাগুৰু হিচাপে পোৱা ডঃ প্রহ্লাদ কুমাৰ বৰুৱা, ডঃ নৱ কুমাৰ সন্দিকৈ, জয়ন্ত কুমাৰ বৰা আদিৰ পাণ্ডিত্য আৰু ব্যক্তিত্বই আমাক খুবেই মুগ্ধ কৰিছিল।

আৰু আমাৰ প্ৰেম? বিশ্ববিদ্যালয়ৰ জীৱনত দুগৰাকী ছাত্ৰীৰ নিকট সান্নিধ্যলৈ আহিছিলোঁ যদিও আধৰুৱা হৈ থাকিল সেই ৰোমাঞ্চকৰ সম্পর্ক। ব্যর্থতা, যন্ত্রণাৰে ৰক্তাক্ত হৈ পৰিছিল মন-হৃদয়- ফাগুনৰ বতৰত ৰঙা হৈ পৰা নাহৰ গছৰ পাতবোৰৰ দৰেই! আজি ক’বলৈ মন যায় যে প্ৰেমৰ যন্ত্রণাবোৰো একপ্ৰকাৰৰ সোৱাদ; যিমানেই দিনবোৰ পুৰণি হয় সিমানেই সোৱাদো বাঢ়ি যায়। সোঁৱৰণিময় সুবাসিত সোৱাদ। বিশ্ববিদ্যালয়ৰ আলোচনীখনৰ সম্পাদনাত সহায় কৰি দিয়া, কাকতৰ অফিচ নাথাকিলেই পি এন জি বি হোষ্টেলত থাকিবলৈ যোৱা, ভাৰতী লজৰ বন্ধ কোঠাত বেহিচাপী আনন্দ কৰা আদিওতো স্মৃতিৰ পৰম সঞ্চয় হৈ ব’ব। এনে এমুঠি স্মৃতিৰে এতিয়া জীয়াই আছে মোৰ মৰমৰ পাইন আৰু নাহৰৰ দেশ দুখন……।

Leave a Reply

Your email address will not be published. Required fields are marked *