||ডঃ অনুপম শইকীয়া||
ছাত্রাবস্থাত আমি সাত বছৰ কাল ইংলেণ্ডত আৰু তাৰ পৰৱর্তী পর্যায়ৰ কর্মজীবনত ফ্রান্সত এবছৰ আৰু কানাডাত আঢ়ৈ বছৰ কাল অতিবাহিত কৰিছিলোঁ। তদুপৰি আমেৰিকা যুক্তৰাষ্ট্র, ইটালী আৰু স্পেইনতো এমাহকৈ কটোৱাৰ অভিজ্ঞতা হৈছিল। সেই সময়ছোৱাত পাশ্চাতাৰ যুৱ জীবন, বিশেষকৈ ছাত্র জীবন ওচৰৰ পৰা লক্ষ্য কৰাৰ সুযোগ পাইছিলোঁ। মূলতঃ সেই পর্যবেক্ষণৰ ওপৰত ভিত্তি কৰিয়েই আজি ইয়াত পশ্চিমীয়া যুব সমাজৰ বিষয়ে লিখিবলৈ লৈছোঁ। ইয়াত লিখা কথাবোৰ আমাৰ নিজা দৃষ্টিভংগীৰ ওপৰতো বহু পৰিমাণে নির্ভৰশীল।
পশ্চিমীয়া সমাজৰ সন্দৰ্ভত আমাৰ সমাজত সচৰাচৰ দুই ধৰণৰ মতামত দেখা যায়। এচামে পশ্চিমীয়া সমাজৰ সকলো দিশেই ভাল দেখে, আৰু বহুক্ষেত্রত অন্ধ অনুকৰণো কৰিবলৈ আগবাঢ়ে। পশ্চিমীয়া চাল-চলনত চলিব পৰাটো, ইংৰাজী গান শুনিব পৰাটো বা তাৰ তালে-তালে নাচিব পৰাটো তেওঁলোকৰ বাবে এক গৌৰৱৰ বিষয়েই হৈ পৰে। ইয়াৰ বিপৰীতে আন এচামে আকৌ পশ্চিমীয়া সভ্যতাৰ নামেই শুনিব নিবিচাৰে। পশ্চিমীয়া ধাৰণাই আমাৰ সমাজ কেৱল কলুষিত কৰা বুলিহে এইসকলে ভাবে। আমাৰ সমাজৰ মূল্যবোধৰ অবক্ষয়, সাহিত্য-সংস্কৃতিৰ অধোগতি আদিৰ বাবে পশ্চিমীয়া সভ্যতাক জগৰীয়া কৰা হয়। এই দুয়োটা extreme মতামতেই আমাৰ সমাজৰ ক্ষতিহে কৰিব পাৰে। পশ্চিমীয়া সমাজ ত্রুটিৰ ঊর্ধ্বত নহয়। তেওঁলোকৰ সমাজত বহুত কথাই আছে যিবোৰ আমাৰ বাবে মুঠেই অনুকৰণীয় নহয়। পশ্চিমীয়া সমাজৰ বহুতো কথাৰ প্ৰাসংগিকতাই আমাৰ সমাজত নাই। আনহাতে এইটোও অনস্বীকার্য যে নৱন্যাস (renaissance)ৰ পাছৰে পৰা মানব-সভ্যতালৈ বেছিভাগ অৱদানেই পশ্চিমীয়া সমাজৰপৰাই আহিছে। আনকি জাপানৰ দৰে দেশে আগবঢ়োৱা অৱদানো পশ্চিমীয়া সভ্যতাৰ দ্বাৰাই প্রভাবিত, পশ্চিমীয়া চিন্তাপ্রণালীৰ ওপৰতে প্রতিষ্ঠিত। গতিকে পশ্চিমীয়া সমাজৰপৰা শিকিবলগীয়া নিশ্চয় আমাৰ বহুখিনিয়েই আছে। পশ্চিমীয়া সমাজৰ বাহ্যিক বেহ-ৰূপবোৰ অনুকৰণ কৰাতকৈও তেওঁলোকৰ সাফল্যৰ আঁৰত কেনেবোৰ কথা আছে তাক চালি-জাৰি চোৱাৰহে বেছি প্রয়োজন আছে। যিকোনো সমাজৰে ভৱিষ্যৎ যুৱ সমাজৰ ওপৰতে নিৰ্ভৰ। নৱন্যাসৰ সময়ত হোৱা অগ্ৰগতিৰ ধাৰাবাহিকতা পশ্চিমীয়া সমাজে এতিয়ালৈকে যে বজাই ৰাখিব পাৰিছে, পুৰুষানুক্রমে তেওঁলোকৰ যুৱ সমাজে তাৰ বহুখিনি কৃতিত্ব দাবী কৰিব পাৰে। গতিকে পশ্চিমীয়া যুৱ সমাজৰ দৃষ্টিভংগী, চিন্তা-চৰ্চাৰ ধৰণ আমি পুংখানুপুংখভাৱে চালেও তেওঁলোকৰ সফলতাৰ আঁৰৰ কিছু কথাৰ সন্ধান আমি পাব পাৰোঁ। ইয়াত আমি তাকেই কৰাৰ প্রয়াস কৰিছোঁ।
পশ্চিমীয়া সমাজত ল’ৰা-ছোৱালীবোৰ তুলনামূলকভাবে কম বয়সতে পূৰঠ হয়। ভুলেই হওক বা শুদ্ধই হওক, প্ৰায়বোৰ বিষয়তে তেওঁলোকৰ এটা সুস্পষ্ট মতামত থাকেই।
তেওঁলোকে দেখিছোঁ সৰুৰেপৰাই স্বাৱলম্বী হ’বলৈহে বিচাৰে। ব্যক্তিগত জীৱনৰ সিদ্ধান্তবোৰত তেওঁলোকে নিজৰ চিন্তাৰেহে পৰিচালিত হোৱা দেখা যায়। আনৰ চিন্তাৰে পৰিচালিত হ’বলৈ তেওঁলোকে সমূলি নিবিচাৰে।
বহুতে আনকি মাক-দেউতাকৰ সহায়-পৰামৰ্শও নিবিচাৰে। তেনে এটা বয়সৰ পৰাই তেওঁলোকৰ জীৱনৰ সমস্যাবোৰ তেওঁলোকে নিজ বলেৰে সমাধা কৰিবলৈহে ভাল পায়। আনকি আর্থিক সমস্যাতো বহুতেই মাক-দেউতাকৰ শৰণাপন্ন হ’ব নিবিচাৰে। সেইফালৰপৰা চাবলৈ গ’লে তেওঁলোকৰ আত্মসম্মানবোধ বেছি। আনকি বহুতো ধনী ঘৰৰ ল’ৰা-ছোৱালীয়েও দেখিছোঁ নিজে অৰ্জা হাতখৰচৰেহে চলিবলৈ গৌৰৱবোধ কৰে। আমাৰ সমাজত পৰিয়াল আৰু টিউটৰৰ ওপৰত বহু বেছি নিৰ্ভৰ কৰা নহয়নে?
পশ্চিমীয়া যুৱ সমাজৰ সাহ আৰু আত্মপ্রত্যয়ে আমাক খুবেই আকৃষ্ট কৰে। তেওঁলোকে নিজে ভাল পোৱা বিষয়টো অধ্যয়ন কৰিবলৈ বা মনে বিচৰা কামটো কৰিবলৈ যথেষ্টখিনি ৰিস্ক ল’বলৈ সাজু থাকে। ছাত্ৰাৱস্থাত আমি দেখিছোঁ বহুতো সহপাঠীয়ে নিৰাপদ পথটো হেলাৰঙে এৰি দি নিজৰ প্রিয় অথচ অনিশ্চয়তাপূর্ণ পথটোহে বাচি লৈছে। তেওঁলোকৰ এই enterprising spirit টোৰ শলাগ নলৈ নোৱাৰি। গতানুগতিকতাৰ ব্যতিক্রম হ’বলৈ তেওঁলোকে অলপো দ্বিধা নকৰে। তিনি বছৰ গণিত অধ্যয়ন কৰাৰ পাছত দৰ্শনৰ ছাত্ৰ হোৱা বা ইঞ্জিনীয়াৰিং ডিগ্রী এটা লোৱাৰ মাজতে তাক এৰি গণিতৰ ছাত্ৰ হোৱা আদি ঘটনাবোৰ বিদেশৰ বিশ্ববিদ্যালয়বোৰত সঘনে দেখা যায়। নিৰাপত্তাৰ বাবেই বেয়া পোৱা কাম এটা গোটেই জীবন কিয়, কেইটামান বছৰো কৰাৰ মানসতা তেওঁলোকৰ নাই যেন বোধ হয়।
পশ্চিমীয়া যুৱ সমাজৰ বৌদ্ধিক সাহসো শলাগনীয়। খ্যাতিমান ব্যক্তি এজনে ক’লে বুলিয়েই কথা এটা ধ্রুব সত্য হ’ব বুলি তেওঁলোকে গণ্য নকৰে। প্রতিষ্ঠিত লোকৰ মতামতৰ প্ৰতিও তেওঁলোকে সমালোচনাৰ দৃষ্টি নিক্ষেপ কৰে বা একপ্রকাৰ ‘বৌদ্ধিক অসন্মান’ দেখুৱায়, যিটো খুবেই ন্যায়সংগত বুলি আমাৰ ধাৰণা হয়। আমাৰ সমাজ অতি সহজেই প্রশংসাত গদ্গ হৈ পৰা স’ততে দেখা যায়। পশ্চিমীয়া সমাজে পঞ্চমুখে প্রশংসা কাচিৎহে কৰা দেখা যায়। আমাৰো ধাৰণা যে অসমীয়া সমাজে কেনেদৰে প্রশংসা কৰিব লাগে নাজানে। সচৰাচৰ প্ৰয়োজনতকৈ অধিক প্রশংসা কৰে, আৰু সেয়াও প্রকৃততে বাহ্যিকভাৱেহে কৰে, বা সাময়িক ঢৌত কৰে, আন সকলোৱে কৰা দেখিলেও কৰে।
পাশ্চাত্যত কৈশোৰৰপৰাই আনৰ মতামতক কমকৈ সমীহ কৰিবলৈ লোৱা হয়। আনে কি ভাবিছে তাকে লৈ মূৰ নঘমাই তেওঁলোকে নিজে কি ভাবিছে তাতহে ক্রমান্বয়ে গুৰুত্ব দিবলৈ শিকে। এইদৰে তেওঁলোকৰ চিন্তা-শক্তিৰো বিকাশ হয়। সেয়ে তাৰ সমাজত নিতে নতুন নতুন ভাবৰ সঞ্চাৰ হয়, আৰু উঠি অহা চামেই সেই নতুন দৃষ্টিভংগীৰ বাহক হয়। আমাৰ সমাজত বহুতো কামৰে আঁৰত গভীৰ চিন্তাতকৈ আনে কি বুলি ক’ব সেই ভাবটোৰহে প্রাধান্য বেছি। সোঁতৰ বিপৰীতে সাঁতুৰিবলৈ সাহস নথকাৰ বাবেও আমাৰ সমাজত নতুন নতুন চিন্তা-ধাৰণাই সহজে পোখা মেলিব নোৱাৰে।
উন্নত দেশৰ যুৱসমাজৰ অধিকাংশৰে বাকপটুতা উল্লেখনীয়। নিজৰ চিন্তা-ভাবনা তেওঁলোকে বিনাদ্বিধাই প্রকাশ কৰে। নিজকে দমাই, চেপি-খুন্দি ৰাখি তেওঁলোকে নিজৰ ভৰিতে কুঠাৰ নামাৰে। এই নিসংকোচ মনোভাবে তেওঁলোকৰ জীৱনটোকো কিছুমান অনাৱশ্যক জটিলতাৰ পৰা মুক্ত কৰে। উচ্চ শিক্ষাৰ সময়ত আৰু ভৱিষ্যৎ কর্মজীৱনতো এনে মনোবৃত্তি তেওঁলোকৰ খুবেই সহায়ক হয়।
২০০৫
