আমেৰিকাৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ পৰামৰ্শাৱলী
যিদৰে প্ৰস্তুতি অবিহনে জীৱনত কোনো কাম কৰা সম্ভৱ নহয়, সেইদৰে কলেজত প্ৰথমবাৰৰ বাবে ভৰি দিয়াৰ বাবেও প্রয়োজন প্ৰস্তুতিৰ। ছাত্র-ছাত্রীসকলে বহু আগতীয়াকৈ কলেজৰ বাবে নিজকে প্রস্তুত কৰি তুলিবলৈও প্রস্তুতি আৰম্ভ কৰা উচিত। কলেজলৈ যাবলৈ সময় আছে, হ’ব কিছুদিন পাছত নিজকে প্রস্তুত কৰিম, এইধৰণৰ চিন্তা বাদ দি যিমান সোনকালে পাৰি সিমান সোনকালে এই প্ৰস্তুতি আৰম্ভ কৰা উচিত। যদি তুমি নৱম শ্ৰেণীৰ পৰাই কলেজৰ বাবে প্রস্তুতি আৰম্ভ কৰিছা, তেন্তে কলেজীয়া জীৱনত সফল হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। তুমি নিজকে কলেজৰ বাবে প্ৰস্তুত কৰি তুলিবলৈ পথ বহুকেইটা আছে।
প্রচেষ্টা যেতিয়াই তুমি কলেজৰ বিষয়ে ল’বা ইতিবাচক দৃষ্টিভংগী, তেতিয়াই লক্ষ্য প্ৰাপ্তিৰ বাবে তুমি অশেষ চেষ্টা আৰম্ভ কৰিব লাগিব। মনত ৰাখিবা, পৃথিৱীত কোনো বস্তুৱেই সহজতে লাভ কৰিব নোৱাৰি। তোমাৰ লক্ষ্য কেৱল কলেজত প্ৰৱেশ কৰাই নহয়, সফল হোৱাটোও। প্ৰস্তুতিৰ বাবে তুমি কৰা কামেই তোমাৰ সফলতা নির্ধাৰণ কৰিব। স্কুল আৰু ব্যক্তিগত জীৱনত তুমি কৰা প্রচেষ্টাসমূহেই তোমাক সফলতাৰ সুযোগ দিব। মহৎ প্রচেষ্টা মানেই মহৎ সফলতা।
শিক্ষাগত দিশ:
কলেজত নামভৰ্তিৰ ক্ষেত্ৰত কর্তৃপক্ষই তোমাৰ হাইস্কুলত লাভ কৰা নম্বৰৰ পৰীক্ষা কৰিব। যদি তুমি হাইস্কুলত সফল নোহোৱা, তেন্তে কলেজে তোমাক গ্রহণ নকৰে। সেয়ে যদি কোনো বিষয়ত তুমি দুর্বল তেন্তে সহায় লোৱা। কলেজত সফলতা লাভৰ বাবে ই প্রয়োজনীয়। তুমি তোমাৰ বিফলতাৰ বাবে শিক্ষকসকলক দোষাৰোপ কৰিব নোৱাৰা। কাৰণ তেওঁলোক তোমালোকৰ সহায়ৰ বাবেই আছে। দুৰ্বল বিষয়ৰ ক্ষেত্ৰত শিক্ষকসকলৰ সহায় লোৱা। মুঠৰ ওপৰত কলেজত প্ৰৱেশ আৰু সফলতাৰ ক্ষেত্ৰত হাইস্কুলৰ নম্বৰ তালিকাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।
বন্ধুবর্গ:
বন্ধু নির্বাচনৰ ক্ষেত্ৰত সাৱধান হোৱা। কাৰণ তোমাৰ বিফলতাৰ বাবে তুমি বন্ধুবৰ্গকো দোষাৰোপ কৰিব নোৱাৰা। শিক্ষাক তোমাৰ সমানেই মূল্য দিয়া বন্ধুহে বাছি ল’বা। যদি তোমাৰ বন্ধুমহলে শিক্ষা প্রয়োজনীয় বুলি নাভাবে, তেন্তে তুমিও প্রয়োজনীয় বুলি ভবাৰ সম্ভাৱনা কম। তেনে বন্ধুক শিক্ষাৰ প্রয়োজনীয়তাৰ বিষয়ে বুজোৱাটো সহজ নহ’ব। অৱশেষত ইয়েই তোমাক বঞ্চিত কৰিব বহু সুযোগৰ পৰা। তোমাৰ বন্ধুবৰ্গ কলেজৰ প্ৰতি, শিক্ষাৰ প্ৰতি আগ্ৰহী হ’লে, তুমিও এইক্ষেত্রত আগ্রহী হৈ পৰিবা। ই ভাল বন্ধুত্বৰ উপৰি কলেজীয়া জীৱনত সাফল্যও কঢ়িয়াই আনিব।
পাঠ্যক্রম বহির্ভূত:
পাঠ্যক্ৰমৰ বাহিৰৰ বিষয়ত অংশগ্ৰহণৰ জৰিয়তে তুমি কলেজৰ বাবে নিজকে প্রস্তুত কৰিব পাৰিবা। কিন্তু এইক্ষেত্রত প্রথমে তুমি ভাবিব লাগিব, তোমাৰ লক্ষ্য আৰু আকাংক্ষাৰ ক্ষেত্ৰত ই কিদৰে সহায়ক হ’ব পাৰে। কলেজৰ বাবে নিজকে প্রস্তুত কৰিবলৈও এই বিষয়সমূহৰ প্ৰয়োজনীয়তা অধিক। অৱশ্যে এইক্ষেত্ৰত তোমাৰ নিজৰ পছন্দই হ’ব সৰ্বশেষ কথা।
(হাইস্কুলীয়া জীৱন সমাপ্ত কৰি এক নতুন পৰিৱেশৰ মাজত কলেজীয়া জীৱনত প্ৰৱেশ কৰিবলৈ লোৱা ছাত্ৰ-ছাত্ৰীসকলক বিভিন্নধৰণে সহায় কৰিবলৈ আমেৰিকাৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে Upward Bound Project। এই প্রকল্পৰ অধীনতে এই পৰামৰ্শসমূহ আগবঢ়োৱা হৈছে।)
